Back

ⓘ পদ্মশ্ৰী ভাৰতৰ চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদান ..



                                               

কৃষণ মহাৰাজ

 ১৯২৩ চনৰ বেনাৰসত এটা সংগীতময় পৰিয়ালত কৃষণ মহাৰাজৰ জন্ম হৈছিল ৷  কৃষণ মহাৰাজে সংগীতজ্ঞ হৰি মহাৰাজৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল ৷ পিতৃ মৃত্যু পাছত খুড়াক কন্ঠে মহাৰাজে তেখেতক সংগীতৰ শিক্ষা প্ৰদান কৰিছিল ৷  কম বয়সৰ পৰা কৃষণ মহাৰাজে প্ৰখ্যাত সংগীত শিল্পী বৰে গোলাম আলি খান, ভীমসেন যোশী, ৰবি শংকৰ, আলী আকবৰ খান আদি সকলৰ সৈতে একে মঞ্চতে সংগীত পৰিৱেশন কৰা সুযোগ লাভ কৰিছিল ৷  ১৯৭৩ চনত পদ্মশ্ৰী আৰু ২০০২ চনত পদ্মবিভূষণ সন্মানৰে সন্মানিত কৰা হৈছিল ৷  কৃষণ মহাৰাজৰ মৃত্যু হয় ২০০৮ চনৰ ৪ মেত ৷

পদ্মশ্ৰী
                                     

ⓘ পদ্মশ্ৰী

পদ্মশ্ৰী ভাৰতৰ চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।

                                     

1. বঁটাৰ গঠন

ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ আৰু পদ্মভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে। পদকটোৰ উপৰ আৰু তলত পদ্ম আৰু শ্ৰী শব্দ দূটা লিপিবদ্ধ কৰা আছে। ওপৰৰ দিশত বিভিন্ন জ্যামিতিক আকাৰৰ ছবিও আছে।

২০১৩ চনলৈকে মুঠ ২৫৭৭ জন ব্যক্তিয়ে এই সম্মান লাভ কৰিছে।

                                     

2. পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা

  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা ১৯৯০–১৯৯৯
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা ১৯৮০–১৯৮৯
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা ২০০০–২০০৯
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা ১৯৬০–১৯৬৯
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা ১৯৭০–১৯৭৯
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা ২০১০–২০১৯
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা ১৯৫৪–১৯৫৯
                                     

3. বাহ্যিক সংযোগ

  • "Padma Awards Directory 2010". Ministry of Home Affairs.
  • "Padma Awards". Ministry of Communications and Information Technology.
  • "Padma Awards Directory 1954-2009". Ministry of Home Affairs.
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →