Back

ⓘ বিশ্বব্ৰহ্মাণ্ড - বিশ্বব্ৰহ্মাণ্ড, সোণ, বিষ্ণু, আদি পৰাশক্তি, মহাদেৱী, কুষ্মাণ্ডা, নিকলাচ কপাৰ্নিকাচ, ভগৱান, সাধাৰণ আপেক্ষিকতাবাদ, এৰিষ্টটল, কাৰ্ল মাৰ্ক্স ..



                                               

বিশ্বব্ৰহ্মাণ্ড

বিশ্বব্ৰহ্মাণ্ড হৈছে স্থান আৰু কাল সম্বন্ধীয় সমস্ত বিষয়। পৃথিবী আৰু অন্যান্য সমস্ত গ্ৰহ, সূৰ্য তথা অন্যান্য তৰা আৰু নক্ষত্ৰ, জ্যোতিৰ্বলয়স্থ স্থান আৰু তাৰ অন্তৰ্বৰ্তীস্থ গুপ্ত পদাৰ্থ, লেম্‌ডা-ছিডিএম নক্সা, তমোশক্তি আৰু শূন্যস্থান - যিবোৰ এতিয়াও তাত্ত্বিকভাৱে জ্ঞাত কিন্তু সঠিককৈ পৰ্যবেক্ষিত নহয় - এই ধৰণৰ সকলো পদাৰ্থ আৰু শক্তি লগলাগি যি জগত তাকেই মহাবিশ্ব বা বিশ্বব্ৰহ্মাণ্ড বোলা হয়। বৰ্তমানলৈকে পৰ্যবেক্ষণ-লব্ধ মহাবিশ্বৰ ব্যাস প্ৰায় ২৮ বিলিয়ন পাৰছেক । সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ আকাৰ অজানা হলেও ইয়াৰ উপাদান আৰু সৃষ্টিধাৰা সম্পৰ্কে বহুতো তত্ত্ব বিদ্যমান। মহাবিশ্বৰ উৎপত্তি সংক্ৰান্ত বিষয়ক ...

                                               

সোণ

সোণ হৈছে এক ৰাসায়নিক মৌল, ইয়াৰ ৰাসায়নিক সংকেত Au আৰু আনৱিক সংখ্যা হৈছে ৭৯। বিশুদ্ধ সোণৰ বৰণ উজ্বল হালধীয়া, এক প্ৰকাৰৰ কোমল ধাতু। ৰাসায়নিকভাৱে ই ১১ নং গোটৰ মৌল আৰু অনুকল্প ধাতু। ই এক প্ৰকাৰৰ সীমিত বিক্ৰিয়ণশীল মৌল, আৰু ই মান অৱস্থাত কঠিন ৰূপত থাকে। সেইবাবে ইয়াক শিল, ভেইন অথবা ৰাসায়নিক অধঃক্ষেপত নাগেট হিচাপে মুক্ত ৰূপত পোৱা যায়। ইয়াক ৰূপৰ কঠিন দ্ৰৱ হিচাপে, আৰু তাম আৰু পেলেডিয়ামৰ প্ৰাকৃতিক সংকৰ হিচাপেও পোৱা যায়। কেতিয়াবা সোণ আৰু টেলুৰিয়ামৰ মিশ্ৰ গল্ড টেলুৰাইড হিচাপেও পোৱা যায়। সোণ হৈছে বিশ্বব্ৰহ্মাণ্ড প্ৰাকৃতিকভাৱে উপলব্ধ এক প্ৰকাৰৰ উচ্চ আনৱিক সংখ্যা বিশিষ্ট মৌল। ই চুপাৰনভা নিউক ...

                                               

বিষ্ণু

বিষ্ণু হিন্দু বৈষ্ণব সম্প্ৰদায়ৰ সৰ্বোচ্চ দেৱতা। আদি শংকৰ প্ৰমুখ্যে বিদগদ্ধ পণ্ডিতসকলৰ মতে, বিষ্ণু ঈশ্বৰৰ এটা প্ৰধান ৰূপ। আৰু তৈত্তিৰীয় শাখা আৰু ভগবদ গীতা আদি শ্ৰুতিশাস্ত্ৰবোৰত তেওঁক সৰ্বোচ্চ ঈশ্বৰৰ মৰ্য্যদা দিয়া হৈছে। বিষ্ণু সহস্ৰনামত বিষ্ণুক পৰমাত্মা আৰু পৰমেশ্বৰ বুলি ঘোষণা কৰা হৈছে। এই গ্ৰন্থত তেওঁক সৰ্ব জীৱ আৰু সৰ্ববস্তুত ব্যাপি থকা সত্তা; অতীত, বৰ্তমান আৰু ভৱিষ্যত তথা অনাদি অনন্ত সময়ৰ প্ৰভু; সকলো অস্তিত্বৰ স্ৰষ্টা আৰু ধ্বংসকাৰী; বিশ্বচৰাচৰৰ ধাৰক, পোষক আৰু শাসক আৰু বিশ্বৰ সকল বস্তুৰ উৎসপুৰুষ হিচাপে বৰ্ণনা কৰা হৈছে। পুৰাণৰ বিৱৰণ অনুসাৰে বিষ্ণুৰ গাৰ বৰণ ঘনমেঘৰ ন্যায় নীল ঘনশ্যাম; তিনি ...

                                               

আদি পৰাশক্তি

আদি পৰাশক্তি ক হিন্দু ধৰ্মৰ শক্তিপ্ৰথাৰ সৰ্বোচ্চ সত্ত্বা হিচাপে গণ্য কৰা হয়। তেওঁ পৰমশক্তি, আদিশক্তি, মহাশক্তি, মহাদেৱী, মহাগৌৰী, মহাকালী, শ্যামাশক্তি আদি নামেৰেও প্ৰখ্যাত। শাক্ত সাহিত্য অনুসৰি পৰম মানে হৈছে চূড়ান্ত আৰু সত্য মানে সঁচা। দেৱী ভাগৱত পুৰাণৰ মতে আদি পৰাশক্তি হৈছে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, পালন আৰু ধ্বংসকাৰী দেৱী।

                                               

মহাদেৱী

হিন্দু ধৰ্মত, মহাদেৱী বা "মহান দেৱী" হৈছে আন সকলো দেৱীৰ মহান দেৱী। তেওঁ শাক্তধৰ্মত দেৱাদিদেৱ মহাদেৱৰ সহধৰ্মী। তেওঁএক নিৰ্দিষ্ট দেৱী হিচাপে চিনাক্ত কৰা হৈছে, যাৰ মাজত আটাইতকৈ প্ৰচলিতবোৰ হ’ল ক্ৰমে পাৰ্বতী, মহালক্ষ্মী বা ত্ৰিদেৱী। মহান দেৱতা ত্ৰিদেৱী হিচাপে হৈছে সকলো শক্তি যি বিশ্বব্ৰহ্মাণ্ডক সৃষ্টি, সংৰক্ষণ আৰু ধ্বংস কৰে। ব্ৰহ্মবিদ্যা মতে, তেওঁ সৰ্বোচ্চ বুদ্ধিমত্তা। মহাদেৱী হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আত্মা বা স্বয়ং বিশ্বব্ৰহ্মাণ্ড। তেওঁ হৈছে ধন, জ্ঞান, ক্ষমা, শান্তি, বিশ্বাস, ধৈৰ্য্য, খ্যাতি, নম্ৰতা আৰু দয়াৰ উৎস। পুৰাণত তেওঁক নিৰ্গুণ মহেশ্বৰী দেৱী মহেশ্বৰৰ পত্নী পাৰ্বতী বুলি উল্লেখ কৰা হৈছে, যা ...

                                               

কুষ্মাণ্ডা

​ কুষ্মাণ্ডা হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী। তেওঁৰ মিচিকিয়া হাঁ‌হিৰপৰাই জগতৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। কালীকুল প্ৰথাৰ অনুগামীসকলে তেওঁক দুৰ্গাৰ চতুৰ্থ ৰূপ হিচাপে গণ্য কৰে। কু, উষ্ম আৰু অণ্ড - এই তিনিটা শব্দৰে তেওঁৰ নামটো গঠিত হৈছে যাৰ অৰ্থ হল যথাক্ৰমে সামান্য উষ্ম অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড। ​ নৱৰাত্ৰিৰ চতুৰ্থ দিনটোত কুষ্মাণ্ডাৰ আৰাধনা কৰা হয়। তেওঁ স্বাস্থ্য, সম্পত্তি আৰু শক্তি বৃদ্ধি কৰে বুলি বিশ্বাস আছে। আঠখন হাত থকাৰ বাবে দেৱী কুষ্মাণ্ডা অষ্টভূজা দেৱী বুলিও আখ্যা দিয়া হয়। তেওঁৰ জপমালাত সকলো সিদ্ধি আৰু নিধি প্ৰদানৰ শক্তি আছে বুলি কোৱা হয়। ​ কুষ্মাণ্ডাই কোমোৰাৰ বলি গ্ৰহণ কৰে। ​

                                               

নিকলাচ কপাৰ্নিকাচ

নিকলাচ কপাৰ্নিকাচ এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানী। তেওঁ নৱজাগৰণ যুগৰ এজন সুবিখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ সৃষ্টি কৰা ধাৰণা অনুসৰি সূৰ্যই নহয়, বৰং পৃথিৱী আৰু অন্যান্য গ্ৰহবিলাকহে সূৰ্যৰ চাৰিওফালে বৃত্তাকাৰে ঘূৰে, এই তত্ত্বৰ দ্বাৰা তেওঁ সৌৰজগত সম্বন্ধীয় পূৰ্বৰ ভ্ৰান্ত ধাৰণা কিছুমান প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল আৰু গ্ৰহ-নক্ষত্ৰৰ গতি সম্পৰ্কে এক নতুন ধাৰাৰ প্ৰৱৰ্তন কৰিবলৈ সমৰ্থৱান হৈছিল। ১৫৪৩ চনত কপাৰ্নিকাচ মৃত্যুৰ পূৰ্বে, তেওঁৰ দ্বাৰা লিখিত গ্ৰন্থ জ্যোতিষ্কবিলাকৰ প্ৰদক্ষিণৰ বিষয়ে De revolutionibus orbium coelestium-ৰ প্ৰকাশ হৈছিল-যি আছিল বিজ্ঞানৰ ইতিহাসত এক চিৰস্মৰণীয় ক্ষণ। এই ...

                                               

ভগৱান

একেশ্বৰবাদৰ মতে, ভগৱান হৈছে অতি মানৱ আৰু বিশ্বাসৰ মূল বিষয়। সৰ্বেশ্বৰবাদত ইশ্বৰৰ ধাৰণাক সৰ্বজ্ঞ, সৰ্ব শক্তিমান, সৰ্বত্ৰ বিৰাজমান, স্বৰ্গীয় সৰলতাযুক্ত, আৰু এটা নিয়ন্ত্ৰণকাৰী আৰু প্ৰয়োজনীয় অস্তিত্ব বুলি ব্যাখ্যা কৰে। বহুতে ভগৱানক সৰ্ব গুণাকৰ, আৰু সৰ্ব প্ৰেমী বুলিও বৰ্ণনা কৰে। ভগৱানৰ প্ৰায়ে শৰীৰ বিহীন, আৰু যিকোনো মানৱীয় জৈৱিক লিংগহীন বুলি গণ্য কৰা হয়, তথাপিও প্ৰত্যক্ষভাৱে ভগৱানে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰা ধাৰণা অনুসৰি বহুতো ধৰ্মত ভগৱানক উভয় লিংগবাচক নামেৰে হিচাপে বৰ্ণনা কৰা হয়, যেনে "তেওঁ" বা "পিতা" আদি। ইয়াৰোপৰি, কিছুমান ধৰ্মত ভগৱানক কেৱল এটা বিশুদ্ধ ব্যায়াকৰণিক ভগৱান "লিংগ" হিচ ...

                                               

সাধাৰণ আপেক্ষিকতাবাদ

সাধাৰণ আপেক্ষিকতাবাদ ১৯১৫ চনত এলবাৰ্ট আইনষ্টাইনে দাঙি ধৰা মহাকৰ্ষণৰ জ্যামিতিক তত্ত্ব। আধুনিক পদাৰ্থবিজ্ঞানত এই তত্ত্বৰ সহায়তে মহাকৰ্ষণৰ ব্যাখ্যা আগবঢ়োৱা হৈছে। ই আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদ তত্ত্বৰ সাধাৰণীকৰণ ৰূপ। ই পূৰ্বৰ নিউটনীয় বিশ্বজনীন মহাকৰ্ষণ তত্ত্বক চেৰাই গৈ স্থান আৰু সময়ৰ জ্যামিতিক ধৰ্ম ব্যৱহাৰ কৰি মহাকৰ্ষণ বলৰ এটা একক আৰু অভিনৱ ব্যাখ্যা আগবঢ়াইছে। এইক্ষেত্ৰত স্থান আৰু সময়ক একেলগে স্থানকাল বুলি কোৱা হয়। স্থানকালৰ বক্ৰতাৰ লগত যিকোনো বস্তু আৰু বিকিৰণৰ শক্তি আৰু ভৰবেগ পোনপটীয়াকৈ জড়িত হৈ আছে। এই সম্পৰ্কটো আইষ্টাইনৰ ক্ষেত্ৰ সমীকৰণৰ দ্বাৰা প্ৰকাশ কৰা হয়, যিটো কেইটামান আংশিক অ ...

                                               

এৰিষ্টটল

এৰিষ্টটল এগৰাকী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ জন্ম ৩৮৪ খৃঃপূঃত গ্ৰীক দেশৰ এখন প্ৰাচীন নগৰ ষ্টেজাইৰাত হৈছিল। তেওঁৰ শৈশৱ অৱস্থাতে পিতৃ নিকোমাকাচৰ মৃত্যু হৈছিল। ফলস্বৰূপে তেওঁ এজন অভিভাৱকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। ১৮ বছৰ বয়সত এৰিষ্টটলে এথেঞ্চত অৱস্থিত প্লেটোৰ শিক্ষানুষ্ঠানত ভৰ্তি হৈছিল আৰু ৩৭ বছৰ বয়সলৈ তেওঁ তাত আছিল। তেওঁৰ ৰচনাই পদাৰ্থবিদ্যা, অধিবিদ্যা, কবিতা, নাট্যশাস্ত্ৰ, সঙ্গীত, তৰ্কশাস্ত্ৰ, ব্যাখ্যান শাস্ত্ৰ ভাষাতত্ত্ব,ৰাজনীতি বিজ্ঞান, চৰকাৰ, ন্যায়শাস্ত্ৰ, জীৱবিদ্যা, প্ৰাণীবিদ্যা আদি বিভিন্ন বিষয় সামৰি লৈছে। তেওঁৰ ৰচনাই পোন প্ৰথমবাৰৰ বাবে ন্যায়শাস্ত্ৰ, নন্দনতত্ত্ব, তৰ্কশাস্ত্ৰ, বিজ ...

                                               

কাৰ্ল মাৰ্ক্স

১৮১৮ চনৰ ৫ মে তাৰিখে জাৰ্মানীৰ ৰাইনলেণ্ড অঞ্চলৰ ত্ৰায়াৰ চহৰত কাৰ্ল মাৰ্ক্সৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ হেনৰিখ আৰু হেনৰিয়েট মাৰ্ক্স দুয়োজনেই ইহুদী ধৰ্মযাজক পৰিয়ালৰ বংশধৰ আছিল। কিন্তু ১৮১৭ চনত তেওঁলোকে ইহুদী ধৰ্ম পৰিত্যাগ কৰি খৃষ্টান ধৰ্ম গ্ৰহণ কৰে। সেইসময়ত প্ৰুছিয়াৰ ইহুদী বিৰোধী চৰকাৰী নিয়ম-কানুনসমূহ যথেষ্ট কাঢ়া আছিল; আনকি ইহুদীসকলে চৰকাৰী চাকৰি কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এই জাতীয় বাধাসমূহৰ পৰা ৰক্ষা পাবলৈকে মাৰ্ক্স দম্পত্তীয়ে ইহুদী ধৰ্ম পৰিত্যাগ কৰিছিল বুলি জনা যায়। অৱশ্যে প্ৰতিক্ৰিয়াশীল প্ৰুছিয়ান সাম্ৰাজ্যৰ আন অঞ্চলৰ বিপৰীতে ৰাইনলেণ্ড ৰাজনৈতিক তথা অৰ্থনৈতিকভাৱে ...

                                               

হাতীপটি

হাতীপটি হৈছে এখন তাৰকাৰাজ্য। সৌৰ জগতৰ কেন্দ্ৰ সূৰ্য এই তাৰকাৰাজ্যৰ অংশ। ই এক সৰ্পিলাকাৰ তাৰকাৰাজ্য। পৃথিৱী হাতীপটি তাৰকাৰাজ্যৰ কোনো এক অংশত অৱস্থিত। এই তাৰকাৰাজ্যখন ৰাতিৰ সময়ত পৰিষ্কাৰ আকাশৰ এক প্ৰান্তৰ পৰা অন্য প্ৰান্তলৈ বিস্তৃত পাতল শুকুলা মেঘৰ দৰে দেখা পোৱা যায়।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →