Back

ⓘ ভাৰতৰ স্বাধীনতা আন্দোলন - ভাৰতৰ স্বাধীনতা আন্দোলন, অসহযোগ আন্দোলন, স্বাধীনতা দিৱস, ভাৰত, ভাৰত ত্যাগ আন্দোলন, পূৰ্ণ স্বৰাজ, অসম আন্দোলন, হেম বৰুৱা, ত্যাগবীৰ ..



                                               

ভাৰতৰ স্বাধীনতা আন্দোলন

ভাৰতৰ স্বাধীনতা আন্দোলন বুলিলে দক্ষিণ এছিয়াৰ একাংশত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পাচৰচোৱাত ব্ৰিটিছ চৰকাৰৰ শাসনৰ প্ৰতিবাদ কৰি তেওঁলোকক শাসনভাৰ এৰি গুচি যাবলৈ দাবীৰ পৰিপ্ৰেক্ষিতত তৎকালীন ব্ৰিটিছ শাসনৰ বিৰোধিতাত উদ্ভুত বিভিন্ন ৰাজনৈতীক সংৰচন, দৰ্শন আৰু আন্দোলনকে বুজা যায়। ১৯ শতিকাৰ প্ৰথম চতু্ৰ্থাশত বেহা বেপাৰৰ কাৰণে অহা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পাচলৈ সমগ্ৰ ভাৰত অধিকাৰ কৰে। পাচলৈ ভাৰতৰ শাসনৰ দায়িত্ব ব্ৰিটিছ ৰাজে গ্ৰহণ কৰে।

                                               

অসহযোগ আন্দোলন

অসহযোগ আন্দোলন হৈছে ১৯২০ চনৰ ৫ ছেপ্টেম্বৰত মহাত্মা গান্ধীয়ে স্বায়ত্বশাসন আৰু সম্পূৰ্ণ স্বাধীনতাৰ লক্ষ্যৰে আৰম্ভ কৰা এক আন্দোলন। ২১ মাৰ্চ ১৯১৯ চনৰ ৰাৱলাট আইন, আৰু ১৩ এপ্ৰিল ১৯১৯ৰ জালিয়ানৱালা বাগ গণহত্যাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে বৃট্ৰিছ চৰকাৰৰ পূণৰ গঠনৰ বাবে থকা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পৰিপেক্ষিততে এই আন্দোলনৰ সূচনা হৈছিল। ১৯১৯ চনৰ মাৰ্চৰ ৰাৱলাট আইনখন, যিয়ে দেশদ্ৰোহীতাৰ বিচাৰত পদকীয়াসকলৰ অধিকাৰ খৰ্ব কৰিছিল, ভাৰতীয়সকলৰ বাবে "ৰাজনৈতিক জাগৰণ" আৰু বৃট্ৰিছসকলৰ বাবে "বিপদ" হিচাপে দেখা গৈছিল। যদিও ইয়াক কেতিয়াও কাৰ্যকৰী কৰা হোৱা নাছিল আৰু কেইবছৰমান পিছত বাতিল বুলি ঘোষণা কৰা হৈছিল। এই আইন ...

                                               

স্বাধীনতা দিৱস (ভাৰত)

স্বাধীনতা দিৱস, ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সোঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। এই স্বাধীনতা লাভৰ লগতে দেশৰ বিভাজনো সংঘটিত হয়। স্বাধীনতা দিৱসৰ মূল কাৰ্য্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদেশ্যি বক্তৃতা দিয়ে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ ...

                                               

ভাৰত ত্যাগ আন্দোলন

ভাৰত ত্যাগ আন্দোলন, যাক আগষ্ট আন্দোলন বুলিও কোৱা হয়, ভাৰতত ব্ৰিটিছ শাসন সমাপ্ত কৰাৰ দাবীত ১৯৪২ চনৰ ৮ আগষ্টত মহাত্মা গান্ধীৰ দ্বাৰা অল-ইণ্ডিয়া কংগ্ৰেছ সমিতিৰ বোম্বাই অধিবেশনত আৰম্ভ কৰা এক আন্দোলন আছিল। বৃট্ৰিছ যুদ্ধৰ বাবে ভাৰতীয় সমৰ্থন আদায় কৰাত ক্ৰিপছ মিছনৰ বিফলতাৰ পিছত, মহাত্মা গান্ধীয়ে ১৯৪২ চনৰ ৮ আগষ্টত মুম্বাইৰ গোৱানিয়া টেংক মৈদানত প্ৰদান কৰা তেওঁৰ ভাৰত ত্যাগ ভাষণত" কৰিম কিম্বা মৰিম”ৰ বাবে আহ্লাদ কৰে। গান্ধীয়ে কোৱা ভাৰতৰ পৰা "ব্ৰিটিছৰ শাসন প্ৰত্যাহাৰ"ৰ দাবীত কংগ্ৰেছ সমিতিয়ে এক গণ প্ৰতিবাদ আৰম্ভ কৰে। যুদ্ধ চলি থকা স্বত্তেও বৃট্ৰিছে এই প্ৰতিবাদ ৰোধ কৰিবলৈ সাজু হৈছিল। গান্ধীৰ ভাষণৰ ...

                                               

পূৰ্ণ স্বৰাজ

পূৰ্ণ স্বৰাজ ৰ ঘোষণা, বা ভাৰতৰ স্বাধীনতা ঘোষণা, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা কৰা হৈছিল। এই ঘোষণাৰ যোগেদি কংগ্ৰেছ আৰু ভাৰতীয় জাতীয়তাবাদীসকলে সম্পূৰ্ণ স্বৰাজৰ, বা ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা সম্পূৰ্ণ স্বাধীন স্ব-শাসনৰ বাবে আহ্বান কৰিছিল। ১৯২৯ চনৰ ৩১ ডিচেম্বৰত আধুনিক পাকিস্তানৰ লাহোৰৰ ৰবি নদীৰ পাৰত জৱাহৰলাল নেহৰুৱে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। কংগ্ৰেছে ভাৰতীয়সকলক ২৬ জানুৱাৰীটো স্বাধীনতা দিৱস হিচাপে পালন কৰিবলৈ কৈছিল। ভাৰতৰ প্ৰতাকাখন সমগ্ৰ ভাৰতত কংগ্ৰেছৰ স্বেচ্ছাসেৱক, জাতীয়তাবাদী আৰু জনসাধাৰণে ৰাজহুৱাভাৱে উত্তোলন কৰিছিল

                                               

অসম আন্দোলন

অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু "সদৌ অসম গণ সংগ্ৰাম পৰিষদ"এ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। অহিংস হিচাপেই আৰম্ভ হোৱা এই আন্দোলন পিছলৈ নেলীৰ হত্যাকাণ্ডকে ধৰি কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল। ১৯৮৫ চনত আন্দোলনৰ নেতাসমূহ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তি মতে অসম আন্দোলনৰ অন্ত পৰে। ইয়াৰ পিছতেই আন্দোলনৰ নেতৃবৃন্দ‍ই অসম গণ পৰিষদ নামৰ এটা ৰাজনৈতিক দল গঠন কৰে। ১৯৮৫ আৰু ১৯৯৬ চনত এই দলে বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰে।

                                               

হেম বৰুৱা (ত্যাগবীৰ)

হেমচন্দ্ৰ বৰুৱা অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক আছিল। অসমীয়া সমাজ জীৱনত তেখেতে আগবঢ়াই যোৱা সমাজ সেৱাৰ বাবে তেওঁক ত্যাগবীৰ উপাধিৰে বিভূষিত কৰা হৈছিল।

                                               

উধাম সিং

উধাম সিং এজন ভাৰতীয় আন্দোলনকাৰী আছিল, বিশেষকৈ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিশোধ বুলি অভিহিত কৰা ১৯৪০ চনৰ ১৩ মাৰ্চত সংঘটিত মাইকেল অডয়াৰৰ হত্যাৰ বাবে জনাজাত। তেখেত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন বৰেণ্য ব্যক্তি আছিল। তেওঁক শ্বহীদ-ই-আজম চৰ্দাৰ উধাম সিং বুলিও সম্বোধিত কৰা হয়। তেওঁৰ নামেৰে উত্তৰাখণ্ডত এখন জিলা -ও আছে।

                                               

কিৰণ বালা বড়া

কিৰণ বালা বড়া এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। তেওঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা স্বাধীনতা সংগ্ৰামী পেঞ্চন লাভ কৰিছিল।

                                               

ৰাজেন্দ্ৰ প্ৰসাদ

ৰাজেন্দ্ৰ প্ৰসাদ ১৯৫০ চনৰ ২৬ জানুৱাৰীত সাৰ্বভৌম ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ অসহযোগ আন্দোলন, ১৯৩২ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশ গ্ৰহণকাৰী আছিল। তেওঁৰ নিষ্ঠা আৰু চৰম ত্যাগৰ দেশ সেৱাৰ বাবে ১৯৬২ চনত ভাৰত চৰকাৰে তেওঁক ভাৰত-ৰত্ন উপাধিৰে বিভূষিত কৰি সন্মানিত কৰিছিল। দেশৰ কোটি কোটি জনতাৰ মাজত ৰাজেন্দ্ৰ বাবু বুলি জনাজাত ড॰ ৰাজেন্দ্ৰ প্ৰসাদ এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেওঁ সাতোটা ভাষা ভাল দৰে জানিছিল। তেওঁ সাহিত্যিক আৰু সাংবাদিক হিচাপেও প্ৰখ্যাতি আছিল প্ৰচুৰ, সাংবাদিক জীৱনত তেওঁ চাৰ ...

                                               

মোহনদাস কৰমচান্দ গান্ধী

মোহনদাস কৰমচান্দ গান্ধী ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে। তেখেতৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিবীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ জন্ম হয়। তেখেতক সাধাৰণতে মহাত্মা নামেৰেও জনা যায়। ভাৰতীয় সকলে তেখেতক জাতিৰ পিতা ৰ মৰ্য্যদা দিয়ে আৰু সেয়ে বাপু বুলি সম্বোধন কৰে। তেখেতৰ জন্মদিন ২ অক্টোবৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়। গান্ধীয়ে দক্ষিণ আফ্ৰিকাত উকিল হৈ থকাৰ সময়তে তাত থকা প্ ...

                                               

ভগৎ সিং

ভগৎ সিং আছিল ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেওঁক ছহিদ-ঈ আজম ভগৎ সিং নামে অভিহিত কৰা হয়। ভগৎ সিঙৰ জন্ম হৈছিল জাট নামৰ এক শিখ পৰিয়ালত। তেওঁৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী বিপ্লবী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰতেই ভগৎ সিঙে ইউৰোপীয় বিপ্লবী আন্দোলনৰ ইতিহাস সম্পৰ্কে পঢ়া−শুনা কৰিছিল আৰু নৈৰাজ্যবাদ আৰু সাম্যবাদৰ প্ৰতি আকৃষ্ট হৈছিল। ইয়াৰোপৰি তেওঁ একাধিক বিপ্লবী সংগঠনৰ লগত যুক্ত হৈ পৰিছিল। হিন্দুস্তান ৰিপাব্লিকান এছচিয়েচনৰ এইচআৰএ সৈতে যুক্ত হৈ মেধা, জ্ঞান আৰু ...

                                               

ইষ্ট ইণ্ডিয়া কোম্পানী

ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত হয় ১৫৯৯ চনৰ ২২ছেপ্তেম্বৰত ইংলণ্ডত। এইটো কোম্পানীক ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়। ১৫৯৯ চনৰে ৩১ ডিছেম্বৰত ৰাণী এলিজাবেথে এই কোম্পানীক উত্তমাশা অন্তৰীপৰ পৰা উত্তৰ-পূব ভাৰতৰ লগতে পূব আৰু দক্ষিণ-পূব এছিয়াৰ যিকোনো অঞ্চলতে ব্যৱসায় কৰাৰ অনুমতি দিয়ে। ১৬০০ চনৰপৰা ১৭০৮ চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীক "গৱৰ্নৰ এণ্ড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ লণ্ডন ট্ৰেডিং ইনটু দা ইষ্ট ইণ্ডিজ" আৰু ১৭০৮ চনৰপৰা ১৮৭৩ চনলৈকে "ইউনাইটেড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ ইংলেণ্ড ট্ৰেডিং টু দা ইষ্ট ইণ্ডিছ" নামেৰেও জনা গৈছিল।

                                               

গান্ধী–আৰউইন চুক্তি

গান্ধী–আৰউইন চুক্তি আছিল লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলৰ আগতে ১৯৩১ চনৰ ৫ মাৰ্চত মহাত্মা গান্ধী আৰু ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইনৰ দ্বাৰা স্বাক্ষৰিত এক ৰাজনৈতিক চুক্তি। ইয়াৰ আগতে, ভাইচৰয় লৰ্ড আৰউইনে ১৯২৯ চনৰ অক্টোবৰ মাহত এক অনিৰ্দিষ্ট ভৱিষ্যতে ব্ৰিটিছ-শাসিত ভাৰতৰ আৰু ভৱিষ্যতৰ সংবিধান ৰ বিষয়ে আলোচনা কৰিবলৈ এক ঘূৰণীয়া মেজমেলত ভাৰতক dominion statusৰ এক অস্পষ্ট অফাৰ ঘোষণা কৰিছিল। ১৯৩১ চনৰ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈকে লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। দুজন নেতা - গান্ধী আৰু আৰউইনক সৰোজিনী নাইডুৱে দিয়া আখ্যা। তেওঁলোকে আঠখন সভাত বহিছিল যিকেইখনৰ মুঠ সময় ২৪ ঘণ্টা। আৰউইনৰ আন্তৰিকতাত গ ...

                                               

চিপাহী বিদ্ৰোহ ১৮৫৭

চিপাহী বিদ্ৰোহ হৈছে ১৮৫৭ চনৰ ১০ মেত মিৰাট চহৰত হোৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীৰ চিপাহীসকলে কৰা এক বিদ্ৰোহ। ক্ৰমশঃ এই বিদ্ৰোহ সমগ্ৰ উত্তৰ আৰু মধ্য ভাৰতত বিয়পি পৰিছিল। এই অঞ্চলসমূহত কোম্পানীয়ে যথেষ্ট ক্ষিপ্ৰ বেগত বিদ্ৰোহ দমন কৰিছিল। ১৮৫৮ চনৰ ২০ জুন গোৱালিয়ৰত বিদ্ৰোহীসকলৰ পৰাজয়ৰ পৰাএই বিদ্ৰোহ দমন কৰা সম্ভৱ হয়। চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ, মহাবিদ্ৰোহ, ভাৰতীয় বিদ্ৰোহ, ১৮৫৭ চনৰ বিদ্ৰোহ আৰু ১৮৫৮ চন গণ-অভ্যুত্থান নামেৰেও অভিহিত কৰা হয়। এই বিদ্ৰোহ নিৰ্মমভাৱে দমন কৰা হয়। বহু নিৰপৰাধ নৰ−নাৰী, শিশু−বৃদ্ধক নিৰ্বিচাৰে হত্যা কৰা হয়। কোম্পানী-শাসিত অন্যান্য অঞ্চলত ...

                                               

চৌৰী চোৰা ঘটনা

চৌৰী চোৰা ঘটনা সংঘটিত হৈছিল ১৯২২ চনৰ ৪ ফেব্ৰুৱাৰীত ব্ৰিটিছ ভাৰতৰ গোৰক্ষপুৰ জিলা চৌৰী চোৰাত। অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰা এক বৃহৎ প্ৰতিবাদকাৰী দল আৰু পুলিচৰ সৈতে সাধাৰণ তৰ্ক পৰা সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু প্ৰতিবাদকাৰীৰ ওপৰত গুলিবৰ্ষণ কৰিছিল। ইয়াৰ প্ৰতিশোধ হিচাপে প্ৰতিবাদকাৰীসকলে এখন থানা আক্ৰমণ কৰি অগ্নিসংযোগ কৰে, ফলত থানাৰ সকলো লোকৰ মৃত্যু হয়। ঘটনাটোৰ ফলত তিনিজন সাধাৰণ লোক আৰু ২২ জন আৰক্ষীৰ মৃত্যু হৈছিল। হিংসাৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা মহাত্মা গান্ধীয়ে এই ঘটনাৰ প্ৰত্যক্ষ পৰিণাম হিচাপে ১২ ফেব্ৰুৱাৰী ১৯২২ত ৰাষ্ট্ৰীয় পৰ্য্যায়ত অসহযোগিতা আন্দোলন বন্ধ কৰি দিছিল।

                                               

ছাইমন কমিশ্যন

ছাইমন কমিশ্যন বা ভাৰতীয় সংবিধানিক কমিশ্যন ছাৰ জন ছাইমনৰ নেতৃত্বত গঠিত ব্ৰিটিছ সদনৰ সাতজন সাংসদৰ এক গোটৰ নাম আছিল। এই কমিশ্যন ভাৰতৰ সংবিধানিক পুনৰ্গঠন অধ্যয়নৰ বাবে ১৯২৮ চনত ভাৰতত উপস্থিত হয়। ইয়াৰে এজন সদস্য আছিল ক্লিমেণ্ট এটলী যি ১৯৩৪ চনৰ পৰা ভাৰতৰ স্বাধীনতাৰ বাবে বদ্ধপৰিকৰ হয় আৰু ১৯৪৭ চনত প্ৰধানমন্ত্ৰী হিচাপে এই কাৰ্য সম্পূৰ্ণ কৰে। ১৯১৯ চনত মণ্টাগু-চেম্‌ছফৰ্ড পুনৰ্সংস্কাৰ আগবঢ়াওঁতে ব্ৰিটিছ চৰকাৰে ঘোষণা কৰিছিল যে দহবছৰৰ পাছত ভাৰতলৈ এক কমিশ্যন পঠিয়াএই পুনৰ্সংস্কাৰৰ প্ৰভাৱ আৰু সম্ভাব্য সালসলনি জানিবলৈ চেটা কৰা হব। এই গুণেই ১৯২৭ চনৰ নৱেম্বৰত ভাৰতৰ সাংবিধানিক অগ্ৰগতি পৰীক্ষা কৰিবলৈ ছাইমন ...

                                               

জালিয়ানৱালাবাগৰ হত্যাকাণ্ড

জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড বা অমৃতসৰ হত্যাকাণ্ড ভাৰতীয় উপমহাদেশৰ ইতিহাসৰ অন্যতম কুখ্যাত গণহত্যা। ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে অবিভক্ত ভাৰতৰ পঞ্জাব প্ৰদেশৰ অমৃতসৰ চহৰত ইংৰাজ সেনানায়ক ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰৰ নিৰ্দেশত এই হত্যাকাণ্ড সংঘটিত হৈছিল। এই চহৰৰ জালিয়ানাৱালাবাগ নামৰ এখন উদ্যানত সমবেত নীৰস্ত্ৰ জনগণৰ ওপৰত গুলিবৰ্ষণ কৰা হৈছিল। এই হত্যাকাণ্ড প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ইংৰাজ চৰকাৰে দিয়া "নাইটহুড" উপাধি ত্যাগ কৰিছিল।

                                               

দাণ্ডী যাত্ৰা

দাণ্ডী যাত্ৰা, যাক লোণ যাত্ৰা, লোণ সত্যাগ্ৰহ, আৰু দাণ্ডী সত্যাগ্ৰহ বুলিও কোৱা হয়, হৈছে ঔপনিৱেশিক ভাৰতত মোহনদাস কৰমচান্দ গান্ধীৰ নেতৃত্বত চলা এক অহিংস গণ প্ৰতিবাদ আছিল। ২৪ দিনীয়া এই যাত্ৰাটো ১৯৩০ চনৰ ১২ মাৰ্চৰ পৰা ৬ এপ্ৰিল ১৯৩০ লৈ ব্ৰিটিছৰ লৱণ একক অধিকাৰৰ বিৰুদ্ধে কৰা প্ৰতিৰোধ আৰু অহিংস আন্দোলনৰ এক প্ৰত্যক্ষ কাৰ্য্য অভিযান আছিল। এই মাৰ্চৰ আন এটা কাৰণ আছিল যে গণ প্ৰতিবাদী আন্দোলনক এক শক্তিশালী উদ্বোধনৰ প্ৰয়োজন আছিল যি অধিক লোকক গান্ধীৰ আদৰ্শ অনুসৰণ কৰিবলৈ অনুপ্ৰেৰিত কৰিব। মহাত্মা গান্ধীয়ে তেওঁৰ ৭৯ জন বিশ্বাসযোগ্য স্বেচ্ছাসেৱকৰ সৈতে এই মাৰ্চ আৰম্ভ কৰিছিল। ২৪ দিনৰ বাবে দিনে দহ মাইলকৈ খোজ ক ...

                                               

পলাশীৰ যুদ্ধ

পলাশীৰ যুদ্ধ আছিল বংগৰ নৱাব আৰু তেওঁৰ ফ্ৰান্স মিত্ৰ সকলৰ বিৰুদ্ধে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এক সিদ্ধান্তকাৰী বিজয় যিয়ে বংগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সূচনা কৰে আৰু পৰবৰ্তী কেইবা শতক জুৰি ভাৰতত কোম্পানীৰ শাসনৰ প্ৰসাৰ ঘটাই। এই যুদ্ধ সংঘটিত হৈছিল ১৭৫৭ চনৰ ২৩ জুন তাৰিখে, কলিকতা চহৰৰ উত্তৰে ১৫০ কিলমিটাৰ দুৰৰ আৰু মুৰ্ছিদাবাদৰ দক্ষিণত হুগলি নদীৰ পাৰৰ পলাশী নামৰ ঠাইত। এই যুঁজৰ প্ৰধান অংশীদাৰ আছিল বংগৰ অন্তিম স্বাধীন নৱাব চিৰাজ উদ্ দৌলা আৰু বিপক্ষে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। ১৭৫৬ চনত আলিৱাৰ্দি খানৰভ মৃত্যুৰ পিছত চিৰাজ উদ্ দৌলা বংগৰ নৱাব হয়। তেওঁ ইংৰাজক দুৰ্গ নিৰ্মাণৰ কাৰ্য ...

                                               

মহাত্মা গান্ধীয়ে কৰা অনশনৰ তালিকা

মহাত্মা গান্ধী অথবা জাতিৰ পিতা হিচাপে জনাজাত মোহনদাস কৰমচান্দ গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ১৭ টা অনশন খাটিছিল। তেওঁৰ আটাইতকৈ দীঘলীয়া অনশন আছিল ২১ দিনৰ। প্ৰতিবাদৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা অনশন, গান্ধীৰ অহিংসা আদৰ্শ আৰু সত্যাগ্ৰহৰ এক অংগ আছিল।

                                               

স্বৰাজ

স্বৰাজ বুলিলে সাধাৰণতে স্বায়ত্ত্বশাসন বুজায় আৰু মহৰ্ষি দয়ানন্দ স্বৰস্বতীয়ে "গৃহ-শাসন"ৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰিছিল যি পিছলৈ মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰিছিল কিন্তু শব্দটোৱে প্ৰকৃততে বিদেশী দমনৰ পৰা ভাৰতৰ স্বাধীন,গান্ধীৰ ধাৰণাক বুজাইছিল। স্বৰাজে শাসনৰ ওপৰত গুৰুত্ব দিয়ে, পদানুক্ৰমিক চৰকাৰৰ দ্বাৰা নহয়, ব্যক্তি আৰু সমাজ নিৰ্মাণৰ যোগেৰে আত্মশাসনৰ দ্বাৰা। ইয়াৰ মূল গুৰুত্ব হৈছে ৰাজনৈতিক বিকেন্দ্ৰীকৰণৰ ওপৰত। যিহেতু এয়া ব্ৰিটেইনে অনুসৰণ কৰা ৰাজনৈতিক আৰু সামাজিক প্ৰণালীৰ বিপৰীত, গান্ধীৰ স্বৰাজৰ ধাৰণাটোৱে ব্ৰিটিছ ৰাজনৈতিক, অৰ্থনৈতিক, আমোলা তান্ত্ৰিক, আইনী, সামৰিক আৰু শিক্ষা প্ৰতিষ্ঠান বৰ্জন ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →