Back

ⓘ এলভিছ আলী হাজৰিকা ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাঁতোৰবিদ। আঢ়ৈ বছৰ বয়সতে সাঁতুৰিবলৈ আৰম্ভ কৰা হাজৰিকাই ৪ বছৰ বয়সত গুৱাহাটীৰ দীঘলীপুখুৰী স ..



                                     

ⓘ এলভিছ আলী হাজৰিকা

এলভিছ আলী হাজৰিকা ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাঁতোৰবিদ। আঢ়ৈ বছৰ বয়সতে সাঁতুৰিবলৈ আৰম্ভ কৰা হাজৰিকাই ৪ বছৰ বয়সত গুৱাহাটীৰ দীঘলীপুখুৰী সাঁতুৰি পাৰ হৈছিল। মাত্ৰ ৯ বছৰ বয়সতে তেওঁ এছিয়া পেচিফিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল। এলভিছ আলী হাজৰিকা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল সাঁতুৰি পাৰ হোৱা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমজন ব্যক্তি। ২০১৮ চনত তেওঁ ইংলিছ চেনেলৰ ৩৪ কিঃমিঃ দৈৰ্ঘ্যৰ একাংশৰ ২৯ কিঃমিঃ সাঁতুৰি অতিক্ৰম কৰিছিল আৰু এই কাম কৰা তেওঁ প্ৰথমজন অসমীয়া।

                                     

1. কেৰিয়াৰ

এলভিছ আলী হাজৰিকাই ৰাষ্ট্ৰীয় পৰ্যায়ত ৬৮টা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৬টা সোণৰ পদক অৰ্জন কৰিছে।

  • ১৯৯৯ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত অষ্টম ছাফ গেমছত ৫০ মিঃ আৰু ১০০ মিঃ ফ্ৰিষ্টাইল শাখাত ৰূপৰ পদক অৰ্জন।
  • ২০০৯ চনত ৱৰ্ল্ড পুলিচ গেমছত অংশগ্ৰহণ।
  • ১৯৯১ চনত এছিয়া পেচিফিক চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব।
  • ১৯৯৫ চনত ভাৰতত অনুষ্ঠিত সপ্তম ছাফ ছাউথ এছিয়া পেচিফিক গেমছত অংশগ্ৰহণ।

ইয়াৰোপৰি এলভিছ আলি হাজৰিকাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সাঁতোৰ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছে।

                                     

2. অন্যান্য সফলতা

২০১৮ চনৰ জুন মাহত এলভিছ আলী হাজৰিকাই ইংলেণ্ড আৰু ফ্ৰান্স সংযোগী ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ এক প্ৰচেষ্টাত চেনেলটোৰ ২৯ কিঃমিঃ অতিক্ৰম কৰে। এতিয়ালৈকে চেনেলটোত এই দূৰত্ব সাঁতুৰি অতিক্ৰম কৰা তেওঁ একমাত্ৰ অসমীয়া ব্যক্তি।

২০১৯ চনৰ ২৭ আগষ্টত তেওঁ ঘোষণা কৰে যে তেওঁ পৰৱৰ্তী কাৰ্ৰযসূচী অৰ্থাৎ ছাণ্টা কেটেলিনা দ্বীপ আৰু দক্ষিণ কেলিফ’ৰ্নিয়া সংযোগীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল পাৰ হোৱাৰ প্ৰচেষ্টা কাৰ্বি আংলংত দুৰ্বৃত্তৰ হাতত নিহত দুই অসমীয়া যুৱক অভিজিৎ আৰু নীলোৎপলৰ প্ৰতি উৎসৰ্গা কৰিব। ১৫ আগষ্টত ভাৰতীয় সাঁতোৰবিদজনে কেটেলিনা চেনেলটো সাঁতুৰি পাৰ কৰাৰ লগে লগে এই কাৰ্য কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়। সতীৰ্থ পশ্চিমবংগৰ ৰিম’ সাহাৰ সৈতে হাজৰিকাই ১০ ঘণ্টা ৫৯ মিনিটত চেনেলটো সাঁতুৰি অতিক্ৰম কৰে।

ভৱিষ্যত পৰিকল্পনা

২০১৯ চনৰ ছেপ্টেম্বৰত গুৱাহাটীৰ এখন সংবাদ মেলত হাজৰিকাই জনাই যে তেওঁ ২০২০ চনৰ ২৮ জুলাইত আয়াৰলেণ্ড আৰু স্কটলেণ্ড সংযোগী আইৰিছ চেনেল পূৰ্বৰ নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱাৰ পৰিকল্পনা কৰিছে।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →