Back

ⓘ লিয়েণ্ডাৰ পেজ এজন ভাৰতীয় টেনিচ খেলুৱৈ। ১৯৭৩ চনৰ ১৭ জুনত তেওঁৰ কলকাতাত জন্ম হয়। কলকাতাতেই তেওঁ ডাঙৰ-দীঘল হয় । তেওঁৰ মাতৃ জেনিফাৰ পেজ এগৰাকী বিখ্যাত বাস্কেটবল ..



লিয়েণ্ডাৰ পেজ
                                     

ⓘ লিয়েণ্ডাৰ পেজ

লিয়েণ্ডাৰ পেজ এজন ভাৰতীয় টেনিচ খেলুৱৈ। ১৯৭৩ চনৰ ১৭ জুনত তেওঁৰ কলকাতাত জন্ম হয়। কলকাতাতেই তেওঁ ডাঙৰ-দীঘল হয় । তেওঁৰ মাতৃ জেনিফাৰ পেজ এগৰাকী বিখ্যাত বাস্কেটবল খেলুৱৈ আছিল আৰু ১৯৮০ চনৰ এছিয় বাস্কেটবল প্ৰতিযোগিতাত তেওঁ ভাৰতীয় দলক নেতৃত্ব দিছিল । পিতৃ ভাচ পেজ ব্ৰঞ্জপদক জয়ী ১৯৭২ মিউনিক অলিম্পিক দলৰ হকী খেলুৱৈ। লিয়েণ্ডাৰ পেজ তেওঁৰ মাতৃৰ দিশৰ পৰা কবি মাইকেল মধুসূদন দত্তৰ বংশধৰ।

                                     

1. কৰ্মজীৱন

১৯৮৫ চনত লিয়েণ্ডাৰে মাদ্ৰাজৰ ব্ৰিটেনিয়া টেনিচ একাডেমীত যোগদান কৰে। তেওঁ পেশাদাৰী টেনিচ খেলুৱৈ হিচাপে ১৯৯১ চনত প্ৰথমে আত্মপ্ৰকাশ কৰে । ১৯৯১ চনত লিয়েণ্ডাৰ পেজ ইউএচ অপেন আৰু জুনিয়ৰ উইম্বলেডনত জয় লাভ কৰে। ১৯৯২ চনত তেওঁ ৰমেশ কৃষ্ণন ৰ লগত বাৰ্চিলনা অলিম্পিকৰ দ্বৈত প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত আগ বাঢ়ে। ১৯৯৬ চনৰ আটলান্টা অলিম্পিকত ফাৰ্নান্দ মেলিজেনি ক পৰাজিত কৰি ব্ৰঞ্জ পদক লাভ কৰে। সেই বছৰ তেওঁ ৱৰ্ল্ড জুনিয়ৰ ৰেংকিংত প্ৰথম স্থান পায়ো। উইম্বলডন জুনিয়ৰ খিতাপ জয়ে পেজক আন্তৰ্জাতিক পৰিচিতি প্ৰদান কৰে। মহেশ ভূপতিৰ লগত তেওঁ বিশ্ব ডাবলচ টেনিচত দীৰ্ঘসময় প্ৰথম স্থান ধৰি ৰাখে।

ভাৰতৰ অন্যতম অনন্য ক্ৰীড়াব্যক্তিত্ব হিচাপে তেওঁক দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা ১৯৯৬-১৯৯৭ প্ৰদান কৰা হয়। ২০০১ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →