Back

ⓘ ৪ ডিচেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা – ..



                                               

এলবাৰ্ট বান্দুৰা

এলবাৰ্ট বান্দুৰা হৈছে এগৰাকী কানাডীয়-আমেৰিকান মনোবিজ্ঞানী। তেখেত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগত ডেভিড ষ্টাৰ জৰ্ডান প্ৰফেচাৰ এমিৰেটাছ। মনোবিজ্ঞান আৰু শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা একাধিক উল্লেখযোগ্য বৰঙণিৰ বাবে বান্দুৰা জনাজাত। তেখেতৰ কেইখনমান ঘাঁই বিচৰণস্থলী হৈছে-সামাজিক বোধগত তত্ত্ব, থেৰাপি, আৰু ব্যক্তিত্ব মনোবিজ্ঞান। আচৰণবাদ আৰু বোধগত মনোবিজ্ঞানৰ মাজত একধৰণৰ উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত বান্দুৰাৰ ভূমিকা লেখত লবলগীয়া। বান্দুৰাই সামাজিক শিকন তত্ত্ব, স্ব-কাৰ্যকাৰিতা আৰু পৰ্যবেক্ষণমূলক শিকনলৈ প্ৰভাৱশালী বৰঙণি আগবঢ়াইছে। তেখেতৰ তত্ত্বাৱধানত সম্পন্ন হোৱা বব পুতলাৰ পৰীক্ষা স্মৰণীয়। ২০০ ...

                                     

ⓘ ৪ ডিচেম্বৰ

৪ ডিচেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা –

                                     

1. ঘটনাৰাজী

  • ১৯১০ চনৰ আজিৰ দিনটোতে ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি ৰামস্বামী ভেংকটৰমণৰ জন্ম হয়।
  • ইংৰাজ চিন্তাবিদ আৰু প্ৰসিদ্ধ সাহিত্যিক টমাছ কাৰ্লাইলৰ জন্ম হৈছিল আজিৰ দিনটোতে। তেওঁ ফ্ৰেন্স ৰিভিলিউচনৰ ৰচয়িতা ৰূপে বিখ্যাত আছিল।
  • ২০০৬ বৰ্ষৰ আজিৰ দিনটোতে শিক্ষাবিদ আৰু অৰ্থনীতিবিদ,অসমীয়া ভাষাত অসমৰ অৰ্থনীতি বিষয়ক গ্ৰন্থ লিখা প্ৰথমজন ব্যক্তি ভৱানন্দ ডেকাই মৃত্যু বৰণ কৰিছিল।
  • ১৯৯৭ চনৰ আজিৰ দিনটোতে ভাৰত গণতন্ত্ৰৰ ১১শ লোকসভা ভঙ্গ কৰি দিয়া হয়।
  • আজি ভাৰতৰ নৌ সেনা দিৱস।
  • ২০১১ চনৰ আজিৰ দিনটোতে সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী, কামতা সাহিত্য ৰত্ন, অম্বিকাচৰণ চৌধুৰীৰ মৃত্য়ু হৈছিল।
  • ২০১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ফুটবল খেলুৱৈ ৰবিন গুৰুঙ-এ কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অ এন জি চি দলৰ হৈ ইষ্ট বেংগল দলৰ বিৰুদ্ধে নিজৰ পেছাদাৰী ফুটবল কেৰিয়াৰৰ পাতনি মেলে।
  • ১৯২১ চনৰ আজিৰ দিনটোতে কবি সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল।
  • ১৮২৯ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষত সতীদাহ প্ৰথা নিষিদ্ধ হৈছিল। আৰু ইয়াৰ প্ৰধান উদ্যোক্তা আছিল লৰ্ড বেণ্টিক।
  • ১৯১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ অমৰ সিঙৰ জন্ম হৈছিল।
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →