Back

ⓘ ভাৰতীয় সাহিত্য - সাহিত্য অকাডেমি, সাহিত্য অকাডেমি বঁটা, অসমীয়া সাহিত্য, অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল, য়েছে দৰজে ঠংচি, অজিৎ বৰুৱা ..



                                               

সাহিত্য অকাডেমি

সাহিত্য অকাডেমি হৈছে ভাৰতীয় সাহিত্যৰ উন্নয়ন আৰু সমন্বয় সাধনৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা অনুষ্ঠান। স্বাধীনতাৰ পূৰ্বেই সাহিত্যৰ উন্নয়নৰ বাবে এক ৰাষ্ট্ৰীয় সংস্থা গঠনৰ চিন্তাগ-চৰ্চা চলি আছিল যদিও ১৯৫২ চনতহে চৰকাৰে সাহিত্য অকাডেমি গঠন কৰাৰ সিদ্ধান্ত লয় আৰু ১৯৫৪ চনৰ ১২ মাৰ্চ তাৰিখে আনুষ্ঠানিক ভাবে উদ্ঘাটন কৰে। যি প্ৰস্থাৱৰ দ্বাৰা চৰকাৰে অনুষ্ঠানটো গঠন কৰাৰ সিদ্ধান্ত লৈছিল, তাত সাহিত্য অকাডেমিৰ গঠনৰ উদ্দেশ্য সম্পৰ্কে এনেদৰে বৰ্ণনা কৰা হৈছিল, ভাৰতীয় সাহিত্যৰ সক্ৰিয় বিকাশৰ বাবে কাম কৰা এক ৰাষ্ট্ৰীয় সংস্থা, যাৰ উদ্দেশ্য উচ্চ সাহিত্যিক মানদণ্ড প্ৰতিষ্টা কৰা, ভাৰতীয় ভাষাৰ সাহি ...

                                               

সাহিত্য অকাডেমি বঁটা

সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা। ভাৰতৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয়। ভাষাসমূহ হ’ল: অসমীয়া, ইংৰাজী, ওড়িয়া, কাশ্মিৰী, কোংকণী, কন্নড়, গুজৰাটী, চাঁওতালি, ডোগ্ৰী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী, বড়ো, মাৰাঠী, মালয়ালম, মণিপুৰী, মৈথিলী, ৰাজস্থানী, সংস্কৃত, সিন্ধী আৰু হিন্দী।

                                               

অসমীয়া সাহিত্য

অসমীয়া সাহিত্য ক লিখিত পৰম্পৰাৰ পৰিৱৰ্তনৰ দিশৰ পৰা লক্ষ্য কৰি কেইবাটাও ভাগত ভগাব পাৰি। যেনে- প্ৰাক্ বৈষ্ণৱ সাহিত্য পাঁচালী সাহিত্য চৰিত পুথি আৰু বংশাৱলী বুৰঞ্জী সাহিত্য আৰু আহোম যুগৰ সাহিত্য আধুনিক অসমীয়া সাহিত্য বৈষ্ণৱ সাহিত্য চৰ্যাপদ

                                               

অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল

অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা ২০১৮ চনলৈ মুঠ ৫৫ গৰাকী সাহিতিকে লাভ কৰিছে। এই বঁটা প্ৰদান কৰে ১৯৫৪ চনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ভাৰতীয় সাহিত্যৰ উন্নয়ন কল্পে গঠন কৰা সাহিত্য অকাডেমি নামৰ অনুষ্ঠানটোৱে। এই অনুষ্ঠানটোৱে ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমি বঁটা ১৩টা ভাষাৰ ১৩ গৰাকী সাহিত্যিকক প্ৰদান কৰিছিল। এই ১৩ গৰাকী সাহিত্যিকৰ ভিতৰত অসমীয়া ভাষাৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ নামো অন্তৰ্ভুক্ত হৈছিল। অসমীয়া ভাষাত ২০১৭ চনলৈ মুঠ ১৮ গৰাকী সাহিত্যকে উপন্যাসত, ১৩ গৰাকীয়ে কাব্যগ্ৰন্থত, ৯ গৰাকীয়ে চুটিগল্পত, ২ গৰাকীয়ে স্মৃতিকথা বিষয়ক গ্ৰন্থত, ১ গৰাকীয়ে জীৱনী গ্ৰন্থত আৰু ৭ গৰাকীয ...

                                               

য়েছে দৰজে ঠংচি

য়েছে দৰজে ঠংচি এগৰাকী বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ। ‘জোনবাই’ নামৰ কবিতা লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা ঠংচিয়ে স্কুলীয়া দিনৰে পৰা সাহিত্য-চৰ্চাত মনোনিবেশ কৰিছিল। প্ৰথমাৱস্থাত কবিতা আৰু নাটক ৰচনাতে নিজৰ সৃষ্টিক আবদ্ধ কৰি ৰাখিছিল যদিও পিছলৈ গল্প আৰু উপন্যাসলৈ তেওঁ সাহিত্য কৰ্মৰ প্ৰসাৰণ ঘটায়। তেওঁৰ ভালেমান গল্প ‘সংগম’, ‘মনোৰঞ্জন’, ‘প্ৰান্তিক’, ‘গৰীয়সী’ আদি আলোচনীৰ পাতত সিঁচৰতি হৈ আছে। তেওঁ মৌন ওঁঠ মুখৰ হৃদয় নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ভাষা ভাৰতী সাহিত্য পুৰস্কাৰ লাভ কৰে আৰু ‘পাপৰ পুখুৰী’ নামৰ গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা লাভ কৰে। ২০২০ চনত ভাৰত চৰকাৰে ...

                                               

নবেল বঁটা বিজয়ী ভাৰতীয়

নোবেল বঁটা প্ৰতি বছৰে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য, শান্তি আৰু অৰ্থনীতিত বিশেষ অৱদান আগবঢ়োৱাসকলক প্ৰদান কৰা হয়। কেইবাজনো ভাৰতীয়ই নোবেল বঁটা গ্ৰহণ কৰিছে।

                                               

বীৰেশ্বৰ বৰুৱা

বীৰেশ্বৰ বৰুৱা ইংৰাজী: Bireswar Baruah ; ১৯৩৩ - ২০১০ ৰামধেনু যুগৰ এজন প্ৰখ্যাত কবি আৰু সমালোচক। তেখেত একাধাৰে গল্পকাৰ, ঔপন্যাসিক, নিবন্ধকাৰ, শিশু-সাহিত্যিক আৰু অনুবাদক।

                                               

অসম শিশু সাহিত্য কোষ

অসম শিশু সাহিত্য কোষ হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত ৪১টা খণ্ডৰ শিশু সাহিত্য সম্পৰ্কীয় কোষ। মুখ্য সম্পাদক হিতেশ ডেকা আৰু সহকাৰী সম্পাদক দিগন্ত ওজা। সমগ্ৰ শিশু সাহিত্যৰ কোষৰ প্ৰকল্প তত্ত্বাবধায়ক প্ৰণৱ শইকীয়া আৰু প্ৰকল্প কাৰ্যবাহী জ্যোতি খাটনিয়াৰ। মুঠ ৪১টা খণ্ডৰ এই শিশু সাহিত্যৰ সংকলনসমূহৰ মূল্য হৈছে ৪১.০০০ টকা।

                                               

অজিৎ বৰুৱা

অজিৎ বৰুৱা এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী। প্ৰধানকৈ সাহিত্যিক হিচাপেই তেওঁ জনাজাত আছিল। একাধাৰে কবি, গীতিকাৰ, ঔপন্যাসিক, সমালোচক, অনুবাদক, ৰম্য ৰচনাকাৰ আদি হিচাপে তেওঁ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাইছিল। তেওঁক ‘জেংৰাই কবি’ অভিধাৰে জনা যায়। সামগ্ৰিকভাৱে অজিৎ বৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী যথাৰ্থ আধুনিকতাবাদী কবি হিচাপে অভিহিত কৰা হয়। কবি কুশল দত্তৰ মতে" অধ্যয়নৰ ব্যাপ্তি, বোধৰ সামুদায়িক দৃষ্টি, জগত আৰু জীৱনক বুজি উঠা আৰু তাক অতি ওখ খাপৰ শিল্পৰূপে স্থাপত্যসিদ্ধ কৰি তোলাৰ সাধনাই অজিৎ বৰুৱাৰ সৃষ্টিক একক আৰু অনন্যৰূপে অসমীয়া তথা ভাৰতীয় সাহিত্যত সুদ ...

                                               

নগেন শইকীয়া

নগেন শইকীয়া একাধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সমালোচক। মিত-ভাষ নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰে। তেখেতে অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিবেশন আৰু ১৯৯৮ চনৰ হাওৰাঘাট অধিবেশনত সভাপতিত্ব কৰিছিল।

                                               

হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা এগৰাকী কবি, চুটি গল্প লেখক আৰু কবিতাৰ সমালোচক। ছাত্ৰাৱস্থাৰ পৰাই কবিতা আৰু গল্প লিখাত মনোনিবেশ কৰা ডেকাই ৰামধেনু যুগতে নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছিল। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰেকৃষ্ণ ডেকাই অসম আৰক্ষীৰ মহাপ্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। সাহিত্য বিষয়ক আলোচনী গৰীয়সী আৰু ইংৰাজী দৈনিক কাকত দ্যা ছেণ্টিনেলৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। বৰ্তমানেও সাহিত্য জগতৰ লগত জড়িত হৈ আছে।

                                               

ৰেৱতী মোহন দত্তচৌধুৰী

ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। আশী আৰু নব্বৈৰ দশকত তেখেতে, তেখেতৰ জন্মস্থানক লৈ কিছুমান গল্প লিখিছিল। তেখেতে ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। তেওঁ শীলভদ্ৰই বহু গল্প-উপন্যাস হিন্দী, বঙালী আদি ভাষালৈ অনূদিত কৰে। ভাৰতীয় জ্ঞানপীঠে অনুুসন্ধান আৰু অপৰাজেয় উপন্যাস হিন্দীলৈ আৰু নেচনেল বুক ট্ৰাষ্টে অবিচ্ছিন্ন আৰু গধূলি উপন্যাস বঙালী আৰু হিন্দীলৈ অনুবাদ হৈছে।

                                               

কালিকা পুৰাণ

কালিকা পুৰাণ এখন হিন্দু ধাৰ্মিক গ্ৰন্থ। ইয়াক ১৮ খন উপপুৰাণৰ এখন বুলি গণ্য কৰা হয়। পুৰণি কাব্যখনত ৯৮টা পঠত ৯০০০টা পৰিচ্ছেদ আছে। কালী দেৱীৰ বিভিন্ন ৰূপ যেনে "গিৰিজা", "দেৱী", "ভদ্ৰকালী", "মহামায়া" আদিৰ স্তুতি কৰা এইখন একমাত্ৰ কাব্যশৃঙ্খল। এই গ্ৰন্থত কামৰূপ ৰাজ্যৰ পৰ্বত-পাহাৰৰ বৰ্ণনাৰ উপৰিও "কামাখ্যা" বা "কামাখ্যী" দেৱীৰ মন্দিৰৰ উল্লেখ আছে। ইয়াত কামাখ্যা দেৱীৰ মাহাত্ম্য প্ৰকাশ কৰাৰ লগতে পূজা-পাতলৰ নিয়মাৱলী সন্নিৱিষ্ট হৈছে। সেইবাবে এই গ্ৰন্থক হিন্দু ধৰ্মৰ "শাক্তপন্থী"সকলৰ দ্বাৰা ৰচিত বুলি অনুমান কৰা হয়। খুব সম্ভৱ কামৰূপ ৰাজ্যত ইয়াক ৰচনা কৰা হৈছিল। বিশেষকৈ শক্তি পূজাৰ ক্ষেত্ৰত কালিকা পুৰ ...

                                               

জ্ঞানপীঠ বঁটা

জ্ঞানপীঠ বঁটা ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্য টাইমচ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।

                                               

পদ্ম পুৰাণ

পদ্ম পুৰাণ ওঠৰখন পুৰাণৰ ভিতৰত অন্যতম। এই হিন্দু ধৰ্মগ্ৰন্থখনক গীতামাহাত্ম্য নামেৰেও জনা যায়। ই পাঁচটা অংশ আৰু প্ৰায় ৫৫,০০০ শ্লোকত বিভক্ত। পদ্ম পুৰাণক সাত্ব পুৰাণৰ শ্ৰেণীত ধৰা হয়।

                                               

বন্দে মাতৰম্‌

বন্দে মাতৰম্ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ১৮৮২ চনত ৰচিত আনন্দমঠ উপন্যাসৰ অন্তৰ্ভুক্ত এটি গীত। সংস্কৃত-বঙালী মিশ্ৰভাষাত লিখিত এই গীতটো দেৱী দুৰ্গাৰ বন্দনাগীত আৰু বঙ্গদেশৰ এটি জাতীয় মূৰ্তিকল্প। শ্ৰীঅৰবিন্দ বন্দে মাতৰম্ গীতটোক "বঙ্গদেশৰ জাতীয় সংগীত" বুলি উল্লেখ কৰে।ভাৰতৰ স্বাধীনতা আন্দোলনত এই গীতটোৱে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৮৯৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত সৰ্বপ্ৰথম ৰাজনৈতিক প্ৰেক্ষাপটত গোৱা হয় বন্দে মাতৰম্; উক্ত অধিবেশনত গীতটো পৰিবেশন কৰিছিল স্বয়ং ৰবীন্দ্ৰনাথ ঠাকুৰে। ১৯৫০ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে জনগণমন-অধিনায়ক জয় হে ভাৰতৰ জাতীয় সংগীতৰ মৰ্যাদা লাভ কৰাত বন্দে মাতৰ ...

                                               

মহাভাৰত

মহাভাৰত হৈছে প্ৰাচীন ভাৰতৰ দুই প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন । এই মহাকাব্য ইতিহাসৰ এক অংশ। কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু কৌৰৱ তথা পাণ্ডৱসকলৰ শেষ দশা বৰ্ণনাৰ উপৰিও মহাভাৰতত হিন্দু দৰ্শনৰ বহুতো তত্ত্ব বিষয়ক আলোচনা সন্নিবিষ্ট আছে, যেনে- জীৱনৰ চাৰি লক্ষ্য বা পুৰুষাৰ্থৰ বৰ্ণনা ১২.১৬১। এইবোৰ হৈছে ধৰ্ম সঠিক কাৰ্য্য, পুৰুষাৰ্থ উদ্দেশ্য, পুৰুষাৰ্থ সুখ আৰু মোক্ষ মুক্তি। মহাভাৰতৰ বিভিন্ন কাহিনীবোৰৰ ভিতৰত মদ্ভাগৱত গীতা, দময়ন্তীৰ কাহিনী, ৰামায়ণৰ সংক্ষিপ্ত ৰূপ আৰু ঋষ্যশৃংগ আদিক সুকীয়া কাব্য হিছাপে গণ্য কৰা হয়। মহাকবি ব্যাসক মহাভাৰতৰ লেখক বুলি অভিহিত কৰা হয়। ইয়াৰ ৰচনাৰ স্তৰ আৰু ইতিহাসৰ তথ্য উলিয়াবল ...

                                               

শ্ৰীমদ্ভগৱতগীতা

শ্ৰীমদ্ভাগৱতগীতা বা গীতা এখন ৭০০-শ্লোকৰ হিন্দু ধৰ্মগ্ৰন্থ। এখন প্ৰাচীন সংস্কৃত মহাকাব্য মহাভাৰতৰ এক অংশ। যদিওবা গীতা এখন স্বতন্ত্ৰ ধৰ্মগ্ৰন্থ তথাপিটো ই এখন পৃথক উপনিষদৰ মৰ্য্যদা পাইছে। গীতাক সেইবাবে গীতোপনিষদ বোলা হয়। অৰ্থাৎ গীতাখন হৈছে উপনিষদ বা বৈদান্তিক সাহিত্যৰ অন্তৰ্গত। হিন্দুসকলৰ গীতাত ভগৱানৰ মুখেৰে নিসৃত বাণীসমূহ লিপিবদ্ধ কৰা হৈছে। হিন্দু ধৰ্ম, দৰ্শন আৰু সাহিত্যৰ ইতিহাসত গীতা এক বিশেষ স্থানত অধিষ্ঠিত। গীতাৰ বক্তা শ্ৰীকৃষ্ণ হিন্দুসকলৰ দৃষ্টিত ভগৱান শ্ৰীবিষ্ণুৰ এক অৱতাৰ বুলি কোৱা হয়। সেয়েহে গীতাক ‘শ্ৰীভগৱান’ বুলিও নামকৰণ কৰা হৈছে। গীতাৰ বিষয়বস্তু হৈছে শ্ৰীকৃষ্ণ আৰু পাণ্ডৱ ৰাজকুমাৰ ...

                                               

ৰামায়ণ

ৰামায়ণ হৈছে এখন প্ৰাচীন সংস্কৃত মহাকাব্য। হিন্দু মহৰ্ষি বাল্মীকিয়ে ইয়াৰ ৰচনা কৰা বুলি বিশ্বাস কৰা হয়। ভাৰতৰ আনখন মহাকাব্য মহাভাৰতৰ লগতে ৰামায়ণকো ইতিহাসৰ অংশ হিচাপে গণ্য কৰা হয়। জীৱনৰ সম্বন্ধসমূহৰ বাবে কৰা কৰ্তব্যক কিছুমান আদৰ্শ চৰিত্ৰ যেনে- আদৰ্শ পিতৃ, আদৰ্শ ভ্ৰাতৃ, আদৰ্শ ভৃত্য, আদৰ্শ পত্নী, আদৰ্শ ৰজা আদিৰ মাজেৰে দাঙি ধৰা হৈছে। "ৰামায়ণ" নামটো "ৰাম" আৰু "অয়ন" যোৱা, গমণ কৰা শব্দৰ তৎপুৰুষ সন্ধিৰ পৰা হৈছে যাৰ অৰ্থ হ’ব "ৰামৰ যাত্ৰা"। ৰামায়ণত ২৪,০০০ শ্লোক ৭টা কাণ্ড আৰু ৫০০ সৰ্গত ভগোৱা হৈছে। ইয়াত ৰামৰ জীৱন কাহিনী আৰু তেওঁৰ পত্নী সীতাক লংকাৰ ৰাক্ষস ৰজা ৰাৱণএ হৰণ কৰাৰ পিছত হোৱা যুদ্ধৰ বৰ্ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →