Back

ⓘ মনমোহন সিং. ড॰ মনমোহন সিং শুনক ; জন্ম ২৬ চেপ্তেম্বৰ ১৯৩২ ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী। এজন বিখ্যাত অৰ্থনীতিবিদ ড॰ সিং জৱাহৰলাল নেহৰুৰ পাছতে একেলেথাৰিয়ে দুবাৰ ক ..



মনমোহন সিং
                                     

ⓘ মনমোহন সিং

ড॰ মনমোহন সিং শুনক ; জন্ম ২৬ চেপ্তেম্বৰ ১৯৩২) ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী। এজন বিখ্যাত অৰ্থনীতিবিদ ড॰ সিং জৱাহৰলাল নেহৰুৰ পাছতে একেলেথাৰিয়ে দুবাৰ কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ প্ৰধানমন্ত্ৰী আৰু প্ৰথম শিখ।

মনমোহন সিঙৰ জন্ম হৈছিল গহত বৰ্তমান পাকিস্তানৰ পঞ্জাবত। ১৯৪৭ চনৰ দেশবিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়াল ভাৰতলৈ আহে। অক্সফৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ১৯৬৬-৬৯ চনত ৰাষ্ট্ৰসংঘত চাকৰি কৰে। ললিত নাৰায়ন মিশ্ৰই তেওঁক ভাৰতীয় ব্যৱসায় আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপদেষ্টা নিৰ্বাচন কৰাৰ লগে লগে তেওঁৰ আমোলাতন্ত্ৰিক জীৱন আৰম্ভ হয়। ৭০ আৰু ৮০ ৰ দশকত মুখ্য অৰ্থনৈতিক উপদেষ্টা ১৯৭২-৭৬, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ১৯৮২-৮৫, পৰিকল্পনা আয়োগৰ অধ্যক্ষ ১৯৮৫-৮৭ আদি ভাৰত চৰকাৰৰ কেইবাটাও দপ্তৰত তেওঁ চাকৰি কৰে।

১৯৯১ চনত ভাৰত প্ৰবল বিত্তীয় সংকটত পৰে। নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে সকলোকে আচৰিত কৰি অ-ৰাজনৈতিক ড॰ মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাবে কেবিনেটত মকৰল কৰে। প্ৰতিপক্ষৰ তীব্ৰ বিৰোধিতা সত্ত্বেও পাচৰ কেইবছৰত ড॰ সিঙে ভাৰতৰ অৰ্থনীতিক মুক্ত অৰ্থনীতি হিচাবে গঢ়ি তুলিবলৈ এলানি অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ ফলত ভাৰতৰ বিত্তীয় সংকট আঁতৰিল আৰু সংস্কাৰবাদী অৰ্থনীতিবিদ হিচাবে গোলকীয়ভাৱে সিঙৰ প্ৰতিষ্ঠা হল, যদিও ১৯৯৬ চনত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। তথাক্ৰমে পাচৰ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত সিঙে ৰাজ্যসভাত বিৰোধীপক্ষৰ নেতা হিচাবে কংগ্ৰেছ দলৰ নেতৃত্ব কৰে।

২০০৪ চনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স UPA ক্ষমতালৈ অহাৰ সময়ত অধ্যক্ষা ছোনিয়া গান্ধীয়ে অপ্ৰত্যাশিতভাবে মনমোহন সিঙক প্ৰধানমন্ত্ৰিত্ব অৰ্পণ কৰে। সিঙৰ নেতৃত্বৰ "UPA I" চৰকাৰে নেশ্যনেল ৰুৰেল হেল্থ মিশ্যন, ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অব ইণ্ডিয়া, মহাত্মা গান্ধী ৰুৰেল এম্প্লয়মেণ্ট গেৰাণ্টি এক্ট, ৰাইট টু ইনফৰমেশ্যন এক্টকে ধৰি কেইবাখনো আইন আৰু আঁচনি গ্ৰহণ কৰে। ২০০৮ চনত ভাৰত আৰু আমেৰিকাৰ চিভিল নিউক্লিয়াৰ এগ্ৰিমেণ্ট বিলখনৰ বিৰোধিতা কৰি লেফ্ট ফ্ৰণ্টে চৰকাৰলৈ সমৰ্থন উঠাই লোৱাৰ বাবে চৰকাৰ প্ৰায় ভংগই হবলৈ ওলাইছিল। যদিও UPA I -অৰ কাৰ্য্যকালত ভাৰতৰ অৰ্থনীতি যথেষ্ট উৰ্ধগামী হয়, ২০০৮ চনৰ মুম্বাই আক্ৰমণ আৰু মাওবাদী বিদ্ৰোহ আদিয়ে চৰকাৰক বিপাঙত পেলায়।

২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ পুনৰ বিপুল সংখ্যাগৰিষ্ঠতাৰে বিজয়ী হয় আৰু পুনৰ মনমোহন সিঙৰ প্ৰধানমন্ত্ৰিত্বত চৰকাৰ গঠন কৰে। পাচৰ কেইবছৰত কমনৱেল্থ গেমচৰ আয়োজন, ২ জি স্পেক্ট্ৰাম, কয়লাৰ আবণ্টন আদি কেইবাটাও দুৰ্নীতি কাণ্ডই চৰকাৰক জুৰুলা কৰে।

                                     

1. শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন

১৯৩২ চনৰ ২৬ ছেপ্তেম্বৰত ব্ৰিটিছ শাসিত পঞ্জাবৰ গহতবৰ্তমান পাকিস্তানত গুৰমুখ সিঙৰ ঔৰসত আৰু অমৃত কৌৰৰ গৰ্ভত মনমোহন সিঙে জন্মলাভ কৰে। শিশু অৱস্থাতে মাকক হেৰুওৱা মনমোহনক আইতাকে দেউতাকৰ মাক তুলি-তালি ডাঙৰ-দীঘল কৰে।

দেশ বিভাজনৰ পিছত তেওঁলোকৰ পৰিয়ালটো ভাৰতৰ অমৃতসৰলৈ গুছি আহে আৰু তেওঁ তাৰ হিন্দু কলেজত অধ্যয়ন কৰে। তাৰ পিছত পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত ক্ৰমে ১৯৫২ আৰু ১৯৫৪ চনত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৫৭ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰাইপচ Tripos সফলতাৰে সমাপ্ত কৰে।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →