Back

ⓘ ভাৰত বা ভাৰতীয় প্ৰজাতন্ত্ৰ দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ..



                                               

ব্ৰিটিছ

ব্ৰিটিছ শব্দই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে: গ্ৰেট ব্ৰিটেইন, এক দ্বীপ অঞ্চল ব্ৰিটিছ ইংৰাজী ভাষা, গ্ৰেট ব্ৰিটেইনত প্ৰচলিত ইংৰাজী ভাষা যুক্তৰাজ্য, এখন সাৰ্বভৌম ৰাষ্ট্ৰ ব্ৰিটিছ লোক, যুক্তৰাজ্যৰ নাগৰিক তলৰ অঞ্চলসমূহৰ লগত জড়িত ব্যক্তি বা সামগ্ৰী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী, ব্যৱসায়ীক কোম্পানী স্বাধীনতাৰ পূৰ্বৰ ভাৰত ব্ৰিটিছ ৰাজ, ১৮৫৮-১৯৪৭ ভাৰতীয় উপমহাদেশত ব্ৰিটিছৰ ঔপনিবেশিক শাসন অসমত ব্ৰিটিছ ৰাজত্ব, অসমত ব্ৰিটিছৰ ঔপনিবেশিক শাসন

                                               

অনন্ত থান (আশ্ৰম)

প্ৰাচীন আৰু ঐতিহাসিক অনন্ত থান, বৰ্তমান ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ দক্ষিণ প্ৰান্তৰ গোহাঁই চাপৰিত অৱস্থিত। স্থানীয় লোকৰ মুখে মুখে ইয়াৰ নাম অনন্ত আশ্ৰম বুলিও জনা যায়।

                                               

নৰমুণ্ড চিকাৰ

নৰমুণ্ড চিকাৰ অভিযান হৈছে লোককৃষ্টিৰ অন্তৰ্ভুক্ত এটি তাৎপৰ্যপূৰ্ণ পৰম্পৰা, যত মানুহৰ সৈতে যুদ্ধ কৰি পৰাজিতসকলৰ মূৰ কাটি সন্মান বা ট্ৰফীৰ নিচিনাকৈ গৌৰৱত লৈ যোৱা হয়। উত্তৰ-পূব ভাৰততো বিংশ শতিকালৈকে এই প্ৰথা প্ৰচলন আছিল।

                                               

আগালমাকা

গাৰোসকল আছিল কৃষিজীৱি লোক।তেওঁলোকৰ প্ৰধান খেতি হল ঝুম খেতি। পাৰ্বত্য অঞ্চলত বাস কৰা গাৰোসকলৰ বাবে ঝুম খেতি কৰাটো অতি কষ্টকৰ কাম। ঝুম খেতিৰ বাবে গাৰোসকলে এডোখৰ ঠাই নিৰ্বাচন কৰি লয়। ঝুম খেতি কৰা ভূমিক আখিং বোলা হয়। এই আখিং এজন নোকমাৰ অধীনত থাকে বাবে তেওঁক আখিং নোকমা বোলে।আঘোণ পুহ মাহত নিৰ্দিষ্ট আখিঙৰ মাটি প্ৰত্যেক পৰিয়ালৰ প্ৰয়োজন মতে ভাগ কৰি লয়। সৰহ সংখ্যক পৰিয়ালৰ মাটি বেছি আৰু কম সংখ্যক পৰিয়ালৰ মাটি কম। প্ৰত্যেক পৰিয়ালে নিজৰ নিজৰ মাটি দখল কৰি তাৰ চিন স্বৰূপে অলপ অচৰপ হাবি জংঘল কাটি লয়। ই কৃষিকৰ্মৰ এক প্ৰাৰম্ভিক অৱস্থা আৰু ইয়াক গাৰো ভাষাত ওফাতা বুলি কোৱা হয়। ইয়াৰ পৰৱৰ্তী সময়ত পৰ ...

                                               

ৰাভাসকলৰ বিবাহ পদ্ধতি

ৰাভাসকলৰ বিবাহ পদ্ধতি অসমত বাস কৰা জনজাতীয় লোকসকলৰ অন্যতম ৰাভাসকল।অসমৰ জিলা কেইখনৰ ভিতৰত কামৰূপ, দৰং, গোৱালপাৰা আৰু গাৰোপাহাৰ জিলাতে ৰাভাৰ জনসংখ্যা বেচি।।অসমত বিভিন্ন জনগোষ্ঠীৰলোকে একেলগে বাস কৰে যদিও সমাজ জীৱন সুকীয়া সুকীয়া পৰম্পৰাৰে পৰিপুষ্ট। ৰাভাসকলৰ বিবাহ পদ্ধতিও আন জনগোষ্ঠীয় লোকসকলতকৈ সুকীয়া আৰু অতি সহজ-সৰল। একে গোত্ৰৰ মাজত বিয়া-বাৰু নিষিদ্ধ। বিয়াৰ সময়ত দৰা ঘৰে ছোৱালীৰ ঘৰক গা-ধন দিয়াৰ নিয়ম এওঁলোকৰ সমাজত পৰিলক্ষিত হয়। অৱশ্যে ঠাই ভেদে টকাৰ হাৰ বেলেগ বেলেগ হোৱা দেখা যায়। ৰাভা সমাজত বিধৱা বিবাহ আৰু বিবাহ বিচ্ছেদ দুয়োটা পৰম্পৰাই পৰিলক্ষিত। বিবাহ বিচ্ছেদৰ বাবে গোচৰ তৰাৰ ক্ষেত্ৰ ...

                                               

যক্ষ

যক্ষ হৈছে একপ্ৰকাৰৰ বনদেৱতা। তেওঁলোক সাধাৰণতে কোমল অন্তৰৰ হয় যদিও কোনো কোনো সময়ত শঠ প্ৰকৃতিৰ আৰু হঠাৎ মনোভাব সলনি কৰা বিধৰ হোৱাও দেখা যায়। তেওঁলোক জলধাৰা, উৰ্বৰতা, বৃক্ষ, অৰণ্য, ধন-সম্পত্তি আৰু বন্যতাৰ সৈতে জড়িত।হিন্দুধৰ্ম, জৈনধৰ্ম আৰু বৌদ্ধধৰ্মৰ ৰচনাৱলীত যক্ষসকলৰ উপস্থিতি দেখা যায়। ইয়াৰ উপৰিও দক্ষিণ আৰু দক্ষিণ-পূব এচিয়াৰ মন্দিৰসমূহতো পহৰাদাৰী দেৱতা হিচাপে যক্ষৰ চিত্ৰায়ন কৰা হয়। যক্ষৰ নাৰীৰূপ হৈছে যক্ষিণী। হিন্দু, জৈন আৰু বৌদ্ধধৰ্মৰ ৰচনাসমূহত যক্ষক দুটা ৰূপত দেখা পোৱা যায়। এহাতে তেওঁলোক অৰণ্য আৰু পৰ্বতৰ সৈতে জড়িত নম্ৰ স্বভাৱৰ দেৱতা আৰু আনহাতে তেওঁলোক একপ্ৰকাৰৰ ভূত বা ৰাক্ষস। দ্ব ...

ভাৰত
                                     

ⓘ ভাৰত

ভাৰত বা ভাৰতীয় প্ৰজাতন্ত্ৰ দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু পূবে বঙ্গোপ সাগৰৰ দ্বাৰা পৰিবেষ্টিত ভাৰতৰ মুঠ উপকূলৰ দৈৰ্ঘ্য হল ৭৫১৭ কিলোমিটাৰ । এই দেশৰ চাৰিসীমাত অৱস্থিত ৰাষ্ট্ৰসমূহ হল: পশ্চিমে পাকিস্তান, উত্তৰ-পূবত চীন, নেপাল আৰু ভূটান, পূবে বাংলাদেশ আৰু ম্যানমাৰ। ভাৰত মহাসাগৰৰ মাজত অৱস্থিত শ্ৰীলঙ্কা, মালদ্বীপ আৰু ইন্দোনেচিয়া লগতে থাইলেণ্ড ভাৰতৰ নিকতৱৰ্তী ৰাষ্ট্ৰ। হিন্দু সভ্যতাৰ বসতি অঞ্চল তথা ঐতিহাসিক বাণিজ্য পথ আৰু একাধিক বিশাল সাম্ৰাজ্যৰ পটভূমি ভাৰতীয় উপমহাদেশ ইয়াৰ সুদীৰ্ঘ অৰ্থনৈতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সুপৰিচিত। পৃথিৱীৰ চাৰি প্ৰধান ধৰ্ম- হিন্দু, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু শিখ ধৰ্মৰ উৎপত্তি ভাৰতত। খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দত খ্ৰীষ্টান ধৰ্ম, ইহুদি ধৰ্ম, খ্ৰীষ্টীয় আৰু ইছলাম ধৰ্ম ভাৰতত প্ৰৱেশ কৰে আৰু বিধিতাময় ভাৰতীয় সভ্যতাৰ সৃষ্টি কৰে। অষ্টাদশ শতিকাৰ প্ৰথম ভাগত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰৱেশ কৰে আৰু লাহে লাহে ভাৰতৰ ভূ-খণ্ডক নিজৰ অধীন কৰিবলৈ আৰম্ভ কৰে। ঊনবিংশ শতিকাৰ মাজ ভাগলৈকে সমগ্ৰ ভাৰত ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ উপনিবেশত পৰিণত হয়। অৱশেষত অহিংস গৌৰৱময় স্বাধীনতা সংগ্ৰামৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।

                                     

1. ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল

ভাৰতত ২৯খন ৰাজ্য আৰু ৯খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ৰাজধানী দিল্লী। ৰাজ্যৰ নিজৰ প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ ৰাজধানীৰ তালিকা দিয়া হৈছে।

কেন্দ্ৰীয় শাসিত অঞ্চল

  • লাক্ষাদ্বীপ
  • জম্মু কাশ্মীৰ
  • চণ্ডীগড়
  • লাডাখ
  • দাদৰা আৰু নগৰ হাভেলী
  • পণ্ডিচেৰী
  • আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
  • দিল্লী
  • দমন আৰু দিউ
                                     

2. ভাৰতৰ ভাষা

হিন্দী হৈছে ভাৰতৰ অধিকাৰিক অফিছিয়েল ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা। এই ভাষাসমূহ হ’ল:

                                     

3. বাহ্যিক সংযোগ

  • National Portal of the Government of India
  • India at the UCB Government Information Library
  • India entry at The World Factbook
  • India Encyclopædia Britannica entry
  • ভাৰত বিষয়ে Curlie DMOZ-ত থকা তথ্য
  • India profile from the BBC News
                                               

ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভাজিত দলসমূহ

ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ এটা মুখ্য ৰাজনৈতিক দল। ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰে পৰা দলটোৰ যথেষ্ঠবাৰ বিভাজিত হোৱা দেখা যায়। ইয়াৰে কিছুমান বিভাজিত গোটে স্বাধীন দল হিচাপে ৰাজনৈতিক কাৰ্য-কলাপ চলাই আছে; আন কিছুমান বৰ্তমান বিলুপ্ত। আকৌ কিছুমান গোট মূল দলৰ সৈতে বা আন দলৰ সৈতে চামিল হৈ গৈছে।

সূত্ৰধাৰ (আলোচনী)
                                               

সূত্ৰধাৰ (আলোচনী)

সূত্ৰধাৰ হৈছে এখন অসমীয়া ভাষাৰ আলোচনী। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।অসমত পঢ়ুৱৈ সমাজ সৃষ্টি কৰাৰ ক্ষেত্ৰত, সাংবাদিকতাৰ বিৰল দৃষ্টান্ত গঢ়ি তোলা আলোচনী ৰূপে সূত্ৰধাৰৰ স্থান উল্লেখযোগ্য।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →