Back

ⓘ ভাৰতৰ বঁটাসমূহ - সংগীত নাটক একাডেমী বঁটা, অসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰ, আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ, জগদীশ মুখী, শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ৰজনীকান্ত ..



                                               

সংগীত নাটক একাডেমী বঁটা

সংগীত নাটক একাডেমী বঁটা ভাৰতত পৰিৱেশ্য কলাৰ সাধনাৰ বাবে সংগীত নাটক একাডেমীয়ে প্ৰদান কৰা বঁটা। সংগীত নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত। এই বঁটা পৰিৱেশ্য কলা অনুশীলনকাৰী শিল্পীসকলক প্ৰদান কৰা সৰ্বোচ্চ ভাৰতীয় স্বীকৃতি। ২০০৩ চনৰ আগতে এই বঁটাৰ লগত নগদ ৫০,০০০ টকা, এক প্ৰশংসাপত্ৰ, এখন অংগবস্ত্ৰ আৰু এখন তাম্ৰপত্ৰ প্ৰদান কৰা হৈছিল। ২০০৯ চনৰ পৰা নগদ পুৰস্কাৰ ১,০০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। এই বঁটা সংগীত, নৃত্য, থিয়েটাৰ, অন্যান্য পৰম ...

                                               

অসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰ

এই তালিকাত অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সাহিত্য, কলা, সংগীত, খেল, চলচ্চিত্ৰ আদি বিভিন্ন শিতানত প্ৰদান কৰা বঁটা আৰু সন্মানসমূহৰ তালিকা দিয়া হৈছে৷

                                               

আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ

আন্তৰ্জাতিক গান্ধী শান্তি বঁটা, মহামানৱ মহাত্মা গান্ধীৰ নামত ভাৰত চৰকাৰে প্ৰদান কৰে। ১৯৯৫ চনত গান্ধীজীৰ ১২৫তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে এই বঁটাৰ সূচনা কৰে। সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনত সফলভাৱে অহিংস আৰু গান্ধী নীতি অনুসৰণ কৰা ব্যক্তি বা অনুষ্ঠানক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ লগত আছে ১ কোটি ভাৰতীয় টকা, এখনি প্ৰশস্তি পত্ৰ আৰু এক উদ্ধৃতি। এই বঁটা ৰাষ্টীয়তা, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰদান কৰা হয়। এই বঁটা প্ৰদানৰ বাচনি কমিটিত ভাৰতৰ প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলপতি, ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু দুজন প্ৰসিদ্ধ ব্যক্তিৰে গঠিত।

                                               

জগদীশ মুখী

জগদীশ মুখী এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসমৰ ৰাজ্যপাল। তেওঁ ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য। অসমৰ ৰাজ্যপাল নিযুক্ত হোৱাৰ আগতে তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। ইয়াৰ আগতে তেওঁ দিল্লী চৰকাৰৰ বিত্ত, পৰিকল্পনা, অৱকাৰী আৰু কৰ আৰু উচ্চ শিক্ষা মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।

                                               

অসম সাহিত্য সভাৰ ডিব্ৰুগড় অধিৱেশন (২০০১)

অসম সাহিত্য সভাৰ ৬৬তম অধিৱেশন ২০০১ চনত হোমেন বৰগোহাঞিৰ সভাপতিত্বত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হৈছিল। মূল মণ্ডপৰ নামকৰণ পদ্মনাথ গোহাঞিবৰুৱাৰ নামেৰে সাহিত্য কাণ্ডাৰী মণ্ডপ আৰু মূল তোৰণখনৰ নাম ৰূপকোঁৱৰ তোৰণ ৰখা হৈছিল। সাহিত্য সভাৰ আনুষ্ঠানিক সভাৰ বাহিৰেও অধিৱেশনস্থলীত গ্ৰন্থ উৎসৱ মেলা, বিজ্ঞান আৰু শিল্প মেলা, আৰু বাণিজ্য মেলাও অনুষ্ঠিত কৰা হয়। পাঁচ দিনীয়া অধিবেশনখনৰ প্ৰথম দিনা বিশিষ্ট অতিথি হিচাপে আছিল ইউনিভাৰ্ছিটি অফ ছুইডেন, ষ্টকহমৰ নোবেল বঁটা বিজয়ী Indologist ডব্লিউ এল স্মিথ।

                                               

শান্তি স্বৰূপ ভাটনাগৰ বঁটা

শান্তি স্বৰূপ ভাটনাগৰ বঁটা ভাৰতবৰ্ষত বাৰ্ষিকভাৱে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানীক বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ -এ প্ৰদান কৰি অহা এক সন্মানীয় বঁটা৷ আন্তঃবিভাগীয় বিজ্ঞান -ত অৱদানৰ বাবে ভাৰতত আগবঢ়োৱা বঁটাসমূহৰ ভিতৰত এই বঁটাই আটাইতকৈ মৰ্য্যদাপূৰ্ণ বঁটা বুলি গণ্য কৰা হয়। এই বঁটা বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদৰ প্ৰতিষ্ঠাপক সঞ্চালক শান্তি স্বৰূপ ভাটনাগৰ -ৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰা হয়। এই বঁটা পোনপ্ৰথমবাৰৰ বাবে ১৯৫৮ চনত প্ৰদান কৰা হৈছিল৷

                                               

ৰাধিকামোহন ভাগৱতী

ৰাধিকামোহন ভাগৱতী অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিক, সম্পাদক, সাহিত্যিক তথা সমালোচক। ১৯৩৩ চনৰ ১৯ জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত তেখেতৰ জন্ম হয়। ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পিছত তেখেত ৰামধেনুৰ সম্পাদক নিযুক্ত হৈছিল। পৰ্যায়ক্ৰমে তেখেত আজিৰ দৈনিক বাতৰি, আমাৰ অসম আদি কাকতৰ সম্পাদক আছিল। সম্পাদকৰূপে তেখেত আছিল আপোচবিহীন আৰু লেখক আৰু সংবাদদাতাক তেখেতে এখন গণতান্ত্ৰিক মঞ্চ প্ৰদান কৰিছিল। অসমৰ সাংবাদিকতাৰ জগতখনত তেখেতৰ এক সুকীয়া নাম আছিল। তেখেতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৯১ চনত সাহিত্য অকাডেমিৰ অনুবাদ বঁটাৰে তেখেতক সন্মানিত কৰা হৈছিল। ভাগৱ ...

                                               

অসমীয়া ভাষা

অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমীয়া-ভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হয়। ভূটানতো কিছুসংখ্যক অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি। অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্যসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাঁওফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ।

                                               

ফিল্মফেয়াৰ বঁটা

ফিল্মফেয়াৰ বঁটা হৈছে হিন্দী ভাষাৰ চলচ্চিত্ৰ উদ্যোগৰ শৈল্পিক আৰু প্ৰযুক্তিগত প্ৰতিভাৰ সম্মানাৰ্থে প্ৰদান কৰা এক বঁটা। ফিল্মফেয়াৰ অনুষ্ঠানটো ভাৰতৰ অন্যতম উল্লেখযোগ্য চলচ্চিত্ৰ অনুষ্ঠান। বঁটাবোৰ প্ৰথমবাৰৰ বাবে ১৯৫৪ চনত টাইমচ গ্ৰুপৰ দ্বাৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা হিচাপে আৰম্ভ হৈছিল। প্ৰাথমিকভাৱে তেওঁলকৰ টাইমচ অফ ইণ্ডিয়াৰ সম্পাদক ক্লিয়াৰ মেণ্ডোনকাৰ পিছত "ক্লিয়াৰ ৱায়াৰ্ডচ" বা "দি ক্লাৰচ" হিচাপে উল্লেখ কৰা হৈছিল। ১৯৫৬ চনত এখন দ্বৈত ভোটিং চিষ্টেম তৈয়াৰ কৰা হৈছিল। এই চিষ্টেমৰ অধীনত, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাবোৰৰ বিপৰীতত, যিবিলাক ভাৰত চৰকাৰ কৰ্তৃক নিযুক্ত এখন পেনেলৰ দ্বাৰা সিদ্ধান্ত লোৱা হয ...

                                               

ৰজনীকান্ত

ৰজনীকান্ত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, মেডিয়া চেলিব্ৰেটি আৰু সাংস্কৃতিক প্ৰতীক। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী তামিল চলচ্চিত্ৰ কে. বালাচান্দেৰৰ দ্বাৰা পৰিচালিত অপূৰ্ৱ ৰাগাংগল নামৰ চলচ্চিত্ৰ খনৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰিছিল। কে. বাল্লাচান্দেৰক ৰজনীকান্তে তেওঁৰ মাৰ্গদৰ্শকৰ মৰ্যাদা দিয়ে। তামিল চলচ্চিত্ৰত অলপদিনৰ বাবে ঋণাত্মক antagonistic চৰিত্ৰত অভিনয় কৰাৰ পিছত ৰজনীকান্ত ক্ৰমান্বয়ে এগৰাকী প্ৰতিষ্ঠিত অভিনেতা স্বৰূপে স্বীকৃত হল। ভাৰতীয় জনসাধাৰণৰ মাজত তেওঁ অদ্যাপি চলচ্চিত্ৰ বিগ্ৰহ matinee idol হিচাপে অতীৱ জনপ্ৰিয়। তেওঁৰ চালচলন আৰু চলচ্চিত্ৰসমূহত সুৰুচিপূৰ্ণ সংলাপ পৰিৱেশন জ ...

                                               

শৰ্মিলা বিশ্বাস

শৰ্মিলা বিশ্বাস ওদিছিৰ এগৰাকী প্ৰখ্যাত ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী তথা কৰিয়গ্ৰাফাৰ আৰু গুৰু কেলুচৰণ মহাপাত্ৰৰ শিষ্য। ১৯৯৫ চনত তেখেত কলকাতাত ওদিছি ভিচন এণ্ড মুভমেণ্ট ছেণ্টাৰ প্ৰতিষ্ঠা কৰে, যত তেখেত শৈল্পিক পৰিচালক। কেন্দ্ৰ অভিএম ন্যাসও আছে। ২০১২ চনত, বিশ্বাস সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল, সংগীত নাটক একাডেমী, ভাৰতৰ সংগীত, নৃত্য তথা নাটকৰ বাবে ৰাষ্ট্ৰীয় একাডেমীৰ দ্বাৰা ভূষিত কৰা হয়

                                               

কামৰূপী উপভাষা

কামৰূপী উপভাষা বা কামৰূপীয়া অসমৰ কামৰূপ অঞ্চলত বহুলভাৱে প্ৰচলিত অসমীয়া ভাষাৰ উপভাষা। পশ্চিম অসমত প্ৰচলিত অসমীয়াৰ দুই উপভাষাৰ ভিতৰত কামৰূপী অন্যতম। আনটো উপভাষা হৈছে গোৱালপাৰীয়া উপভাষা বা গোৱালপাৰীয়া। কামৰূপীয়াৰ লগত বৰপেটীয়া, নলবাৰীয়া আৰু পলাশবাৰীয়া উপভাষাৰ লগত মিল আছে। কিছুমানৰ মতে এই তিনিটা কামৰূপীৰ উপ-উপভাষা। মধ্যযুগত গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত সংস্কৃত ভাষাৰ সমান্তৰালকৈ কামৰূপী পদ্য আৰু গদ্য ৰচনাত সাহিত্যিক ভাষা হিচাপে ব্যৱহৃত হৈছিল। সেই সময়ত মধ্য ভাৰতত প্ৰচলিত ৰীতিৰ ই ওলোটা আছিল, যেনে বিদ্যাপতি গদ্যৰ বাবে সংস্কৃত আৰু পদ্যৰ বাবে মৈথিলী ভাষা ব্যৱহাৰ ক ...

                                               

ৰবীন্দ্ৰ পুৰস্কাৰ

ৰবীন্দ্ৰ পুৰস্কাৰ বা ৰবীন্দ্ৰ স্মৃতি পুৰস্কাৰ হল পশ্চিমবঙ্গৰ সৰ্বোচ্চ সন্মানীয় সাহিত্য পুৰস্কাৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে এই পুৰস্কাৰৰ নামকৰণ কৰা হৈছে। ১৯৫০ চনত পশ্চিমবংগ চৰকাৰে এই পুৰস্কাৰ প্ৰবৰ্তন কৰিছিল। বৰ্তমান পশ্চিমবংগ বাংলা একাডেমীয়ে এই পুৰস্কাৰ প্ৰদান কৰে। ১৯৫০ চনৰ পৰা ১৯৮২ চন পৰ্যন্ত এক বা একাধিক লেখকক কোনো এখন বিশেষ গ্ৰন্থ ৰচনাৰ স্বীকৃতি স্বৰূপে এই পুৰস্কাৰ দিয়া হয়। ২০০৪ তথা ২০০৫ চনত বিশেষ গ্ৰন্থ ৰচনা কৰা বাবে একাধিক লেখকক এই পুৰস্কাৰেৰে সন্মানিত কৰা হয়।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →