Back

ⓘ ভূতত্ত্ব - জইণ্ট এড্‌মিছন টেষ্ট, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম ৰাজ্যিক সংগ্ৰহালয়, প্ৰাকৃতিক পৰিৱেশ, চাৰ্লছ ডাৰউইন, গঙ্গা নদী, ভোলানাথ বৰুৱা মহাবিদ্যালয়, শিল ..



                                               

জইণ্ট এড্‌মিছন টেষ্ট

জইণ্ট এডমিছন টেষ্ট হৈছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহ আৰু অন্যান্য প্ৰতিষ্ঠানসমূহত স্নাতকোত্তৰ আৰু অন্য স্নাতকোত্তৰ ডিগ্ৰী সম্বন্ধীয় পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰিবলৈ অনুষ্ঠিত কৰা এক পৰীক্ষা। আই টি সমূহে ২০০৪-০৫ চনৰ পৰা এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছিল। এই পৰীক্ষাৰ মুখ্য উদ্দেশ্য হৈছে বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী, স্নাতকোত্তৰ আৰু ডক্টৰেটৰ যুগ্ম ডিগ্ৰী আৰু অন্যান্য তেনেধৰণৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে শিক্ষাৰ্থীৰ নামভৰ্তিকৰণ। ২০১৪ চনত আই এছ চি বাংগালোৰেও জেমৰ নম্বৰৰ ভিত্তিত অখণ্ড ডক্টৰেট ডিগ্ৰী পাঠ্যক্ৰম আৰু আই টিত দুবছৰীয়া বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম, স্নাতকোত্তৰ আৰু ডক্টে ...

                                               

ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ পূব প্ৰান্তত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়। ১৯৬৫ চনত অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা এই বিশ্ববিদ্যালয় স্থাপিত হয়। অসমৰ উচ্চশিক্ষাৰ অন্যতম কেন্দ্ৰৰূপে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য আৰু প্ৰযুক্তিবিদ্যা বিষয়ক শিক্ষাদানৰ বাবে বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰৰ উপৰিও এখন "অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান" আছে। বৰ্তমান এই বিশ্ববিদ্যালয়ৰদ্বাৰা অনুমোদিত মুঠ মহাবিদ্যালয়ৰ সংখ্যা ১৬০। ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ মুঠ মাটিকালি হল ২০৩ হেক্টৰ; ইয়াৰে ৭৪.৩ হেক্টৰৰ এটা এলেকাত চাহখেতি কৰা হয়। এই বিশ্ববি ...

                                               

অসম ৰাজ্যিক সংগ্ৰহালয়

অসম ৰাজ্যিক সংগ্ৰহালয় হৈছে উত্তৰ-পূব ভাৰতৰ মুখ্য সংগ্ৰহালয়। অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটী মহানগৰৰ দীঘলীপুখুৰীৰ দক্ষিণত অৱস্থিত। অসম ৰাজ্যিক সংগ্ৰহালয়টো কামৰূপ অনুসন্ধান সমিতিয়ে স্থাপন কৰিছিল আৰু ১৯৪০ চনৰ ২১ এপ্ৰিলত তেতিয়াৰ অবিভক্ত অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট ৰেইডৰ দ্বাৰা মুকলি কৰা হৈছিল। অসম ৰাজ্যিক সংগ্ৰহালয় হৈছে ৰায় বাহাদুৰ কনকলাল বৰুৱাৰ মানস সন্তান। অসম ৰাজ্যিক সংগ্ৰহালয়টোৰ দ্বায়িত্ত্ব ১৯৫৩ চনত অসম চৰকাৰে লয় আৰু ইয়াক শৈক্ষিক বিভাগৰ সংগ্ৰহালয় আৰু পুৰাতত্ত্বৰ অধীনত ৰাখে। পি ডি চৌধুৰী আছিল সংগ্ৰহালয়টোৰ প্ৰথম সঞ্চালক। ১৯৮৩ চনৰ এই দুটা বিভাগ পৃথক কৰা হয়।

                                               

প্ৰাকৃতিক পৰিৱেশ

প্ৰাকৃতিক পৰিৱেশ বুলিলে পৃথিৱী বা ইয়াৰ কোনো এটা অঞ্চলৰ সমগ্ৰ জীৱ আৰু জড়সমূহক একেলগে বুজায়। ই সকলো জীৱিত প্ৰজাতিৰ এটা পাৰস্পৰিক ক্ৰিয়াৰ পৰিৱেশ। এই ধাৰণাটো কিছুমান মৌলৰ দ্বাৰা প্ৰকাশ কৰা হয়: সম্পূৰ্ণ পৰিস্থিতিক গোট যি মানুহৰ হস্তক্ষেপৰ অবিহনে সকলো উদ্ভিদ, অণুজীৱ, মাটি, শিল, বায়ুমণ্ডল আৰু সেই সীমাৰ ভিতৰত ঘটা সকলো প্ৰাকৃতিক পৰিঘটনাকে ধৰি, প্ৰাকৃতিক তন্ত্ৰ হিচাপে কাৰ্য কৰে। বিশ্বজনীন প্ৰাকৃতিক সম্পদ আৰু ভৌতিক পৰিঘটনা যিবোৰ কোনো সীমাৰ দ্বাৰা আবদ্ধ নহয়, যেনে বায়ু, পানী আৰু জলবায়ু, লগতে মানুহৰ কাৰ্যৰ পৰা উদ্ভৱ নোহোৱা শক্তি, তেজস্ক্ৰিয়তা, বৈদ্যুতিক আধান আৰু চুম্বকত্ব আদি। প্ৰাকৃতিক পৰিৱেশ ...

                                               

চাৰ্লছ ডাৰউইন

চাৰ্লছ ডাৰউইন আছিল এগৰাকী যুগান্তকাৰী প্ৰকৃতি আৰু উদ্ভিদ বিজ্ঞানী। তেখেতে নিজৰ আৱিষ্কাৰৰ যোগেদি মানৱ সমাজত খলকনি তোলাৰ লগতে সেই সময়ৰ বহু যুক্তিহীন ধ্যান-ধাৰণা ওফৰাবলৈ সক্ষম হৈছিল।

                                               

গঙ্গা নদী

গঙ্গা) ভাৰত আৰু বাংলাদেশত প্ৰবাহিত এখন আন্তৰ্জাতিক নদী। এই নদী ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদীও। গঙ্গাৰ দৈৰ্ঘ্য 2.525 km ; উৎসস্থল পশ্চিম হিমালয়ত ভাৰতৰ উত্তৰাখণ্ড ৰাজ্য। দক্ষিণ আৰু পূৰ্বে গাঙ্গেয় সমভূমি অঞ্চলৰ উপৰেদি প্ৰবাহিত হৈ গঙ্গা মিলিছে বঙ্গোপসাগৰত। জলপ্ৰবাহৰ ক্ষমতা অনুযায়ী গঙ্গা বিশ্বৰ প্ৰথম ২০খন নদীৰ এখন। গাঙ্গেয় অববাহিকাৰ জনসংখ্যা ৪০ কোটি আৰু জনঘনত্ব 1.000 জনবসতি প্ৰতি বৰ্গমাইল । এইটোৱেই বিশ্বৰ আটাইতকৈ জনবহুল নদী অববাহিকা। গঙ্গা হিন্দুসকলৰ বাবে পবিত্ৰ নদী। তেওঁলোকে এই নদীক দেৱীজ্ঞানেৰে পূজা কৰে। গঙ্গাৰ ঐতিহাসিক গুৰুত্বও অপৰিসীম; একাধিক পূৰ্বতন প্ৰাদেশিক আৰু সাম্ৰাজ্যিক ৰাজধানী ...

                                               

ভোলানাথ বৰুৱা মহাবিদ্যালয়

ভোলানাথ বৰুৱা মহাবিদ্যালয় বা চমুকৈ বি. বৰুৱা কলেজ হৈছে অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত এখনি অগ্ৰণী শিক্ষানুষ্ঠান। অসম তথা ভাৰতৰ প্ৰখ্যাত উদ্যোগী ভোলানাথ বৰুৱালৈ শ্ৰদ্ধা জনাই এইখনি শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল। ১৯৪৩ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত স্থাপিত হোৱা প্ৰতিষ্ঠানখনৰ প্ৰথমগৰাকী সভাপতি আৰু অধ্যক্ষ বৰদলৈয়েই আছিল। দ্বিতীয় মহাসমৰৰ সময়ত স্থাপিত হোৱা শিক্ষানুষ্ঠানখনৰ শ্ৰেণীসমূহ পোনপ্ৰথমে নিশাৰ সময়ত হৈছিল। শিক্ষানুষ্ঠানখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। NAAC-ৰ পৰা এ গ্ৰেডপ্ৰাপ্ত শিক্ষানুষ্ঠানখনৰ বৰ্তমানৰ অধ্যক্ষ হৈছে ড॰ সত্যেন্দ্ৰ নাথ বৰ্মন।

                                               

দীপৰ বিল

দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ই ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়। ইয়াৰ উপৰিও, বাৰ্ড লাইফ ইণ্টাৰনেচনেল -এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰিছে।

                                               

শান্তনু তামূলী

শান্তনু তামূলী অসমৰ এগৰাকী বিজ্ঞান লেখক, শিশু সাহিত্যিক আৰু আলোচনী সম্পাদক। তেখেত মৌচাক আৰু নতুন আৱিষ্কাৰ নামৰ দুখন শিশু আলোচনীৰ সম্পাদক। তেখেতৰ প্ৰকৃত নাম প্ৰমোদ চন্দ্ৰ তামূলী। শান্তনু তামূলী তেওঁৰ ছদ্মনামহে। তেখেতে অসমীয়া শিশু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ বৰ্ষৰ সাহিত্য অকাডেমিৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰে।

                                               

শিল

উৎপত্তি আৰু গঠন অনুসৰি শিলসমূহক তিনিটা প্ৰধান শ্ৰেণীত ভাগ কৰা হয়। ৰূপান্তৰিত শিল Metamorphic rock: আগ্নেয় শিলা অত্যধিক তাপ আৰু চাপড় পৰিবৰ্তিত হৈ যি নতুন শিলৰ গঠন কৰে তাকে ৰূপান্তৰিত শিল বোলে। যেনে: মাৰ্বল marble, শ্লেট slate আদি। গেদীয় শিল Sedimentary rock: আগ্নেয় বা ৰূপান্তৰিত শিল বিভিন্ন ভাৱে ক্ষয়ীপ্ৰাপ্ত হৈ নিম্নভূমিত গেদৰূপে সঞ্চিত আৰু জমা হৈ যি শিল তৈয়াৰী কৰে তাকে গেদীয় শিল বোলে। যেনে: বেলে পাথৰ sandstone, ছেল shale আদি। আগ্নেয় শিল Igneous rock: গলিত মেগমা বা লাভা ভূ-অভ্যন্তৰত নাইবা ভূ-পৃষ্ঠত ঠাণ্ডা হৈ গোটমাৰি যি শিল গঠন কৰে তাকে আগ্নেয় শিল বোলে। যেনে- বেছাল্ট, গ্ৰেনাইট, ছিয ...

                                               

মাউণ্ট ফুজি

মাউণ্ট ফুজি বা Mount Fuji, Mount Fuji 富士山, Fuji-san জাপানৰ সৰ্বোচ্চ পৰ্বত। ইয়াৰ উচ্চতা3.776 মিটাৰs 12.388 ফুট। লগতে ই এটা আগ্নেয়গিৰী। ই শ্বিজোকা আৰু য়ামানাশিৰ সীমাত অৱস্থিত। মাউণ্ট ফুজি জাপানৰ সাংস্কৃতিক চিহ্ন। ২০১৩ চনত ই জাপানৰ ১৩তম ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত পৰিণত হয়। ১৭০৭ৰ পৰা ১৭০৮ চনলৈ ই শেষৰ বাৰৰ বাবে উদ্গীৰিত হৈছিল।

                                               

মাউণ্ট কিলিমাঞ্জাৰ

মাউণ্ট কিলিমাঞ্জাৰ, টাঞ্জানিয়াৰ কিলিমাঞ্জাৰ ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত এটা সুপ্ত আগ্নেয়গিৰি ৷ ইয়াৰ তিনিটা মূখ্য গিৰিশৃংগ আছে- কিব, মাৱেঞ্জি, আৰু শ্বিৰা ৷ ই আফ্ৰিকাৰ সৰ্ব্বোচ্চ পৰ্বত৷ ইয়াৰ কিব শৃংগৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৫,৮৯৫ মিটাৰ৷

                                               

চ্যুতি (ভূতাত্ত্বিক)

চ্যুতি হৈছে শিলৰ ফলকত হোৱা ফাঁট য’ত ফাঁট মেলা সমতলৰ সমান্তৰালভাৱে ফলক দুখনৰ আপেক্ষিক স্নানান্তৰ ঘটে। চ্যুতিসমূহ ভূমিকম্পৰ সৃষ্টিৰ এক উৎস। চ্যুতিৰ ফাঁট মেলা পৃষ্ঠতলখনক চ্যুতি-সমতল বোলা হয়। চ্যুতি-সমতলে ভূ-পৃষ্ঠতলক যিডাল ৰেখাত ছেদ কৰে সেইডালক চ্যুতি-ৰেখা বোলা হয়।

                                               

টেক্‌টনিক প্লেট

টেক্‌টনিক প্লেট হৈছে এটা বৈজ্ঞানিক সূত্ৰ যাৰ দ্বাৰা প্ৰায় ৩.৩ৰ পৰা ৩.৫ বিলিয়ন বছৰ আগতেই আৰম্ভ হোৱা পৃথিৱীৰ শিলাস্তৰত থকা সাতখন বৃহৎ আৰু অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ফলকৰ হোৱা এক বৃহৎ পৰিসৰৰ সঞ্চালনৰ ব্যাখ্যা আগবঢ়াই। লিথোস্ফিয়াৰ, হৈছে এটা গ্ৰহৰ আটাইতকৈ কঠিন বাহিৰৰ খোলা ভূত্বক আৰু ওপৰৰ মেণ্টেল। পৃথিৱীৰ লিথোস্ফিয়াৰ সাত বা আঠটা মুখ্য টেকটনিক ফলক বা প্লেট আৰু বহুতো সৰু প্লেটৰে গঠিত। যত প্লেটবোৰ লগ লাগিছে, সেইবোৰৰ সীমা বা ফাট বৰ গুৰুত্বপূৰ্ণ। এই প্লেটৰ সীমাৰ বা ত্ৰুটি বা ফাটচলাচলৰ সৈতে ভূমিকম্প, আগ্নেয়গিৰিৰ কাৰ্যকলাপ, পৰ্বত নিৰ্মাণ, আৰু মহাসাগৰীয় খাদ গঠন হয়। প্লেটবোৰৰ আপেক্ষিক চলাচল সাধাৰণতে ব ...

                                               

মেঘালয় যুগ

ভূতাত্ত্বিক সময়ৰ মাপনী বা স্কেলৰ শেহতীয়া যুগটোৱেই হৈছে মেঘালয় যুগ। ই হৈছে চতুৰ্থ কল্পৰ উচ্চতম স্তৰ। মেঘালয় যুগ আজিৰ পৰা প্ৰায় ৪২০০ বছৰৰ আগতে আৰম্ভ হৈছিলে। আন্তৰ্জাতিক স্তৰবিজ্ঞান কমিছনে ২০১৮ চনৰ জুলাই মাহত মেঘালয় যুগটোক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিলে।

বিচূৰ্ণীভৱন
                                               

বিচূৰ্ণীভৱন

বিচূৰ্ণীভৱন হৈছে ভূ-পৃষ্ঠৰ শিলাসমূহ নিজ স্থানতে প্ৰাকৃতিক আৰু মানৱ প্ৰভাৱিত প্ৰক্ৰিয়াৰ দ্বাৰা খণ্ড-বিখণ্ড হোৱা কাৰ্য। এই প্ৰক্ৰিয়াত কোনো বাহক কাৰ্য জড়িত নাথাকে। উদ্ভিদ, প্ৰাণী আৰু মানুহৰ দ্বাৰা সংঘটিত হোৱা বিচূৰ্ণীভৱনক জৈৱিক বিচূৰ্ণীভৱন বোলে।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →