Back

ⓘ ভাৰতৰ স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ. ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীয়ে স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ গঠনৰ অনুমতি দিয়ে, যাৰ দ্বাৰা বিভাগবোৰে নিজ-নিজ ৰাজ্যৰ ভ ..



ভাৰতৰ স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ
                                     

ⓘ ভাৰতৰ স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীয়ে স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ গঠনৰ অনুমতি দিয়ে, যাৰ দ্বাৰা বিভাগবোৰে নিজ-নিজ ৰাজ্যৰ ভিতৰত স্বায়ত্বশাসনৰ অধিকাৰ লাভ কৰে। বেছিভাগ স্বায়ত্বশাসিত জিলা পৰিষদ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত। আন দুখন আছে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত। বৰ্তমান সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠিত স্বায়ত্বশাসিত পৰিষদৰ সংখ্যা ১০খন; ইয়াৰে ৩খন অসমত, ৩খন মেঘালয়ত, ৩খন মিজোৰামত আৰু ১খন ত্ৰিপুৰা ৰাজ্যত। অন্য পৰিষদবোৰ বিভিন্ন আইনৰ অধীনত গঠন কৰা হৈছে।

                                     

1. ক্ষমতা আৰু কাৰ্যাৱলী

কাৰ্যবাহী আৰু বিধায়িনী ক্ষমতা

ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ ব্যৱস্থাৱলীৰ অধীনত স্বায়ত্বশাসিত জিলা পৰিষদবোৰে নিম্নোল্লেখিত বিষয়সমূহত আইন আৰু বিধি-বিধান তৈয়াৰ কৰিব পাৰে।

ন্যায়িক ক্ষমতা

কোনো মোকৰ্দমাৰ উভয় পক্ষই যদি অনুসূচীত জনজাতিৰ লোক হয়, তেন্তে স্বায়ত্বশাসিত জিলা পৰিষদে গোচৰৰ শুনানীৰ বাবে আদালত গঠনৰ আৰু সৰ্বোচ্চ পাঁচ বছৰতকৈ কম দিনৰ বাবে কাৰাদণ্ড বিহাৰ ক্ষমতা আছে।

কৰ আৰু ৰাজহ

স্বায়ত্বশাসিত জিলা পৰিষদে গৃহ আৰু ভূমি, জন্তু, যান-বাহন, নাও, অঞ্চলটোলৈ সৰবৰাহ কৰা পণ্য, ৰাষ্টা, ফেৰীঘাট, দলং, নিয়োগ আৰু আয়, বিদ্যালয় আৰু ৰাস্তাৰ ৰক্ষণাবেক্ষণৰ বাবে কৰ, মাচুল আৰু টোল ধাৰ্য কৰিব পাৰে।

                                     

2.1. ডি ফেক্টো স্ব-শাসিত অঞ্চল উত্তৰ চেণ্টিনেল দ্বীপ

উত্তৰ চেণ্টিনেল দ্বীপ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অন্তৰ্গত এক দ্বীপ। এই দ্বীপটো সমগ্ৰ পৃথিৱীৰ পৰা বিচ্ছিন্ন শেষ নৃগোষ্ঠীবোৰৰ অন্যতম চেণ্টেনেলী লোকসকলৰ গৃহভূমি। তেওঁলোকে অন্য লোকসকলৰ সৈতে সংস্পৰ্শত আহিব নিবিচাৰে আৰু বাস্তৱিকতে তেওঁলোক আধুনিক সভ্যতাৰ পৰা শত যোজন দূৰত বাস কৰে। এই জনগোষ্ঠীটোৰ সৈতে কেতিয়াও কোনো চুক্তি হোৱা নাই বা অধিগ্ৰহণ কৰিব বিচৰাৰো কোনো তথ্য নাই।

আন্দামান নিকোবৰৰ স্থানীয় চৰকাৰৰ মতে চেণ্টিনেলী লোকসকলৰ জীৱন-ধাৰা আৰু বাসস্থানত হস্তক্ষেপ কৰাৰ কোনো উদ্দেশ্য তেওঁলোকৰ নাই। ২০০৪ চনৰ ডিচেম্বৰত হোৱা চুনামীত দ্বীপটো মাৰাত্মকভাবে ক্ষতিগ্ৰস্থ হলেও চেণ্টেনেলী লোকসকলৰ সহজাত দক্ষতাৰ গুণত প্ৰাণহানি হোৱা নাছিল। দুৰ্যোগ সংঘটিত হোৱাৰ কেইদিনমান পিছত চৰকাৰী হেলিকপ্টাৰেৰে কৰা পৰ্যবেক্ষণত এই কথা নিশ্চিত কৰা হৈছিল। বৰঞ্চ হেলিকপ্টাৰখনলৈ চেণ্টিনেলী লোকসকলে শত্ৰু গণ্য কৰি ধনুকাড় নিক্ষেপ কৰিছিল।

যদিও এই সংক্ৰান্তত কোনো আনুষ্ঠানিক চুক্তি কৰা হোৱা নাই, নূন্যতম হস্তক্ষেপৰ চৰকাৰী নীতিয়ে কেন্দ্ৰীয় আৰু স্থানীয় চৰকাৰৰ পৰিগাঁথনিৰ মাজত উত্তৰ চেণ্টেনেল দ্বীপৰ বাসিন্দাসকলে কাৰ্যতঃ স্বায়ত্বশাসন আৰু সাৰ্বভৌমত্ব লাভ কৰাটো নিশ্চিত কৰিছে।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →