Back

ⓘ বৰ্ফি!, চলচ্চিত্ৰ ২০১২. বৰ্ফি! অনুৰাগ বসু লিখিত আৰু পৰিচালিত ২০১২ চনত মুক্তি পোৱা এখন ৰোমাণ্টিক হাস্যৰসধৰ্মী চলচ্চিত্ৰ। বৰ্ফি নামৰ বোবা আৰু কলা এজন ল’ৰা আৰু তেও ..



বৰ্ফি! (চলচ্চিত্ৰ ২০১২)
                                     

ⓘ বৰ্ফি! (চলচ্চিত্ৰ ২০১২)

বৰ্ফি! অনুৰাগ বসু লিখিত আৰু পৰিচালিত ২০১২ চনত মুক্তি পোৱা এখন ৰোমাণ্টিক হাস্যৰসধৰ্মী চলচ্চিত্ৰ। বৰ্ফি নামৰ বোবা আৰু কলা এজন ল’ৰা আৰু তেওঁৰ দুজনী ছোৱালীৰ সৈতে সম্পৰ্কক লৈ চলচ্চিত্ৰ খনৰ কাহিনী ভাগ, ছোৱালী দুজনীৰে এজনী অ’টিজিমত আক্ৰান্ত । চলচ্চিত্ৰ খনৰ পটভূমি কলকাতা আৰু দাৰ্জিলিং। মুখ্য অভিনেতা অভিনেত্ৰী সকল হৈছে ৰণবীৰ কাপুৰ, প্ৰিয়ংকা চোপ্ৰা আৰু ইলিয়ানা ডিক্ৰুজ।

ভাৰতৰ ১৩০০টা ছবি ঘৰত ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত মুক্তি পোৱা ছবিখনৰ বাজেট আছিল ₹৩০ কোটি। অনুৰাগ বসুৱে পাছত ঘোষণা কৰে যে ছবি খনৰ এটা ইংৰাজী সংস্কৰণ মুক্তি দিয়াৰো তেওঁৰ পৰিকল্পনা আছে।

ইতিমধ্যে চলচ্চিত্ৰ খনক ২০১৩ চনৰ ফেব্ৰুৱাৰীত হ’ব লগা অস্কাৰ বঁটাৰ বাবে ভাৰতৰ পৰা বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি শাখাৰ বাবে মনোনীত কৰা হৈছে। দেশৰ ভিতৰত সৰ্বাধিক মুঠ উপাৰ্জন কৰা চলচ্চিত্ৰ তালিকাত ইতিমধ্যে বৰ্ফি! য়ে স্থান পাইছে। মুক্তিৰ তিনি সপ্তাহৰ পাছত বৰ্ফিক বক্স অফিচ ইণ্ডিয়াৰ এখন চুপাৰ হিট হিচাপে ঘোষণা কৰা হয়।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →