Back

ⓘ নগেন শইকীয়া একাধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সমালোচক। মিত-ভাষ নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰে। তেখেতে অসম সাহিত্ ..



নগেন শইকীয়া
                                     

ⓘ নগেন শইকীয়া

নগেন শইকীয়া একাধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সমালোচক। মিত-ভাষ নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰে। তেখেতে অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিবেশন আৰু ১৯৯৮ চনৰ হাওৰাঘাট অধিবেশনত সভাপতিত্ব কৰিছিল।

                                     

1. শিক্ষা

গাঁৱৰে বৰকাঠনি এল পি স্কুলত প্ৰাথমিক শিক্ষা লাভৰ অন্তত কাকডোঙা এম ই স্কুল আৰু ঢেকীয়াল হাইস্কুলৰ পৰা ক্ৰমে মধ্য ইংৰাজী আৰু প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ। তাৰপাছত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আই এ ১৯৫৯, গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা বি এ ১৯৬১ আৰু ১৯৬৪ চনত প্ৰাইভেটকৈ এম এ পৰীক্ষাত উত্তীৰ্ণ। ১৯৮১ চনত অসমীয়া সাহিত্য বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ। গৱেষণাৰ বিষয়: এ ক্ৰিটিকেল ষ্টাডি অব্ দা ছচিয়েল এণ্ড ইণ্টেলেকচুৱেল বেকগ্ৰাউণ্ড অব্ মডাৰ্ণ আছামিজ লিটাৰেচাৰ, ১৮২৬-১৯০৩।

                                     

2. কৰ্ম জীৱন

হাতীয়েখোৱা আৰু ঢেকীয়াল হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ। মাজতে কিছুদিন অসম বাতৰিৰ সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ। ইয়াৰ পিছত ক্ৰমে ডিফু কলেজ, যোৰহাটৰ নিউ যোৰহাট কলেজ, আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যলয়ত অধ্যাপনা। ১৯৭২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপকৰূপে যোগদান আৰু ২০০২ চনত উক্ত বিভাগৰ প্ৰাধ্যাপক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন ৰূপে অৱসৰ গ্ৰহণ। ২০০৩ চনত কেইমাহমানৰ বাবে নতুন দৈনিক কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ। ২০০৪-০৬ বৰ্ষত আমাৰ অসম কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ। ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ ৰাজ্যসভাৰ সদস্য।

                                     

3. সাহিত্যিক জীৱন

সুদীৰ্ঘ দিন ধৰি অসম সাহিত্য সভাৰ লগত ঘনিষ্ঠভাৱে জড়িত। বহু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সংগঠনৰ লগত বিশেষভাৱে জড়িত। ইয়াৰ ভিতৰত উল্লেখযোগ্য কৰ্মৰাজি হল:

অসম সাহিত্য সভাৰ

  • প্ৰধান সম্পাদক ১৯৭৩-৭৬,
  • সহ-সম্পাদক ১৯৬৬-৭০,
  • ভাষাজ্ঞান পৰীক্ষা আৰু প্ৰকাশনৰ সচিব ১৯৭০-৭১,
  • পৰিকল্পনা আৰু কাৰ্যসূচী সমিতিৰ সদস্য।
  • সাহিত্য বঁটা সমিতি,
  • শিশু জ্ঞানকোষৰ সদস্য,
  • কোষাধক্ষ্য ১৯৭৭-৭৮,
  • পত্ৰিকা সম্পাদনা,
  • গ্ৰন্থ বাছনি সমিতি,
  • প্ৰধান সম্পাদক ১৯৮০-৮৫,
  • জাতীয় ন্যাস সমিতি,

অসম প্ৰকাশন পৰিষদৰ

  • গ্ৰন্থ পৰিকল্পনা সমিতি,
  • কাৰ্যনিবাহক সমিতি,
  • বিশ্বকোষ প্ৰণয়ন সমিতি,
  • প্ৰশাসনীয় সংস্কাৰ সমিতিৰ সদস্য। লগতে
  • বঁটা নিৰ্বাচক সমিতি,

সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ সদস্য ১৯৭৫-৮৫, ১৯৯৩-৯৮, ২০০৩-০৮, সাধাৰণ পৰিষদৰ সদস্য ১৯৯৩-৯৮। ভাৰতীয় লেখক সংঘৰ সদস্য ১৯৭৪, ভাৰতীয় ভাষা সমিতি, সৰস্বতী সন্মানৰ সদস্য আৰু আহ্বায়ক ১৯৯১-৯৪, উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ কৰ্টৰ সদস্য ১৯৯৩-৯৬, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত টাই ভাষা শিক্ষাৰ সদস্য ১৯৯২-২০০৩, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য ১৯৮৬-৯১, প্ৰকাশ আলোচনী সম্পাদনা সমিতিৰ উদ্দেশ্য, সংজ্ঞা আলোচনীৰ সম্পাদনা সমিতিৰ সদস্য ১৯৭৫-৭৮, কাব্যালোচনী সাম্প্ৰতিকৰ সম্পাদক ১৯৭১, ব্ৰহ্মপুত্ৰ আলোচনীৰ মুখ্য সম্পাদক ১৯৮৫, নাটকমৰ সভাপতি ১৯৬৬-৬৮, ৰাজ্যিক সংহতি পৰিষদৰ সভাপতি ১৯৮৭-৯০, শিশু ভাৰতীৰ সভাপতি ১৯৮৭-২০০১, শংকৰী সংগীত বিদ্যাপীঠৰ সভাপতি১৯৯৭। ইয়াৰ উপৰিও তেওঁ বহুতো অনুষ্ঠান-প্ৰতিষ্ঠান তথা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ সন্মানীয় পদবীৰ আসন শুৱনি কৰিছিল।



                                     

3.1. সাহিত্যিক জীৱন প্ৰকাশিত পুথি

  • স্বপ্ন-স্মৃতি-বিষাদ ১৯৯৭
  • মিতভাষ ১৯৯৫ হিন্দী, ইংৰাজী আৰু নেপালী ভাষালৈ অনূদিত
                                     

3.2. সাহিত্যিক জীৱন গৱেষণামূলক

  • চিন্তা আৰু চিন্তামূলক চৰ্চা ১৯৮০
  • সাংবাদিকতাঃ এটি গধুৰ আৰু পৱিত্ৰ দায়িত্ব ২০০০
  • উনবিংশ শতিকাত অসমীয়া ভাষাৰ সংকট ১৯৮৮
  • Background Of Modern Assamese Literature ১৯৮৮
  • অসমীয়া বৰ্ণমালাৰ ২০০১
  • এজন সন্ত তাঁতীৰ জীৱন ২০০১
  • মহেশ্বৰ নেওগ
  • অসমীয়া কবিতা আৰু অন্যান্য বিষয় ১৯৯৬
  • ব্যক্তিত্বৰ ভাস্কৰ্যৰ
  • শঙ্কৰদেৱ
  • গৱেষণা পদ্ধতি পৰিচয় ১৯৯৬
  • আনন্দ চন্দ্ৰ বৰুৱা
  • অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ ১৯৯৭-৯৮
  • ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু অন্যান্য ৰচনা ১৯৯৩
  • তুলনামূলক সাহিত্য বিচাৰ ১৯৯৬
  • অগ্নিগৰ্ভা অসম ১৯৯৩
                                     

3.3. সাহিত্যিক জীৱন ভ্ৰমণ কাহিনী

  • মহাচীনৰ দিনলিপি ১৯৯৪
  • আমেৰিকাত দহ দিন ১৯৮৮

আত্মজীৱনীমূলক গ্ৰন্থ-

  • ধূলিৰ ধেমালি ২০০২
  • স্বপ্ন আৰু স্মৃতিৰ প্ৰথম খণ্ড
                                     

3.4. সাহিত্যিক জীৱন সম্পাদিত গ্ৰন্থ

  • অধ্যয়ন পৰিচয় ১৯৭৮
  • পদ্মনাথ গোহাঞি বৰুৱা স্মৃতিগ্ৰন্থ ১৯৭১
  • মহেশ্বৰ নেওগ ৰচনাৱলীঃ তৃতীয় থণ্ড ১৯৯৬
  • লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলীক ছয়টা খণ্ডত প্ৰকাশ। ২০১১
  • অসম বন্ধু ১৯৮৪
  • Gramitical Notes Of The Assamese Language by Dr. Nathan Brown, Revised P H Moore
  • বৰগীত ২০০৩
  • সেউজী পাতৰ মাজে মাজে ১৯৬৬
  • চন্দ্ৰ কুমাৰৰ কবিতা সমগ্ৰ ১৯৯৩
  • জোনাকী ২০০১
  • সৰ্বানন্দ সিংহ নগৰৰ অভিজ্ঞান ১৯৮১
  • দেৱদত্ত দেৱ চৰিত্ৰ ২০০৩
  • বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰামধেনুৰ সম্পাদকীয় ২০০৭
  • শ্ৰীশ্ৰী শংকৰদেৱ ১৯৮৫
  • অসমীয়া গল্প কৌমুদী ১৯৭৪
  • সংগীত সাধনা ১৯৮৬
  • Assam And The Assamese Mind 1991
  • অসমৰ সাংস্কৃতিক ঐতিহ্য ২০০৫
  • জটায়ু ২০০৩
  • চিঠি পালো পঢ়ি চালো ২০০১
  • প্ৰবন্ধ সঞ্চয়ন ১৯৭৮
  • আমাৰ ঐতিহ্য আৰু ভণ্ডামি ২০০৭
  • কীৰ্তন ঘোষা ১৯৭৫
  • সাহিত্যৰ বাদ বৈচিত্ৰ্য ২০০৩
  • স্নাতক কবিতা চয়ন ১৯৯৩
  • অধ্যয়ন চক্ৰ ১৯৭৫
  • আধুনিক অসমীয়া সাহিত্যৰ অভিলেখ ১৯৭৭
  • বকুল বনৰ গীত ২০০২
  • অভিনয় শেষ হ’ল ১৯৮৫
  • আমাৰ লিপি সমস্যা ১৯৭৫
  • হিতেশ্বৰ বৰুৱা স্মৃতিমাল্য ১৯৭৬
  • চন্দ্ৰধৰ বৰুৱা ৰচনাৱলী- প্ৰথম খণ্ড ১৯৭৫
  • শিক্ষা সমস্যাত আলোকপাত ১৯৭১
  • আধুনিক অসমীয়া কবিতা মঞ্জৰী ১৯৮৫
  • বেজবৰুৱা নিৰ্বাচিত ৰচনা ১৯৯৮
  • মণিৰাম দেৱানৰ বুৰঞ্জী বিবেক ৰত্ন ২০০২


                                     

3.5. সাহিত্যিক জীৱন অনুবাদ সাহিত্য

  • Kashavsut by P. Machewe Sahitya Akademi 1978 by S N Desai National Book Trust
                                     

3.6. সাহিত্যিক জীৱন বৃহৎ কৰ্ম

  • বঙালী-অসমীয়া অভিধান
  • অসমীয়া মানুহৰ ইতিহাস প্ৰায় দুহেজাৰ পৃষ্ঠা গৰিয়সীত প্ৰকাশিত। বৰ্তমান কথা প্ৰকাশনৰ দ্বাৰা গ্ৰন্থাকাৰে প্ৰকাশিত হল।

ইয়াৰ উপৰিও আৰু বহুতো প্ৰবন্ধ তথা গৱেষণা পত্ৰ আদি অসমীয়া সাহিত্যলৈ তেওঁৰ উল্লেখযোগ্য অৱদান।

                                     

4. বঁটা আৰু সন্মান

  • শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দেৰগাঁও অধিৱেশনৰ সাহিত্য শাখাৰ সভাপতি ১৯৭৬
  • সাহিত্য অকাডেমি বঁটা গ্ৰন্থ- আন্ধাৰত নিজৰ মুখ
  • অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সাহিত্য আলোচনা চক্ৰ সভাপতি ১৯৮৭
  • কৃষ্ণকান্ত সন্দিকৈ বঁটা ২০১১
  • অসম সাহিত্য সভাৰ সভাপতি ১৯৯৭ চনৰ বিলাসীপাৰা অধিবেশন আৰু ১৯৯৮ চনৰ হাওৰাঘাট অধিবেশন
  • অসম সাহিত্য সভা ৰ মোহন চন্দ্ৰ শৰ্মা বঁটা ১৯৮০, গ্ৰন্থ- চিন্তা আৰু চৰ্চা
  • অসম উপত্যকা সাহিত্য বঁটা ২০০৮
                                     

5. প্ৰসঙ্গ পুথি

  • জানানে, শান্তনু কৌশিক বৰুৱা, ২০০৬
  • সংক্ষিপ্ত অসমীয়া বিশ্বকোষ Vol 2, শান্তনু কৌশিক বৰুৱা, জ্যোতি প্ৰকাশন, গুৱাহাটী, অক্টোবৰ ২০০৯
  • প্ৰজ্ঞাৰ্ণৱ –ড॰ নগেন শইকীয়াৰ সম্বৰ্দ্ধনা সভা উপলক্ষে জ্যোতি শাখা সাহিত্য সভা, ঢেকীয়ালৰ দ্বাৰা প্ৰকাশিত। সম্পাদনা- অনিল শইকীয়া। ১৯ এপ্ৰিল ২০০৮, পৃষ্ঠা- ৩৬-৪০।
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →