ⓘ Free online encyclopedia. Did you know? page 87



                                               

ওদালগুৰি জিলা

ওদালগুৰি জিলা ভাৰতৰ অংগৰাজ্য অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন। ওদালগুৰি জিলা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত। ওদালগুৰি নগৰ জিলাখনৰ সদৰ ঠাই।

                                               

কামৰূপ জিলা

কামৰূপ জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ২০০৩ চনত পুৰণি কামৰূপ জিলা দুভাগত বিভক্ত হয়; বৃহত্তৰ গুৱাহাটী অঞ্চলক লৈ এখন নতুন জিলা কামৰূপ মহানগৰ জিলা গঠন কৰা হয় আৰু অন্যখনৰ নাম আগৰ কামৰূপেই থাকিল। ২০০৪ চনত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুম ...

                                               

কামৰূপ মহানগৰ জিলা

২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যা ১২,৫৩,৯৩৮ জন। এই সংখ্যা ইষ্টনিয়া দেশৰ জনসংখ্যাৰ লগত বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰ ৰাজ্যৰ লগত মিলে। জনসংখ্যাৰ দিশৰপৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত ইয়াৰ স্থান ৩৮৪তম। জনবসতিৰ ঘনত্ব ...

                                               

কাৰ্বি আংলং জিলা

কাৰ্বি আংলং জিলা অসমৰ মধ্য অঞ্চলত অৱস্থিত এক প্ৰশাসনিক জিলা। অসমৰ জিলা সমূহৰ ভিতৰত মাটিকালিৰে ই সৰ্ববৃহৎ। জিলাখনৰ পূবে গোলাঘাট জিলা, পশ্চিমে নগাঁও জিলা, পশ্চিম কাৰ্বি আংলং জিলা আৰু হোজাই জিলা, উত্তৰে নগাঁও আৰু গোলাঘাট জিলাৰ অংশ আৰু দক্ষিণে ডিমা হ ...

                                               

কোকৰাঝাৰ জিলা

কোকৰাঝাৰ জিলা ভাৰতৰ অংগৰাজ্য অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন। ই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ই এক প্ৰৱেশদ্বাৰ স্বৰূপ। ২০০৩ চনত গঠিত বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ মূল কাৰ্য্যালয় কোকৰাঝাৰ জিলাতে অৱস্থিত।

                                               

কৰিমগঞ্জ জিলা

কৰিমগঞ্জ জিলা অসমৰ এখন প্ৰশাসনিক জিলা। ১৮৭৮ চনত কৰিমগঞ্জ নগৰক সদৰ হিচাপে লৈ তদানীন্তন ব্ৰিটিছ ভাৰতৰ নৱসংগঠিত অসম ৰাজ্যৰ ছিলেট জিলাৰ এটা মহকুমা হিচাপে কৰিমগঞ্জ মহকুমা গঠন কৰা হৈছিল। ১৯৪৭ চনত স্বাধীনতাৰ সময়ত হোৱা দেশ বিভাজনত ছিলেট জিলা পূৱ পাকিস্ত ...

                                               

গোৱালপাৰা জিলা

গোৱালপাৰা জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ১৯৮৩ চনত পুৰণি গোৱালপাৰা জিলাখনক ৩খন জিলাত বিভক্ত কৰা হয়- গোৱালপাৰা, ধুবুৰী আৰু কোকৰাঝাৰ জিলা। নতুনকৈ গঠিত গোৱালপাৰাৰ সদৰ স্থাপন কৰা হয় গোৱালপাৰা নগৰত। আৰম্ভণিতে জিলাখনৰ মহকুমা আছিল দুটা- গোৱা ...

                                               

চিৰাং জিলা

চিৰাং জিলা ভাৰতবৰ্ষৰ অন্তৰ্গত অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত আৰু বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত চাৰিখন জিলাৰ এখন। ২০০৪ চনত কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাৰ অংশবিশে সাঙুৰি চিৰাং জিলা গঠন কৰা হৈছিল। এই জিলা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছ ...

                                               

ডিমা হাছাও জিলা

ডিমা হাছাও জিলা ; আগৰ নাম উত্তৰ কাছাৰ পাৰ্বত্য জিলা) অসমৰ এখন জিলা। ঐতিহাসিক ভাৱে ডিমাছা-কছাৰীসকলৰ বাসভূমি এই অঞ্চল ব্ৰিটিছ শাসনকালত অসমৰ নগাঁও জিলাৰ এটা মহকুমা হিচাপে গঠন কৰা হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত মিকিৰ-পাহাৰ আৰু উত্তৰ-কাছাৰ সংলগ্ ...

                                               

তিনিচুকীয়া জিলা

তিনিচুকীয়া জিলা অসমৰ 33খন প্ৰশাসনিক জিলাৰ মাজৰ এখন। ইয়াৰ সদৰ স্থান হৈছে তিনিচুকীয়া। তিনিচুকীয়া জিলাৰ মাটিকালি মুঠ ৩৭৯০ বৰ্গ কিলোমিটাৰ । ১৯৮৯ চনত তিনিচুকীয়াক অসমৰ ২৩তম জিলা হিচাপে ঘোষণা কৰা হয়। শদিয়া আৰু মাৰ্ঘেৰিটা ইয়াৰ আন দুটা মহকুমা।

                                               

দক্ষিণ শালমাৰা-মানকাচৰ জিলা

দক্ষিণ শালমাৰা-মানকাচৰ জিলা অসমৰ ৩৫খন জিলাৰ ভিতৰত নতুন জিলা। গুৱাহাটীৰ পৰা প্ৰায় ২৪৫ কিঃমিঃ নিলগত অৱস্থিত হাটশিঙিমাৰি এই জিলাৰ সদৰ। জিলা গঠন হোৱাৰ আগত দক্ষিণ শালমাৰা-মানকাচৰ ধুবুৰী জিলাৰ মহকুমা আছিল।

                                               

দৰং জিলা

দৰং জিলা ভাৰতৰ অসম ৰাজ্যৰ সাতাইশখন জিলাৰ ভিতৰত এখন। মঙ্গলদৈ ইয়াৰ সদৰ স্থান। ১৯৮৩ চনত অবিভক্ত দৰং জিলাৰ বিভাজন হয় আৰু তেজপুৰ মহকুমাক লৈ শোণিতপুৰ জিলা গঠন হয়। পূৰ্বৰ মঙ্গলদৈ মহকুমাক দৰং জিলা নাম দিয়া হয়। ২০০৪ চনত পুনৰ দৰং জিলাৰ এটা অংশৰ পৰা ওদ ...

                                               

ধুবুৰী জিলা

ধুবুৰী ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা জিলা সদৰ ধুবুৰী নগৰত অৱস্থিত। ইয়াৰ পৰা গুৱাহাটী মহানগৰলৈ দূৰত্ব ২৯০ কিঃমিঃ। ধুবুৰী পুৰণি গোৱালপাৰা জিলাৰো সদৰ আছিল, যিখন জিলা ১৮৭৬ চনতে ব্ৰিটিছ চৰকাৰে স্থাপন কৰিছিল। ১৯৮৩ চনত গোৱালপাৰা জিলাৰ বিভাজন ঘটাই ...

                                               

ধেমাজি জিলা

ধেমাজি ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত অসম ৰাজ্যৰ এখন জিলা। জিলাখনৰ উত্তৰে আৰু পূবে অৰুণাচল প্ৰদেশ, দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু পশ্চিমে লখিমপুৰ জিলা। ধেমাজি জিলাৰ মুঠ মাটিকালি হৈছে ৩২৩৭ বৰ্গ কিঃমিঃ। জিলাখন দুটা মহকুমাত ভাগ কৰা হৈছে: ধেমাজি আৰ ...

                                               

নলবাৰী জিলা

জিলাখনৰ মাটিকালি হৈছে ৯৯৯.৯০ বৰ্গ কিঃমিঃ। ২০০১ চনৰ লোকপিয়ল মতে জিলাখনৰ মুঠ জনসংখ্যা ১১৩৮১৮৪ জন। বাৰ্ষিক বৃষ্টিপাত হৈছে ১৫০০ মিঃমিঃ আৰু গড় আৰ্দ্ৰতা ৮০%। সমুদ্ৰপৃষ্ঠৰ পৰা জিলাখনৰ উচ্চতা ১০০০ ফুট। চাৰিসীমা উত্তৰে বাক্সা জিলা। পূৱে দৰং জিলা আৰু কাম ...

                                               

পশ্চিম কাৰ্বি আংলং জিলা

পশ্চিম কাৰ্বি আংলং জিলা অসমৰ ৩৩ খন জিলাৰ ভিতৰত নতুনকৈ গঠন হোৱা জিলা। কাৰ্বি আংলং জিলাৰ পশ্চিম অংশৰে ২০১৬ চনত এই জিলা আনুষ্ঠানিক ভাবে উদ্ধোধন কৰা হয়। জিলাখন কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এটা অংশ। ইয়াৰ প্ৰশাসনিক কাম-কাজ সংবিধানৰ ষষ্ঠ অনুসুচী ...

                                               

বঙাইগাঁও জিলা

বঙাইগাঁও জিলা উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ইয়াৰ জিলা সদৰ বঙাইগাঁও। ইয়াত মুঠ তিনিখন নগৰ আছে ক্ৰমে অভয়াপুৰী, বঙাইগাঁও আৰু বিজনী। বিজনী নগৰখন বৰ্ত্তমান চিৰাং জিলাৰ অন্তৰ্গত হৈছে। জিলাখনৰ মুঠ মাটিকালি ২৫১০ বৰ্গ কিঃমিঃ।

                                               

বজালী জিলা

বজালী জিলা অসমৰ এখন জিলা। ২০২০ চনৰ ১০ আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাৰ বজালী মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত কৰে। ২০২১ চনৰ ১২ জানুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বজালীক চৰকাৰীভাবে জিলালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে। বজালীক জি ...

                                               

বাক্সা জিলা

বাক্সা জিলা অসমৰ ৩৩ খন প্ৰশাসনিক জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থান হৈছে মুছলপুৰ। বাক্সা জিলা বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত। ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়। বাক্সা জিলাৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ।

                                               

বিশ্বনাথ জিলা

বিশ্বনাথ জিলা অসমৰ এখন নৱগঠিত জিলা। ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে বিশ্বনাথ জিলা গঠন আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ বেছি ভাগ অংশ আৰু গহপুৰৰ কিছু অংশৰে বিশ্বনাথ জিলা গঠন কৰা হ’ল। ইয়াৰ ...

                                               

বৰপেটা জিলা

বৰপেটা জিলা অসমৰ প্ৰশাসনিক জিলা সমূহৰ ভিতৰৰ এখন উল্লেখনীয় জিলা। জিলাখনৰ সদৰ কাৰ্যালয়সমূহ বৰপেটাত অৱস্থিত। জিলাখনে অসমৰ মুঠ ৩২৪৫ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে আৰু ইয়াৰ জনসংখ্যা ১,৬৪২,৪২০ জন ।

                                               

যোৰহাট জিলা

যোৰহাট জিলা ভাৰতৰ অসম ৰাজ্যৰ ৩৩খন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থান যোৰহাট চহৰ। যোৰহাট জিলাক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বা সাংস্কৃতিক নগৰী বুলিও জনা যায়। পূৰ্বতে যোৰহাট শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা আছিল। ১৯৮৩ চনত ইয়াএক সুকীয়া জিলাৰূপে স্ ...

                                               

লখিমপুৰ জিলা

লখিমপুৰ ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ উত্তৰ-পূৱ কোণত অৱস্থিত এখন জিলা। উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত লক্ষীমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লক্ষীমপুৰ জিলা গঠন হৈছিল। সেইসময়ত ইয়াৰ চাৰিসীমা আছিল: পূবে ব্ৰহ্মপুত্ৰ নদী, ...

                                               

শিৱসাগৰ জিলা

শিৱসাগৰ জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে।

                                               

শোণিতপুৰ জিলা

শোণিতপুৰ ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁও আৰু ধুবুৰীৰ পিছত তৃতীয় জনবহুল জিলা। শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। শোণিতপুৰ জি ...

                                               

হোজাই জিলা

হোজাই অসমৰ ৩৫খন জিলাৰ ভিতৰত নতুন জিলা। ১৫ আগষ্ট ২০১৫ চনত হোজাই জিলা গঠন কৰা হয়। হোজাই নৱগঠিত হোজাই জিলাৰ সদৰ। নগাঁও জিলাৰ তিনিখন তহচিল হোজাই, ডবকা আৰু লংকাক একত্ৰিত কৰি হোজাই জিলা গঠন কৰা হয়।

                                               

অনজৌ জিলা

অনজৌ জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন জিলা৷ ২০০৪ চনৰ ১৬ ফেব্ৰুৱাৰীত লোহিত জিলাৰ এটা অংশ পৃথক কৰি অনজৌ জিলা গঠন কৰা হয়৷ এই জিলাখন ভাৰতৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত জিলা৷ এই জিলাখনৰো আটাইতকৈ পূব সীমান্তত থকা গাওঁখনৰ নাম দং ৷ অনজৌ ভা ...

                                               

উজনি ছিয়াং জিলা

উজনি ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। দেশৰ ৬৪০খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা উজনি ছিয়াং অন্তিম চতুৰ্থখন জিলা। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ।

                                               

উজনি দিবাং উপত্যকা জিলা

উজনি দিবাং উপত্যকা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাখনৰ নাম দিবাং নদীৰ পৰা আহিছে। জিলাখনৰ অধিবাসী মিচমি সকলে দিবাং নদীক তালুন আখ্যা দিয়ে। মাটিকালিৰ ফালৰ পৰা উজনি দিবাং উপত্যকা ৰাজ্যৰ সৰ্ববৃহৎ জিলা যদিও এই জিলাৰ জনসংখ ...

                                               

উজনি সোৱণশিৰি জিলা

উজনি সোৱণশিৰি জিলাৰ সদৰ ঠাই হৈছে দাপৰিজ Daporijo। জিলাখনৰ অন্যান্য উল্লেখযোগ্য নগৰ সমূহ হৈছে দুমপৰিজ’ Dumporijo, তালিহা Taliha, নাচ্চ’ Nacho, চিয়াম Siyum আৰু মাৰ’ Maro। এই জিলাৰ মুঠ মাটিকালি ৭০৩২ বৰ্গ কিলোমিটাৰ।

                                               

কামলে জিলা

কামলে জিলা বা খেলমে জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই ৰাগা ৷ ২০১৭ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা ২২,২৫৬ জন৷

                                               

কুৰুং কুমেই জিলা

কুৰুং কুমেই জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ ২২ খন জিলাৰ ভিতৰত অন্যতম৷ এই জিলাৰ সদৰ ঠাই ক’ল’ৰিয়াং ৷

                                               

ক্ৰা দাদি জিলা

ক্ৰা দাদি জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত কুৰুং কুমেই জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল। এই জিলাৰ সদৰ ঠাই পালিন। জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ।

                                               

চাংলাং জিলা

চাংলাং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ উত্তৰে টিৰাপ জিলা আৰু দক্ষিণে লোহিত জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলাৰ পিছতে এই জিলা অৰুণাচল প্ৰদেশৰ ভিতৰত সৰ্বাধিক জনবসতিপূৰ্ণ জিলা৷

                                               

ছিয়াং জিলা

ছিয়াং জিলা উত্তৰ পূূূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। এই জিলাখন ২০১৫ চনৰ ২৭ নৱেম্বৰৰ দিনা পশ্চিম ছিয়াং জিলা আৰু পূব ছিয়াং জিলাৰ একাংশকৈ লৈ গঠন কৰা হয়।. এই জিলাখনৰ নাম ব্ৰহ্মপুত্ৰ নদীৰ পৰা আহিছে যাক অৰুণাচল প্ৰদেশত ছিয়াং নামেৰে জনা যা ...

                                               

টাৱাং জিলা

টাৱাং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাখনৰ জনসংখ্যা ৪৯,৯৫০ জন। এই জিলা ১৯৫১ চনত চীনে তিব্বত অধিকাৰ কৰাৰ পিছৰে পৰা চীনে নিজৰ অধীন কৰিবলৈ দাবী কৰি আহিছে।

                                               

টিৰাপ জিলা

টিৰাপ জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত এখন অন্যতম জিলা। এই জিলাৰ সীমান্তত নাগালেণ্ড আৰু অসম ৰাজ্য আৰু ম্যানমাৰ দেশ অৱস্থিত। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ন’কটে জনজাতিৰ। তেওঁলোক মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী।

                                               

নামচাই জিলা

নামচাই জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখন ২০১৪ চনৰ ২৫ নৱেম্বৰৰ দিনা লোহিত জিলাৰ একাংশ পৃথক কৰি গঠন কৰা হয়৷ জিলাখনৰ সদৰ ঠাই নামচাই৷

                                               

নামনি ছিয়াং জিলা

নামনি ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১৭ চনৰ ২২ ছেপ্টেম্বৰৰ দিনা পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল৷ নামনি ছিয়াং জিলাৰ অস্থায়ী সদৰ ঠাই লিকাবালি৷ জিলাখনৰ সংখ্যাগ ...

                                               

নামনি দিবাং উপত্যকা জিলা

নামনি দিবাং উপত্যকা জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ভাৰতৰ জিলাসমূহৰ ভিতৰত এই জিলাখন দশম সৰ্বনিম্ন জনবসতিপূৰ্ণ জিলা হিচাপে স্বীকৃত৷

                                               

নামনি সোৱণশিৰি জিলা

নামনি সোৱণশিৰি জিলা উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ জিলাখনৰ সদৰ ঠাই হৈছে জিৰ’ নগৰ৷ এই জিলাৰ মাটিকালি ৩৪৬০ বৰ্গ কিলোমিটাৰ৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক নিচি আৰু আপাতানি জনজাতিৰ৷

                                               

পশ্চিম কামেং জিলা

পশ্চিম কামেং জিলা উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা৷ এই জিলাখনে অৰুণাচল প্ৰদেশৰ ৮.৮৬% মাটিকালি আগুৰি আছে৷ পশ্চিম কামেং জিলাৰ নাম জিলাখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ উপনৈ কামেং নদীৰ পৰা আহিছে৷ এই জিলাৰ সদৰ ঠাই বমডিলা৷ জিলাখনৰ মূল অধি ...

                                               

পশ্চিম ছিয়াং জিলা

পশ্চিম ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই আল ৷ জিলাখনত ব্যৱহৃত মূল ভাষাসমূহ হৈছে আদি আৰু গাল’৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী আদি, মেম্বা আৰু খাম্বা জনজাতিৰ৷

                                               

পাপুমপাৰে জিলা

পাপুমপাৰে জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলা অৰুণাচল প্ৰদেশৰ আটাইতকৈ জনবহুল জিলা৷ জিলাখনৰ সদৰ ঠাই য়ুপিয়াত অৱস্থিত৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক নিচি জনজাতিৰ৷

                                               

পূব কামেং জিলা

পূব কামেং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখনৰ আন্তৰাষ্ট্ৰীয় সীমা তিব্বতত আৰু অন্য অংশ অৰুণাচলৰ জিলা পশ্চিম কামেং, পাপুমপাৰে আৰু কুৰুং কুমেইৰ সীমান্ত স্পৰ্শ কৰিছে৷ এই জিলাৰ সদৰ ঠাই চেপ্পা আৰু জিলাৰখনৰ সংখ্যাগৰিষ ...

                                               

পূব ছিয়াং জিলা

১৯৯৯ চনত পশ্চিম ছিয়াং জিলাৰ একাংশ লৈ পূব ছিয়াং জিলা গঠন কৰা হৈছিল৷ ১৯৯৯ চনত এই জিলাক পুনৰ বিভক্ত কৰি উজনি ছিয়াং জিলা গঠন কৰা হয়৷ এই জিলাত ঐতিহাসিকভাৱে চুতীয়া ৰাজতন্ত্ৰৰ শাসন আছিল৷

                                               

লংডিং জিলা

লংডিং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন জিলা। এই জিলাখন পূৰ্বৰ টিৰাপ জিলাৰ দক্ষিণ-পশ্চিম অঞ্চলৰ একাংশ লৈ গঠন কৰা হৈছিল।

                                               

লোহিত জিলা

লোহিত জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। এই জিলাৰ সদৰঠাই তেজু। ২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলা আৰু চাংলাং জিলাৰ পিচতে অৰুণাচল প্ৰদেশ ৰাজ্যৰ আটাইতকৈ জনবহুল জিলা।

                                               

উত্তৰ ত্ৰিপুৰা জিলা

উত্তৰ ত্ৰিপুৰা জিলা উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ এখন অন্যতম জিলা। জিলাখন ১৯৭০ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হয়। এই জিলাৰ সদৰঠাই ধৰ্মনগৰ। জিলাখনৰ মুঠ মাটিকালি ১৪২২.১৯ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ৪৪৪৫৭৯ জন।

                                               

দক্ষিণ ত্ৰিপুৰা জিলা

দক্ষিণ ত্ৰিপুৰা জিলা উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ এখন জিলা। এই জিলা ১৯৭০ চনত প্ৰতিষ্ঠা কৰা হৈছিল। জিলাখনৰ মাটিকালি ২১৫২ বৰ্গ কিলোমিটাৰ। জিলাখনৰ সদৰঠাই বেল’নিয়াত অৱস্থিত।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →