Back

ⓘ অসমীয়া সাহিত্য ক লিখিত পৰম্পৰাৰ পৰিৱৰ্তনৰ দিশৰ পৰা লক্ষ্য কৰি কেইবাটাও ভাগত ভগাব পাৰি। যেনে- প্ৰাক্ বৈষ্ণৱ সাহিত্য পাঁচালী সাহিত্য চৰিত পুথি আৰু বংশাৱলী বুৰঞ্জ ..



                                               

অসমীয়া সংস্কৃতি আৰু মুছলমানসকল

অসমৰ সংস্কৃতিৰ পথাৰখনত অনেক সময়ত অনেক জাতি-জনগোষ্ঠীয়ে আৰ্বিভাব হৈ শেহলৈ নিজকে এক অসমীয়া জাতি হিচাপে পৰিচয় দিছে । অসমৰ ধৰ্মৰ ক্ষেত্ৰখনৰ লগতে সাহিত্য, স্থাপত্য, ভাস্কৰ্য, খাদ্যাভাস সকলোতে প্ৰতিটো জনগোষ্ঠীৰে অৱদান পৰিলক্ষিত হৈছে । তেনেদৰে মুছলমানসকলেও দিয়া-লোৱাৰ মাজেৰে অসমৰ বুকুত নিজকে প্ৰতিষ্ঠা কৰি সমন্বয়ৰ সংস্কৃতি গঢ় দিছে ।

                                               

দীপাৱলী কুৰ্মি

খামটি গাঁও‌ প্ৰাথমিক বিদ্যালয়ৰ পৰা‌ প্ৰাথমিক শিক্ষা আৰম্ভ কৰি ২০০৪ চনত জকাই উচ্চ মাধ্যমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীত নামভৰ্তি কৰে। তাৰ পিছত ২০১০ বৰ্ষত অসমীয়া, ইংৰাজী আৰু বিজ্ঞান বিষয়ত লেটাৰসহ ষ্টাৰমাৰ্ক লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত ডিব্ৰুগড় জ্ঞান বিজ্ঞান একাদেমীয়ে নাম ভৰ্তিৰ কৰে। জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষ্টাৰ মাৰ্ক পোৱা দীপাৱলীয়ে হৈছে প্ৰথম গৰাকী ছাত্ৰী। ২০১২ বৰ্ষত ডিব্ৰুগড় জ্ঞান বিজ্ঞান একাদেমীৰ পৰা আটাইকেইটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে মাত্ৰ ২ নম্বৰৰ বাবে অসমৰ ভিতৰতে কলা শাখাত শীৰ্ষ দহৰ স্থান লাভৰ বাবে বঞ্চিত হয়। ২০১৫ বৰ্ষত ডিব্ৰুগড় হনুমান বক্স সূৰজমল ক ...

                                               

শংকৰী সংস্কৃতি

শংকৰী সংস্কৃতি বুলিলে সামগ্ৰিকভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ সামাজিক, ধাৰ্মিক, সাহিত্যিক, সামাজিক, সাংস্কৃতিক আদি দিশত আগবঢ়োৱা অৱদান সমূহকে বুজা যায়। পঞ্চদশ ষোড়শ শতিকাৰ মহাপুৰুষ শ্ৰীশঙ্কৰদেৱে অসমত যি নৱ-বৈষ্ণৱ ধৰ্মৰ সোঁত বোৱালে তাৰ ফলত অসমৰ জাতীয় জীৱনৰ এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিল। ভক্তিধৰ্মক কেন্দ্ৰ কৰি অসমৰ ধৰ্ম, সমাজ, সাহিত্য, কলা আদি বিভিন্ন ক্ষেত্ৰত মহাপুৰুষে যি বহুমুখী দান দিলে তাৰ ফলত অসমত এক নতুন যুগৰ সূচনা হল। এই যুগটোৱেই আমাৰ সাহিত্যত শঙ্কৰী যুগ। আমাৰ ধৰ্মজীৱন, সামাজিক জীৱন, সাহিত্য, সঙ্গীত, আদি সংস্কৃতিৰ ঘাই উপাদানবোৰৰ ওপৰত মহাপুৰুষ শঙ্কৰদেৱৰ প্ৰভাৱ অপৰিসীম। এক শঙ্কৰী সংস ...

                                               

চুঙা

চুঙা হ’ল এফালে গাঁঠি ৰাখি বা নাৰাখি কটা বাঁহৰ পাব। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীসকলৰ দৈনন্দিন জীৱন প্ৰবাহ, কলা, সংগীত, সাহিত্য, ধৰ্মীয় আদি বিভিন্ন দিশত চুঙাৰ ব্যৱহাৰ দেখা যায়। অসমলৈ চুঙাৰ আগমন ঘটিছিল জনজাতিসকলৰ মাজেদি।

                                               

মুকুল চক্ৰৱৰ্তী

মুকুল চক্ৰৱৰ্তী অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক, প্ৰাবন্ধিক তথা হাস্য-ব্যংগ লিখক। ‘চৰিত পুথি’ৰ এগৰাকী বিশিষ্ট গৱেষক হিচাপে পৰিচিত চক্ৰৱৰ্তী ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী মাহেকীয়া বাৰ্তাপখিলী ৰ এগৰাকী উপদেষ্টা হোৱাৰ লগতে হাস্য-ব্যংগ আলোচনী গিৰজনি ৰ সম্পাদক। তেওঁ ২০১০ চনৰ পৰা নৰ্থ ইষ্ট ইণ্ডিয়া নেটৱৰ্ক ফৰ একাডেমিক ডিচকৰ্চ ৰ দ্বাৰা প্ৰকাশিত ৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকা প্ৰান্তস্বৰ ৰো মুখ্য সম্পাদক। তেওঁৰ বৰ্তমানলৈ ১২খন প্ৰবন্ধ পুথি, ৬খন হাস্য-ব্যংগ সংকলন আৰু ৪খন সম্পাদিত গ্ৰন্থ প্ৰকাশ পাইছে।

                                               

ভৌতিক সংস্কৃতি

লোকসংস্কৃতিৰ চাৰিটা ক্ষেত্ৰৰ ভিতৰত এটা অন্যতম ক্ষেত্ৰ বা শ্ৰেণী হৈছে ভৌতিক সংস্কৃতি। লোকসমাজত যুগে যুগে প্ৰচলিত পৰম্পৰা আৰু ৰক্ষণশীল ঐতিহ্যৰ পৰিসৰে সামৰি লোৱা মৌখিক কলা - কৌশল, পাৰদৰ্শিতা, পদ্ধতি আদিৰ বহিঃ প্ৰকাশেই মূলতঃ ভৌতিক সংস্কৃতি ।

                                               

সংস্কৃতি

সংস্কৃতিৰ পৰিসৰ অতি ব্যাপক। বিভিন্নজনে বিভিন্ন ধৰণে সংস্কৃতিৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিছে। সংস্কৃতিৰ গুণ-লক্ষণ-বৈশিষ্ট্য আদিলৈ লক্ষ্য কৰি সংস্কৃতিৰ বিভিন্ন প্ৰকাৰসমূহ হৈছে: ক অভিজাত সংস্কৃতি খ লোকসংস্কৃতি আৰু গ জনজাতীয় সংস্কৃতি। আনহাতে নৃতত্ত্ববিদ তথা সমাজতাত্ত্বিকসকলে সংস্কৃতিক দুটা বহল ভাগত ভগাইছে: ক বস্তুবাদী সংস্কৃতি Material Culture খঅবস্তুবাদী সংস্কৃতি Non-material Culture

                                               

বৰুণ

বৰুণ হৈছে হিন্দু ধৰ্মৰ এগৰাকী বৈদিক দেৱতা আৰু তেওঁ আকাশ, জল, ন্যায় আৰু সত্যৰ সৈতে জড়িত। প্ৰাচীনতম বৈদিক সাহিত্য যেনে ঋকবেদ আদিত বৰুণৰ উল্লেখ পোৱা যায়। তামিল ভাষাৰ ব্যাকৰণৰ পুথি টোলকাপ্পিয়ম ত বৰুণক সমুদ্ৰ আৰু বৃষ্টিৰ অধিষ্ঠাতা দেৱতা কড়ালন বুলি আখ্যা দিয়া হৈছে। তেওঁক সপ্তৰ্ষিৰ অন্যতম ঋষি কাশ্যপৰ পুত্ৰ বুলি বিশ্বাস কৰা হয়। হিন্দু পুৰাণসমূহৰ মতে বৰুণ সমুদ্ৰৰ দেৱতা। তেওঁৰ বাহন আৰু অস্ত্ৰ হৈছে ক্ৰমে মকৰ আৰু পাশ। তেওঁ পশ্চিম দিশৰ ৰক্ষক দেৱতা। কিছুসংখ্যক ৰচনাৰ মতে বৰুণৰ পিতৃ হৈছে বশিষ্ঠ মুনি। জাপানী বৌদ্ধ ধৰ্মৰ আখ্যানসমূহত বৰুণক ছুইটেন হিচাপে পোৱা যায়। জৈন ধৰ্মতো বৰুণৰ উপস্থিতি দেখা পোৱা যায়।

                                               

সূৰ্য (দেৱতা)

সূৰ্য হৈছে হিন্দু ধৰ্মৰ এজন দেৱতা। সংস্কৃত ভাষাত সূৰ্যৰ অৰ্থ বেলি। পৌৰাণিক ভাৰতীয় সাহিত্যত সূৰ্যক আদিত্য, অৰ্ক, ভানু, সৱিতুৰ, পোষণ, ৰবি, মাৰ্তণ্ড, মিত্ৰ, ভাস্কৰ, প্ৰভাকৰ আৰু বিভাসন আদি নামেৰে সম্বোধিত কৰা হৈছে। ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু উৰিষ্যাৰ সৌৰপন্থী অৰ্থাৎ সূৰ্যৰ উপাসকসকলৰ মাজত তেওঁৰ গুৰুত্ব অধিক। হিন্দুধৰ্মৰ প্ৰধান পাঁ‌চজন দেৱতাৰ মাজত সূৰ্য অন্যতম। স্মাৰ্ত পৰম্পৰা অনুসৰি ব্ৰহ্মত্ব প্ৰাপ্তিৰ বাবে সূৰ্য এক অপৰিহাৰ্য দেৱতা। সূৰ্যক প্ৰায়েই সাতটা ঘোঁৰাই টনা এখন ৰথত উপৱিষ্ট হিচাপে চিত্ৰায়িত কৰা হয়। ই দৃশ্যমান সাতোৰঙ আৰু সপ্তাহৰ সাতোটা দি ...

                                               

অগ্নি (দেৱতা)

অগ্নি হৈছে হিন্দু ধৰ্মৰ জুইৰ অধিষ্ঠাতা দেৱতা। তেওঁ দক্ষিণ-পূব দিশৰ অধিকাৰী দেৱতা আৰু হিন্দুধৰ্মৰ মঠ-মন্দিৰসমূহত অগ্নিক দক্ষিণ-পূব কোণত স্থাপিত কৰা দেখা যায়। হিন্দু সৃষ্টিতত্ব অনুযায়ী অগ্নি হৈছে প্ৰকৃতিৰ পঞ্চভূতৰ অন্যতম। বৈদিক সাহিত্যসমূহত ইন্দ্ৰ আৰু সোমৰ লগতে অগ্নিক এজন প্ৰধান দেৱতা হিচাপে বৰ্ণনা কৰা হৈছে। অগ্নিক দেৱ-দেৱীসকলৰ মুখ বুলি গণ্য কৰা হয় আৰু হোমযজ্ঞত দেৱতাৰ প্ৰতি উৎসৰ্গিত দ্ৰব্য নিবেদনৰ মাধ্যম বুলি বিশ্বাস কৰা হয়। প্ৰাচীন হিন্দু ৰচনাসমূহত অগ্নিক তিনিটা স্তৰত বিদ্যমান বুলি কোৱা হৈছে: পৃথিৱীত জুই, পাৰিপাৰ্শ্বিকতাত বিজুলী আৰু আকাশত সূৰ্য। বৈদিক চিন্তা-চৰ্চাসমূহত তেওঁ এই তিনি ৰূপে ...

                                               

যম

যম বা যমৰাজ হৈছে হিন্দু ধৰ্মৰ মৃত্যু আৰু ন্যায়ৰ দেৱতা। তেওঁক কাল, ধৰ্মৰাজ আৰু ধৰ্মপ্ৰভু নামেৰেও জনা যায়। পাপীসকলক তেওঁৰ নিবাসস্থান নৰক বা যমলোকত যথোচিত শাস্তি বিহি ন্যায়ৰ ব্যৱস্থা কৰাই তেওঁৰ মুখ্য কাম। তেওঁক সততে ধৰ্মৰ স্বৰূপ বা ধৰ্মদেৱৰূপে জনা যায়। যম সবাতোকৈ পুৰণি দেৱতাসকলৰ মাজৰ এজন আৰু ঋকবেদতেই তেওঁৰ প্ৰাৰম্ভিক উপস্থিতি পোৱা যায়। সেই সময়ৰ পৰাই এজন গুৰুত্বপূৰ্ণ দেৱতা হিচাপে হিন্দুধৰ্মৰ গ্ৰন্থসমূহ যেনে ৰামায়ণ, মহাভাৰত আৰু পুৰাণসমূহত স্থান পাই আহিছে। যম হৈছে এজন লোকপাল আৰু তেওঁ দক্ষিণ দিশৰ ৰক্ষক। তেওঁক প্ৰায়েই এজন কৃষ্ণকায়, মহৰ পিঠিত উঠি হাতত গদা বা পাশা লৈ আত্মাসমূহ ধৰিবলৈ অহা দে ...

                                               

বায়ু (দেৱতা)

বায়ু হৈছে হিন্দু ধৰ্মৰ এজন প্ৰধান দেৱতা। তেওঁ বায়ু আৰু শ্বাস-প্ৰশ্বাসৰ অধিকাৰী দেৱতা। হনুমান আৰু দ্বিতীয় পাণ্ডৱ ভীম বায়ুৰ আধ্যাত্মিক পুত্ৰ। তেওঁক অনিল, ব্যান, বাত, তনুন, পৱন, আৰু কোনো কোনো সময়ত প্ৰাণ নামেৰে জনা যায়। ভাৰতীয় লেখক বনমালীৰ মত অনুসৰি বৈষ্ণৱ উপাসকসকলে বিশ্বাস কৰে যে বায়ু দেৱতাই বিষ্ণুক সহায় কৰিবলৈ তিনিটা অৱতাৰ ধাৰণ কৰিছিল। ইয়াৰে প্ৰথম অৱতাৰ হনুমানৰ জৰিয়তে তেওঁ ৰামৰ আৰু দ্বিতীয় অৱতাৰ ভীমৰ জৰিয়তে কৃষ্ণৰ সহায় হোৱাৰ লগতে তৃতীয় অৱতাৰ মাধৱাচাৰ্যৰ ১২৩৮-১৩১৭ জৰিয়তে তেওঁ দ্বৈত নামৰ বৈষ্ণৱ পন্থাৰ জন্ম দিয়ে। ইণ্ডোলজিষ্ট ছোলাপুৰকাৰৰ মতে, মাধৱাচাৰ্যই প্ৰৱৰ্ত্তন কৰা দৰ্শন প্ৰ ...

অসমীয়া সাহিত্য
                                     

ⓘ অসমীয়া সাহিত্য

অসমীয়া সাহিত্য ক লিখিত পৰম্পৰাৰ পৰিৱৰ্তনৰ দিশৰ পৰা লক্ষ্য কৰি কেইবাটাও ভাগত ভগাব পাৰি। যেনে-

  • প্ৰাক্ বৈষ্ণৱ সাহিত্য
  • পাঁচালী সাহিত্য
  • চৰিত পুথি আৰু বংশাৱলী
  • বুৰঞ্জী সাহিত্য আৰু আহোম যুগৰ সাহিত্য
  • আধুনিক অসমীয়া সাহিত্য
  • বৈষ্ণৱ সাহিত্য
  • চৰ্যাপদ
                                     

1. চৰ্যাপদ

মূল প্ৰবন্ধ: চৰ্যাপদ অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিৰ্দেশন চৰ্যাপদবোৰত পোৱা যায়। চৰ্যাপদবোৰ বৌদ্ধ ধৰ্মৰ মূল আচাৰ-নীতিবোৰ প্ৰচাৰ কৰিবলৈ গীতৰ আকাৰত ৰচনা কৰা হৈছিল। ৰাগ-ৰাগিনী অনুসৰি গোৱা এই গীতবোৰক চৰ্যাগীত, বৌদ্ধগান বা দোহাও বোলে। চৰ্যাপদবোৰ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি ঠাৱৰ কৰা হৈছে।

                                     

2. প্ৰাক শঙ্কৰী যুগ

অসমীয়া সাহিত্যৰ পূৰ্ণাংগ ৰূপত লিখিত সাহিত্যৰ আদৰ্শ স্থাপন হয় ১৪শ শতিকাত ৰচিত হেম সৰস্বতী প্ৰহ্লাদ চৰিত পুথিৰ জৰিয়তে। আনহাতে ১৪শ শতিকাত মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰে। আধুনিক ভাৰতীয় ভাষা তথা উত্তৰ ভাৰতৰ ভিতৰত এইখনেই প্ৰথম ৰামায়ণ। ৰুদ্ৰ কন্দলিয়ে মহাভাৰতৰ দ্ৰোণ পৰ্ব অনুবাদ কৰে। ১৫শ শতিকাত সৃষ্টি হয় দুৰ্গাবৰৰ গীতি ৰামায়ণ, একেদৰে পীতাম্বৰ আৰু মনকৰেও পুৰাণৰ পৰা যথেষ্ট সংখ্যক গীত অনুবাদ কৰে। এই শ্ৰেণীৰ সাহিত্যক পাঁচালী সাহিত্য বোলে।

                                     

3. বৈষ্ণৱ যুগ

১৫শ শতিকাত জন্ম গ্ৰহণ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ১৪৪৯-১৫৬৮ অসমত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিবৰ কাৰণে সংস্কৃত সাহিত্যৰ পৰা অনেক সাহিত্য অনুবাদ কৰাৰ লগতে স্বকীয়ভাৱেও অনেক সাহিত্য সৃষ্টি কৰিছিল। কীৰ্তন-ঘোষা, ভক্তি-প্ৰদীপ, ৰুক্মিণী হৰণ, হৰিচন্দ্ৰ উপাখ্যান আৰু বলি চলন, দশম আদি উল্লেখযোগ্য। ৰাম সৰস্বতীয়ে অনুবাদ কৰে মহাভাৰতৰ বিভিন্ন কাণ্ডসমূহ আৰু বিভিন্ন পুৰাণ-উপপুৰাণৰ পৰা সংগ্ৰহিত বধ কাব্যসমূহ। মাধৱদেৱৰ ৰাজসুই যজ্ঞ আদি এই সময়ৰ অন্যান্য লেখত লব লগিয়া গ্ৰন্থ। এই সময়তে ভট্টদেৱে প্ৰথম বাৰৰ কাৰণে সাহিত্য ৰচনাত গদ্যক একমাত্ৰ প্ৰকাশৰ মাধ্যম হিচাপে গ্ৰহণ কৰে। তেওঁৰ কথা-গীতা, কথা-ভাগৱত অন্যতম।

                                     

4. শঙ্কৰোত্তৰ যুগ

অসমৰ আহোম ৰাজত্বৰ সময়তো অসমীয়া সাহিত্যৰ যথেষ্ট সংখ্যক নতুন নতুন সাহিত্যৰ সৃষ্টি হৈছিল। আহোম যুগত সৃষ্টি হৈছিল বুৰঞ্জী সাহিত্যসমূহ। ইয়াৰ উপৰিও আহোম যুগৰ অন্যতম সৃষ্টি আছিল ব্যৱহাৰিক সাহিত্যসমূহ। জ্যোতিষ, চিকিৎসা, গণিত, সঙ্গীত, নৃত্য আৰু বিভিন্ন বিষয়ত এই গ্ৰন্থসমূহ ৰচনা কৰা হৈছিল। শঙ্কৰোত্তৰ যুগত চৰিত সাহিত্যসমূহো সৃষ্টি কৰা হৈছিল। কথা গুৰু চৰিত এই সময়ৰ অন্যতম সৃষ্টি। ইয়াৰ উপৰিও দামোদৰ চৰিত, বৰদোৱা চৰিত, বনমালী দেৱৰ চৰিত আদি চৰিত পুথি পোৱা যায়।

                                     

5. ৰোমাণ্টিক যুগৰ সাহিত্য: অৰুণোদই যুগ

লগতে চাওক: অসমীয়া সাহিত্যৰ অৰুণোদয় যুগ

আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণি খ্ৰীষ্টান মিছনেৰী নাথান ব্ৰাউন, মাইলছ‌ ব্ৰনচন আদিৰ প্ৰচেষ্টাত অসমীয়া ভাষাত প্ৰকাশ কৰা অৰুণোদয় ১৮৪৬ আলোচনীৰ সময়ৰ পৰাই আৰম্ভ হয়। ইয়াৰ আগতে ১৮১৩ চনত মিছনেৰীসকলৰ উদ্যোগতে আত্মাৰাম শৰ্মাই বাইবেল অসমীয়ালৈ অনুবাদ কৰে। এইখনেই অসমীয়া ভাষাত প্ৰথম ছপা পুথি। সেইসময়তে নাথান ব্ৰাউনে ৰচনা কৰে গ্ৰামাটিকেল নটিচেছ অৱ দ্যা আছামিছ লেংগুৱেজ ১৮৪৮, মাইলছ ব্ৰনছ্নে ৰচনা কৰে অসমীয়া-ইংৰাজী অভিধান ১৮৬৭ আৰু ১৮৩৯ চনত অন্য এজন মিছনেৰী ডব্লিও.ৰবিনচনে ৰচনা কৰে ইংৰাজীত প্ৰথম অসমীয়া ব্যাকৰণ এ গ্ৰামাৰ অৱ আছামিছ লেংগুৱেজ।

১৯শ শতিকাত অসমীয়া সাহিত্যই এক নতুন ধাৰাৰে আগবাঢ়ে। এই সময়তে হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ অসমীয়া ব্যাকৰণ ১৮৯৫ ৰচনা কৰে। আৰু অসমীয়া ভাষাৰ প্ৰথম অভিধান হেমকোষ ১৯০০ ৰচনা কৰে। এই সময়তে প্ৰকাশ পায় অসমীয়া সংবাদ পত্ৰ আসাম বন্ধু ১৮৮৫। আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা এই সময়ৰ উল্লেখযোগ্য ব্যক্তি। গুণাভিৰাম বৰুৱাৰ ৰাম-নৱমী ১৮৫৭ আৰু হেমচন্দ্ৰ বৰুৱাৰ কানীয়াৰ-কীৰ্তন ১৮৬১ উল্লেখ্যযোগ্য গ্ৰন্থ।

কলিকাতাত পঢ়িবলৈ গৈ চন্দ্ৰ কুমাৰ আগৰৱালা ১৮৬৭-১৯৩৮, লক্ষ্মীনাথ বেজবৰুৱা ১৮৬৭-১৯৩৮ আৰু হেমচন্দ্ৰ গোস্বামী ১৮৭২-১৯২৮ৰ প্ৰচেষ্টাত প্ৰকাশ পোৱা জোনাকী ১৮৮৯ আলোচনীৰ সময়ৰ পৰাই আধুনিক অসমীয়া সাহিত্যলৈ সম্পূৰ্ণভাৱে ৰোমাণ্টিক কবিতা, চুটিগল্প, নাটক, উপন্যাস, ৰসৰচনা, আত্মজীৱনী, জীৱনী আদিৰ সৃষ্টি হয়। এই সময়তে চন্দ্ৰ কুমাৰ আগৰৱালাৰ প্ৰতিমা ১৯১৩আৰু বীণ-বৰাগী ১৯২৩ নামৰ দুখন কবিতা পুথি প্ৰকাশ পায়। বেজবৰুৱাই প্ৰকাশ কৰে কদমকলি ১৯১৩ আৰু পদুমকলি। হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম অসমীয়া চনেট সৃষ্টিৰে ৰচনা কৰে কবিতা সংকলন ফুলৰ চাকি ১৯০৭। ইয়াৰ বাহিৰেও এই সময়তে সাহিত্যৰ অন্যান্য দিশতো যথেষ্ট সংখ্যক অৱদান আগবঢ়ায়।

ইয়াৰ পিছতে যথেষ্ট সংখ্যক কবি নাট্যকাৰৰ জন্ম হয়। ভোলানাথ দাস ১৮৫৮-১৯২৮, কমলাকান্ত ভট্টাচাৰ্য্য ১৮৫৩-১৯২৭, হিতেশ্বৰ বৰবৰুৱা ১৮৭৬-১৯৩৯, বেণুধৰ ৰাজখোৱা ১৮৭২-১৯৩৫, ৰঘুনাথ চৌধাৰী ১৮৭৯-১৯৬৬ আদিয়ে যথেষ্ট সংখ্যক কবিতা পুথি ৰচনা কৰে। আধুনিক অসমীয়া উপন্যাসৰ ধাৰাটো আৰম্ভ কৰে ৰজনীকান্ত বৰদলৈয়ে ১৮৬৭-১৯৩৯। তেওঁৰ উল্লেখ্যযোগ্য সৃষ্টি হল মিৰিজীয়ৰী১৮৯৫, মনোমতী ১৯০০, দন্দুৱা দ্ৰোহ ১৯০৯ আৰু ৰহদৈ লিগিৰী ১৯৩০। পদ্মনাথ গোহাঞি বৰুৱাৰ ১৮৭১-১৯৪৬ কবিতা পুথি ফুলৰ চানেকি, জুৰণি ১৯০০ আৰু লীলা ১৯০১ উল্লেখযোগ্য।

এই সময়তে অসমীয়া অতিন্দ্ৰীয়বাদী কবিতাক জনপ্ৰিয় কৰি তোলে ক্ৰমে দুৰ্গেশ্বৰ শৰ্মা ১৮৮২-১৯৬১ আৰু নলিনীবালা দেৱীয়ে ১৮৯৮-১৯৭৮। ওমৰ খায়াম অসমীয়ালৈ অনুবাদ কৰে যতীন্দ্ৰনাথ দুৱৰাই ১৮৯২-১৯৭৮। অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়োৱা এই সময়ৰ অন্যান্য কবিসকল আছিল ৰত্নকান্ত বৰকাকতী ১৮৯৭-১৯৬৩, পাৰ্বতী প্ৰসাদ বৰুৱা ১৯০৪-১৯৬৪, পদ্মধৰ চলিহা ১৮৯৫-১৯৬৮,জ্যোতিপ্ৰসাদ আগৰৱালা ১৯০৩-১৯৫১, প্ৰসন্নলাল চৌধুৰী১৯০২, বিনন্দ চন্দ্ৰ বৰুৱা ১৯০৩ আৰু দেৱকান্ত বৰুৱা ১৯১৪ অন্যতম। দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা কাব্য পুথি অসমীয়া ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ যুগসন্ধিৰ কবিতা বুলিব পাৰি।



                                     

6. আধুনিক যুগৰ সাহিত্য

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অসমীয়া সাহিত্যলৈ ভাৱ, ভাষা, আংগিক সকলো ফালে নানা পৰিৱৰ্তনে দেখা দিলে। এই সময়ত ৰচিত কবিতা, চুটিগল্প, নাটক, উপন্যাস সকলোফালে নতুনত্বয় দেখা দিলে। চৈয়দ আব্দুল মালিক, যোগেশ দাস, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, ভবেন্দ্ৰনাথ শইকীয়া, মহিম বৰা, হিতেশ ডেকা, হোমেন বৰগোহাঞি, নিৰুপমা বৰগোহাঞি, মামণি ৰয়চম গোস্বামী আদিৰ গল্প আৰু উপন্যাসে আধুনিক সাহিত্যৰ ভৰাঁল চহকী কৰে। কবিতাৰ ক্ষেত্ৰত হীৰেন ভট্টাচাৰ্য, অজিত বৰুৱা, হৰেকৃষ্ণ ডেকা, নীলমণি ফুকন কনিষ্ঠ, নিৰ্মলপ্ৰভা বৰদলৈ, নলিনীধৰ ভট্টাচাৰ্য, ধীৰেন্দ্ৰনাথ দত্ত, ৰাম গ‍গৈ আদি উল্লেখ্যযোগ্য। ইয়াৰ লগে লগে ন-ন প্ৰতিভাৱান সাহিত্যিকৰ সৃষ্টিয়ে বৰ্তমান অসমীয়া সাহিত্যক চহকী কৰি তুলিছে।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →