Back

ⓘ লীল বাহাদুৰ চেত্ৰী এগৰাকী ভাৰতীয় সাহিত্যিক। অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা লীল বাহাদুৰ চেত্ৰীয়ে নেপালী ভাষাত সাহিত্য ৰচনা কৰে। তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ..



লীল বাহাদুৰ চেত্ৰী
                                     

ⓘ লীল বাহাদুৰ চেত্ৰী

লীল বাহাদুৰ চেত্ৰী এগৰাকী ভাৰতীয় সাহিত্যিক। অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা লীল বাহাদুৰ চেত্ৰীয়ে নেপালী ভাষাত সাহিত্য ৰচনা কৰে। তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। ১৯৮৭ চনত তেওঁৰ উপন্যাস ব্ৰহ্মপুত্ৰকো ছেও ছাও ৰ বাবে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁৰ আন এখন উপন্যাস বাচীন নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। ২০১৬ চনত তেওঁৰ নেপালী ভাষা আৰু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে নেপালৰ জগদম্বা শ্ৰী পুৰস্কাৰ লাভ কৰিছিল। ২০২০ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষাক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

                                     

1. প্ৰাৰম্ভিক জীৱন

১৯৩৩ চনৰ ১ মাৰ্চ তাৰিখে গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভত লীল বাহাদুৰ চেত্ৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ প্ৰেম বাহাদুৰ চেত্ৰী আৰু মাতৃ পৱিত্ৰ দেৱী। তেওঁ প্ৰাৰম্ভিক শিক্ষা শ্বিলঙৰ জেল ৰড বেংগলী হাইস্কুল, গোৰ্খা পাঠশালা আৰু শ্বিলং গৰ্ভমেণ্ট হাইস্কুলত গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ ১৯৫৬ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ দুবছৰ পিছত অৰ্থাৎ ১৯৫৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

                                     

2. কৰ্মজীৱন

তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছয় বছৰকাল নেপালী ভাষাৰ অনুষ্ঠান পৰিবেশন কৰিছিল। ১৯৬২ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯৪ চনত তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী পদত থাকি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

                                     

3. সাহিত্য কীৰ্তি

  • প্ৰতিধ্বনি হাৰো বিস্মিত্ৰিয়েকা, ২০০৪
  • বাসীন, ১৯৫৭
  • অতৃপ্ত, ১৯৬৮
  • ব্ৰহ্মপুত্ৰকো ছেও ছাও, ১৯৮৬

চুটি গল্প সংকলন

  • লীল বাহাদুৰ চেত্ৰী কা কাথাহাৰো, ১৯৯৩
  • তিন দশক বিছ অভিব্যক্তি, ১৯৮৩
  • কাহিলে নাফুকনে গাথ, ২০১৪

প্ৰবন্ধ সংকলন

  • আসাম মা নেপালী ভাষা ৰা তয়েছক ছাৰহ গাৰহ, ১৯৬১
  • পুৰ্বোত্তৰ ভাৰতীয় নেপালী সাহিত্য ৰা সমাজ ক সংক্ষিপ্ত ঐতিহাসিক দিগ দৰ্শন, ২০০০
  • ঝাওৰে পাৰ্টি মা লাগড়া, ১৯৯৯
  • ছিমল ক ভুৱা, ২০১১
  • পূৰ্বাঞ্চল ভাৰতীয় নেপালী কাথা সাহিত্য ৰা পত্ৰকৰিতা ক ইতিবৃত্ত, ১৯৯৭
                                     

4. বঁটা আৰু সন্মান

লীল বাহাদুৰ চেত্ৰীয়ে সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বহুতো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হল:

  • দিয়ালু পুৰস্কাৰ, নেপালী সাহিত্য সন্মিলন, দাৰ্জিলিং, ১৯৮২
  • অসম সাহিত্য শিৰোমণি বঁটা, অভিজ্ঞানম স্মৃতি ন্যাস, দুলিয়াজান, ২০১১
  • জগদম্বা শ্ৰী পুৰস্কাৰ, নেপাল, ২০১৬
  • ভানু বঁটা, দাৰ্জিলিং নেপালী একাডেমী, ১৯৮৫
  • আগম সমিতি বঁটা, নেপালী সাহিত্য পৰিষদ, ছিক্কিম, ২০০৫
  • ব্ৰহ্মপুত্ৰকো ছেও ছাও ৰ বাবে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা, ১৯৮৭
  • হৰিভক্ত কাটোৱাল বঁটা, ২০১৩
  • পদ্মশ্ৰী, ২০২০
  • বেদনিধি বঁটা, কাঠমাণ্ডু, ২০০৩
                                     

5. ব্যক্তিগত জীৱন

লীল বাহাদুৰ চেত্ৰী দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল। ধনমায়া চেত্ৰী আৰু লাৱণ্য চেত্ৰী তেওঁৰ পত্নী। তেওঁলোকৰ এগৰাকী কন্যা কৃষ্ণা চেত্ৰী আৰু দুজন পুত্ৰ পংকজ আৰু পল্লৱ চেত্ৰী। বৰ্তমান তেওঁলোক গুৱাহাটীৰ উলুবাৰী অঞ্চলৰ বি বৰুৱা পথৰ মৰখালিত বসবাস কৰে।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →