Back

ⓘ শিৱ থাপা অসমৰ এগৰাকী বক্সিং খেলুৱৈ। পুনেস্থিত সেনা ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈ থকা এইগৰাকী বক্সাৰে ২০১২ চনত হবলগীয়া লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জ ..



                                               

প্ৰহ্লাদ কুমাৰ বৰুৱা

ড° প্ৰহ্লাদ কুমাৰ বৰুৱা হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমালোচক। ১৯৪৪ চনৰ ২৮ ফেব্ৰুৱাৰীত শিৱসাগৰ জিলাত জন্মলাভ কৰা বৰুৱা পিছলৈ ১৯৭১ চনৰ পৰা ডিব্ৰুগড়ৰ ৰূপনগৰৰ বাসিন্দা হয়। স্নাতক পৰীক্ষা দিয়েই তিনিখনকৈ শিক্ষানুষ্ঠানত দুবছৰ শিক্ষকতা কৰি পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিছিল। বিদ্যালয়,মহাবিদ্যালয়,বিশ্ববিদ্যালয় সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠানতে শিক্ষকতা কৰা প্ৰহ্লাদ কুমাৰ বৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপকৰূপে ২০০৭ চনত অৱসৰ গ্ৰহণ কৰিছিল। শিক্ষকতাৰ সমান্তৰালকৈ নীৰলে সাহিত্য-চৰ্চা কৰা বৰুৱাই কেইবাখনো আলোচনা-সমালোচন ...

শিৱ থাপা
                                     

ⓘ শিৱ থাপা

শিৱ থাপা অসমৰ এগৰাকী বক্সিং খেলুৱৈ। পুনেস্থিত সেনা ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈ থকা এইগৰাকী বক্সাৰে ২০১২ চনত হবলগীয়া লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰিছে। ফ্লাইৱেইট শাখাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্ব্বীতা কৰিবলৈ যোগ্যতা অৰ্জন কৰা শিৱ থাপা অলিম্পিকলৈ নিৰ্বাচিত হোৱা দেশৰ কনিষ্ঠতম বক্সাৰ।

                                     

1.1. খেলুৱৈ জীৱন বক্সিং খেলৰ জগতত প্ৰৱেশ

শিৱ থাপাৰ পিতৃ পদম থাপা। পৰিয়ালটোৰ ছয়জন ভাই-ভনীৰ কনিষ্ঠ সন্তান শিৱ থাপা। পিতৃ পদম থাপা গুৱাহাটীৰ বাসিন্দা আৰু এজন কেৰাটে প্ৰশিক্ষক। ককায়েক গোবিন্দ থাপা আৰু পিতৃ দুয়োজনেই অসম ৰাজ্যিক পৰ্যায়ৰ ব্ক্সাৰ আছিল আৰু দুয়োজনেই শিৱ থাপাৰ মূল প্ৰেৰণা। সৰুতে ফুটবল খেলৰ প্ৰতি আকৰ্ষিত থাপাই পাছলৈ মাইক টাইছনৰ খেল দেখি বক্সিঙলৈ আকৰ্ষিত হয়। ৭ বছৰ বয়সৰপৰা শিৱ থাপাই ঘৰতে বক্সিঙৰ প্ৰশিক্ষণ লৈছিল। ইয়াৰ পাছত তেখেতে গুৱাহাটীৰ ছাই কেন্দ্ৰত প্ৰশিক্ষণ লবলৈ আৰম্ভ কৰে।

পদম থাপাই কনিষ্ঠ পুত্ৰৰ বক্সিঙৰ প্ৰতি থকা ধাউতি দেখি এই খেলত লাগি থাকিবলৈ যৎপৰোনাস্তি সহায় কৰি দিয়ে। বক্সিঙৰ প্ৰশিক্ষণৰ লগতে উপযুক্ত পুষ্টিযুক্ত আহাৰ আদিৰ ব্যৱস্থা কৰিবলৈ পদম থাপাই বিশেষ যত্ন কৰিবলগীয়া হৈছিল। মাহে প্ৰায় ত্ৰিছ হেজাৰ টকালৈ এই খৰচ বাঢ়ি গৈছিল। অব্যৱসায়িক অলিম্পিকত সোণৰ সন্ধান Olympic Gold Quest নামৰ সংস্থাটোৱে শিৱ থাপাক সহায় কৰিবলৈ আৰম্ভ কৰাৰ পাছৰেপৰা পৰিয়ালটোৱে আৰ্থিক দিশত কিছু সকাহ পায়। এই সংস্থাৰ মুখ্য কাৰ্যকৰি বিষয়া বীৰেন ৰাসকিন্‌হাৰ মতে:

শিৱ অফুৰন্ত প্ৰতিভাৰ গৰাকী। তেখেতৰ প্ৰতিভা, মানসিকতা আৰু সফলতাৰ বাবে থকা তীব্ৰ হাবিয়াসৰ কাৰণেই আমি তেখেতক সহায় কৰা উচিত। অলিম্পিকত সোণৰ সন্ধান-ৰ তেখেতৰ ওপৰত ভৰষা আছে যে খুব সোনকালেই তেখেত ভাৰতৰ শ্ৰেষ্ঠ বক্সাৰ কেইজনৰ এজন হবগৈ। Shiva is an enormous talent. He must be groomed well because he has the talent, the right attitude and the hunger to succeed. OGQ has very high hopes from Shiva and I am confident that he will become one of Indias top boxing stars in the near future.

                                     

1.2. খেলুৱৈ জীৱন অপেছাদাৰী বক্সাৰ হিচাপে

২০০৮ চনত মস্কোত অনুষ্ঠিত এছিয়াৰ শিশুৰ আন্তৰ্জাতিক ক্ৰীড়াত Children of Asia International Sports Games শিৱ থাপাই নিজৰ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। সেই বছৰতে হাইদৰ আলিয়েভ কাপত তেখেতে সোণৰ পদক অৰ্জন কৰে। এই প্ৰদৰ্শনৰ আধাৰতে তেখেতক ২০০৯ চনত আৰ্মেনিয়াত অনুষ্ঠিত বিশ্ব কনিষ্ঠ বক্সিং চেম্পিয়নছিপলৈ ৫২-কি.গ্ৰা. শাখাত ভাগ লবলৈ নিৰ্বাচন কৰা হয়। আৰ্মেনিয়াৰ ৰাজধানী য়েৰেভানত অনুষ্ঠিত এই প্ৰতিযোগিতা যোগ দিয়া ভাৰতীয় প্ৰতিযোগীসকলৰ ভিতৰত শিৱ থাপাই আছিল আন্তৰ্জাতিক প্ৰতিযোগিতা পদক লাভ কৰা একমাত্ৰ খেলুৱৈ। থাপাএই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়, যদিও প্ৰশিক্ষকে তেখেতৰ প্ৰদৰ্শনক লৈ বিশেষ ভাৱে সন্তুষ্ট বুলি উল্লেখ কৰে।

২০১০ চনত তেহৰাণত অনুষ্ঠিত এছিয়ান যুৱ বক্সিং চেম্পিয়নছিপত থাপাৰ প্ৰদৰ্শন নিৰাশাজনক আছিল। এই ক্ৰীড়াত তেখেতে ছেমি-ফাইনেল পৰ্যায়লৈ উপনীত হব পৰা নাছিল। ২০১০ চনতে অনুষ্ঠিত হোৱা আন্তৰ্জাতিক যুৱ বক্সিং চেম্পিয়নছিপত ভাগ লোৱা ভাৰতীয় দলৰ সদস্য আছিল শিৱ থাপা। এই প্ৰতিযোগিতা ২০১০ চনৰ গ্ৰীষ্মকালীন যুৱ অলিম্পিক ক্ৰীড়াৰ যোগ্যতা নিৰ্ধাৰক খেল আছিল। বহুকেইখন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত শিৱ থাপাই ৰূপক পদক লাভ কৰি ছিংগাপুৰত অনুষ্ঠিত গ্ৰীষ্মকালীন যুৱ অলিম্পিকত যোগ দিয়াৰ যোগ্যতা অৰ্জন কৰে। ইয়াৰে ছেমি-ফাইনেল খেলখনত থাপাই মণিবদ্ধৰ জোঁড়াত আঘাত পাইছিল। হাতৰ আঘাতৰ বাবে প্ৰশিক্ষকৰ পৰামৰ্শ ক্ৰমে থাপাই ২০ দিন জিৰণি লয়। যুৱ অলিম্পিক খেলত ৫৪-কি.গ্ৰা. শাখাত ফাইনেল খেলত কিউবাৰ বক্সাৰৰ হাতত পৰাজিত হৈ ৰূপৰ পদক অৰ্জন কৰে।

                                     

1.3. খেলুৱৈ জীৱন লণ্ডন অলিম্পিকলৈ যোগ্যতা অৰ্জন

২০১২ চনৰ ১১ এপ্ৰিল তাৰিখে কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফায়াৰ্ছ ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰি শিৱ থাপাই ২০১২ চনৰ লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰে। এই খেলত থাপাই ৫৬ কি.গ্ৰা. শাখাত ছিৰিয়াৰ ৱেছাম ছালামেনাক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। শিৱ থাপা অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনকাৰী ভাৰতৰ সৰ্বকনিষ্ঠ বক্সাৰ।

                                     

2. সন্মান

শিৱ থাপাৰ সফলতাৰ বাবে ২০১০ চনত অসম চৰকাৰ-এ ১ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰে। ভাৰতীয় অলিম্পিক সংঘই Indian Olympic Association যুৱ অলিম্পিকত অৰ্জন কৰা সফলতাৰ বাবে এখেতক ৪ লাখ টকা পুৰস্কাৰেৰে সন্মানিত কৰে। ক্ৰীড়াক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা২০১৫-১৬ প্ৰদান কৰে।

                                     

3. ৰিঅ অলিম্পিক ২০১৬

শিৱ থাপাই ৰিঅ অলিম্পিক ২০১৬ৰ বাবে যোগ্যতা অৰ্জন কৰে। তেওঁ পুৰুষৰ ৫৬ কি. গ্ৰা. শাখাত কিউবাৰ স্বৰ্ণবিজয়ী বক্সাৰ ৰবেইছি ৰামিৰেজ হাতত ০-৩ ব্যৱধানত প্ৰথম ৰাউণ্ডতেই পৰাস্ত হয়।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →