Back

ⓘ গ্ৰীষ্মকালীন অলিম্পিক ২০১২ত ভাৰত. ভাৰতে ইংলেণ্ডৰ লণ্ডনত অনুষ্ঠিত ২০১২ অলিম্পিক ত ভাগ লৈছিল। ২০১২ চনৰ ২৭ জুলাইৰ পৰা ১২ আগষ্ট লৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ..



গ্ৰীষ্মকালীন অলিম্পিক ২০১২ত ভাৰত
                                     

ⓘ গ্ৰীষ্মকালীন অলিম্পিক ২০১২ত ভাৰত

ভাৰতে ইংলেণ্ডৰ লণ্ডনত অনুষ্ঠিত ২০১২ অলিম্পিক ত ভাগ লৈছিল। ২০১২ চনৰ ২৭ জুলাইৰ পৰা ১২ আগষ্ট লৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ভাৰতীয় অলিম্পিক সংস্থাই ১৩ টা বিভিন্ন শাখাত মুঠ ৮৩ জন খেলুৱৈক এই প্ৰতিযোগিতাত ভাগ ল’বলৈ সুবিধা দিছিল।

২০১২ লণ্ডন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বহন সুশীল কুমাৰে কৰিছিল আৰু সামৰণি অনুষ্ঠানত মেৰি কমে কৰিছিল।

২০১২ লণ্ডন অলিম্পিক প্ৰতিযোগিতাত ভাৰতে মুঠ ৬ টা পদক দখল কৰে। ইয়াৰ ভিতৰত দুটা ৰূপৰ আৰু ৪ টা ব্ৰঞ্জৰ পদক আছিল।

                                     

1. পদক বিজয়ীসকল

গগন নাৰঙে ভাৰতৰ হৈ ২০১২ লণ্ডন অলিম্পিকত প্ৰথমটো পদক দখল কৰে। ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত তেওঁ ব্ৰঞ্জৰ পদক দখল কৰিছিল।

বিনয় কুমাৰে পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাত ৰূপৰ পদক দখল কৰে। নৰমান প্ৰিটচাৰ্ড আৰু ৰাজ্যৱৰ্ধন ৰাথোড়ৰ পিছত বিনয় কুমাৰে হৈছে ভাৰতৰ হৈ অলিম্পিকৰ কোনো এক ব্যক্তিগত বিভাগত ৰূপৰ পদক বিজয়ী তৃতীয়জন খেলুৱৈ।.

ইয়াৰ উপৰিও, ছাইনা নেহৱালে মহিলাৰ ছিংগলছত ব্ৰঞ্জৰ পদক দখল কৰে। অলিম্পিকৰ বেডমিণ্টনত পদক জিকা ছাইনাই হৈছে প্ৰথম ভাৰতীয় খেলুৱৈ। ২০০০ ছিডনী অলিম্পিকৰ ভাৰুত্তোলনত ব্ৰঞ্জ পদক বিজয়ী কৰ্ণাম মালেশ্বৰীৰ পিছত ছাইনাই হৈছে দ্বিতীয় গৰাকী ভাৰতীয় মহিলা যি অলিম্পিকৰ কোনো এক ব্যক্তিগত শাখাত পদক দখল কৰিছে।

ভাৰতৰ হৈ চতুৰ্থটো পদক তথা অলিম্পিকত ব্যক্তিগত শাখাত পদক দখল কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা হ’ল মেৰী কম। মহিলাৰ ফ্লাইৱেইট শাখাত মেৰী কমে ব্ৰঞ্জ পদক দখল কৰে।

৬০ কিঃগ্ৰাঃ ফ্ৰীষ্টাইল মল্লযুঁজ ইভেণ্টত যোগেশ্বৰ দত্তই ভাৰতৰ হৈ চতুৰ্থটো ব্ৰঞ্জ পদক তথা ভাৰতৰ পঞ্চমটো পদক দখল কৰে। অলিম্পিকৰ মল্লযুঁজ শাখাত এইটোৱেই হৈছে ভাৰতৰ বাবে তৃতীয়টো ব্ৰঞ্জ পদক। ইয়াৰ আগতে কে ডি যাদৱে ১৯৫২ আৰু সুশীল কুমাৰে ২০০৮ বেইজিং অলিম্পিকৰ মল্লযুঁজত ব্ৰঞ্জ পদক দখল কৰিছিল।

৬৬ কিঃগ্ৰাঃ ফ্ৰীষ্টাইল মল্লযুঁজ শাখাত সুশীল কুমাৰে ৰূপৰ পদক দখল কৰে। তেৱেঁই হৈছে প্ৰথম ভাৰতীয় যি কোনো এক ইভেণ্টৰ ব্যক্তিগত শাখাত একেৰাহে দুখন অলিম্পিকত পদক লাভ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ২০০৮ বেইজিঙ অলিম্পিকত একেটা শাখাতে ব্ৰঞ্জ পদক লাভ কৰিছিল।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →