Back

ⓘ ভূপেন হাজৰিকা সেতু বা ঢলা-শদিয়া দলং হৈছে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন এখলপীয়া পথ দলং। এই দলং খনে অসম আৰু অৰুণা ..



ভূপেন হাজৰিকা সেতু
                                     

ⓘ ভূপেন হাজৰিকা সেতু

ভূপেন হাজৰিকা সেতু বা ঢলা-শদিয়া দলং হৈছে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন এখলপীয়া পথ দলং। এই দলং খনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগ সহজ কৰি তুলিব। ২০১১ চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলঙৰ নিৰ্মাণকাৰ্য ২০১৭ চনত শেষ হয়। ২০১৭ চনৰ ২৬ মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াএই দলংখন আনুষ্ঠানিক ভাৱে মুকলি কৰে।। ভূপেন হাজৰিকাৰ স্মৃতিত দলং খনৰ নাম ভূপেন হাজৰিকা সেতু নামেৰে নামকৰণ কৰা হৈছে। ৯.১৫ কিঃমিঃ দৈৰ্ঘৰ এই দলং ভাৰতৰ তথা এছিয়াৰ দীৰ্ঘতম নদী দলং। অসমৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত এই দলং খনে অসম আৰু অৰুণাচল প্ৰদেশৰ যোগাযোগ ব্যৱস্থা ক্ষিপ্ৰতৰ কৰি উঠাৰ লগতে প্ৰতিৱেশী বিদেশী ৰাষ্ট্ৰ চীন, ম্যানমাৰৰ লগত যোগাযোগ তথা আৰ্থ-সামাজিক দিশত ন দুৱাৰ মুকলি হব বুলি আশা কৰা হৈছে।

অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা শদিয়াৰ দূৰত্ব ৫৪০ কিঃমিঃ আনহাতে, অৰুণাচলৰ ৰাজধানী ইটানগৰৰ পৰা ঢলাৰ দূৰত্ব ৩০০ কিঃমিঃ। শদিয়াৰ নিকটতম বিমান বন্দৰ হল ডিব্ৰুগড় বিমানবন্দৰ। উল্লেখযোগ্য যে অৰুণাচলত কোনো বাণিজ্যিক বিমান বন্দৰ নাই তথা ৰেল ব্যৱস্থাও ইমান সুচল নহয়। সেয়ে পথ পৰিবহণ এই ৰাজ্যৰ যাতায়তৰ মূল ভেটি। তদুপৰি এই দলং খনে অসমৰ পৰা অৰুণাচলৰ পথ চাৰি ঘণ্টা কাললৈ চুটি কৰি আনিব।

মুম্বাইৰ বিখ্যাত বান্দ্ৰা-ৱাৰলী চি লিংক সেতুৰ পৰা এই দলং প্ৰায় ৩০ শতাংশ দীঘল।

২০১১ চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলং খনৰ আনুমানিক মুঠ ব্যয় ৯৫০ কোটি টকা।

কেৱল সাধাৰণ নাগৰিকৰ বাবেই নহয়, এই দলং সেনাবাহিনীৰ বাবেও গুৰুত্বপূৰ্ণ ভূমিকা আছে। টেংক তথা গধুৰ অস্ত্ৰ পাতি পৰিবহণত এই দলং একমাত্ৰ সাৰথি। অৰুণাচলৰ উত্তৰ সীমান্তত চীন দেশ অৱস্থিত। এই অঞ্চলৰ পৰা ভাৰতৰ মূলভাগৰ লগত যোগাযোগ ৰক্ষাৰ ক্ষেত্ৰত ঢলা শদিয়া দলং খনে মুখ্য ভূমিকা পালন কৰিব।

কেন্দ্ৰীয় চৰকাৰে ঢলা-শদিয়া দলঙৰ যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে ২০১৫ চনত ১৫,০০০ কোটি টকাৰ এক পেকেজ ঘোষণা কৰিছিল।

                                     

1. নিৰ্মাণ

হাইদৰাবাদস্থিত নৱযুগ ইঞ্জিনীয়াৰিং কোম্পানী লিমিটেড নামৰ এক সংস্থাৰ লগত যৌথ উদ্যোগত ২০১১ চনৰ পৰা লোহিত নদীৰ ওপৰত এই দলংৰ নিৰ্মাণ কাম আৰম্ভ হয়। প্ৰায় ৯৩৮ কোটি টকা ব্যয়ে নিৰ্মিত এই দলং ২০১৭ চনত সম্পূৰ্ণ হৈ উঠে। ২০১৭ চনৰ ২৬ মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াএই দলং আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →