ⓘ Free online encyclopedia. Did you know? page 77



                                               

মমতাজ মহল

মমতাজ মহল ১৯ জানুৱাৰী ১৬২৮-ৰ পৰা মৃত্যুৰ দিনলৈকে মোগল সম্ৰাট শাহ জাহানৰ বেগম আছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সমাধিৰ ওপৰত সম্ৰাট শাহজাহানে বিশ্বৰ এক আশ্চৰ্য্য বুলি গণ্য কৰা আগ্ৰাৰ তাজমহল নিৰ্মাণ কৰাইছিল।

                                               

মায়া (বুদ্ধদেৱৰ মাতৃ)

ৰাণী মায়াদেৱী বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক সন্ত গৌতম বুদ্ধৰ জন্মদাত্ৰী মাতৃ। তেওঁ প্ৰথম বৌদ্ধ ভিক্ষুণী প্ৰজাপতি গৌতমীৰ বায়েক আৰু ৰজা শুদ্ধোধনৰ পত্নী। গৌতম বুদ্ধ বা সিদ্ধাৰ্থৰ প্ৰসৱৰ সময়ত তেওঁৰ মৃত্যু হৈছিল।

                                               

মৰাণ চৰকাৰ

মৰাণ চৰকাৰ এগৰাকী পঞ্জাবী মুছলমান সম্প্ৰদায়ৰ এগৰাকী দৰবাৰী নাচৰ নাচনী আছিল। ১৯০২ চনত তেওঁ মহাৰজা ৰঞ্জিত সিঙক বিয়া কৰাইছিল। এগৰাকী নাচনী ছোৱালীক বিয়া কৰোৱা বাবে শিখ ধৰ্মগুৰু আকালি ফুল সিঙে মহাৰজাক বেত্ৰাঘাটেৰে শাস্তি প্ৰদান কৰিছিল।

                                               

ৰাণী পদ্মিনী

পদ্মিনী তেৰ-চৈধ্য শতিকাৰ মেৱাৰৰ এগৰাকী কিংবদন্তি ৰাণী আছিল। তেওঁক পদ্মাৱতী হিচাপেও জনা যায়। সোতৰ শতিকাৰ বহুকেইখন গ্ৰন্থত তেওঁৰ উল্লেখ পোৱা যায়, যাৰ প্ৰচীমতম সূত্ৰ পদ্মাৱত। ১৫৪০ খ্ৰীষ্টাব্দত মালিক মহম্মদ জায়সীয়ে এই মহাকাব্য ৰচনা কৰিছিল।

                                               

ৰূপমতী

ৰাণী ৰূপমতী এগৰাকী কবি আৰু মালৱাৰ চুলতান বাজ বাহাদুৰ পত্নী আছিল। ৰূপমতীক বিশেষভাৱে মালৱাৰ লোককাহিনীসমূহত উল্লেখ কৰা হৈছে। এই লোককাহিনীসমূহত চুলতান আৰু ৰূপমতীৰ মাজত প্ৰেমৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ৰূপমতীৰ সৌন্দৰ্যই মাণ্ডু জয় কৰিবলৈ আদম খানক আংশিকভ ...

                                               

অংগৰাগ মহন্ত

অংগৰাগ "পাপন" মহন্ত অসমৰ এগৰাকী কণ্ঠশিল্পী। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে কণ্ঠদান কৰে। একক ভাবে কণ্ঠদান কৰাৰ উপৰিও তেওঁ "ইষ্ট ইণ্ডিয়া কোম্পানী" নামৰ এক সংগীত গোষ্ঠী -ৰ লগতো জড়িত।

                                               

অখিল গগৈ

অখিল গগৈ অসমৰ এগৰাকী কৃষক নেতা আৰু আৰ টি আই কৰ্মী । বিগত কেইবাটাও বছৰত তেওঁ ৰাজ্যখনত দুৰ্নীতি বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে। দুৰ্নীতিৰ বিৰুদ্ধে আৰু চৰকাৰৰ কাৰ্য্যপ্ৰণালীত স্বচ্ছতা অনাৰ বাবে কৰি অহা সংগ্ৰামৰ বাবে তেওঁক প্ৰদান কৰা ২০০৮ বৰ্ষ ...

                                               

অঙ্কুশিতা বড়ো

অঙ্কুশিতা বড়ো এগৰাকী ভাৰতীয় বক্সাৰ তথা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ বিজয়ী। ২০১৭ চনৰ বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ৬৪ কিলোগ্ৰাম শাখাত অঙ্কুশিতাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগেই অঙ্কুশিতা বড়ো বিশ্ব যুৱ মহিলা বক্সিঙত স ...

                                               

অজিত কুমাৰ ভূঞা

অজিত কুমাৰ ভূঞা হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু ৰাজ্যসভাৰ সাংসদ। তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল আৰু দীৰ্ঘ সময়ৰ কাৰণে প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২০ চনৰ ১৮ মাৰ্চ তাৰিখে তেওঁ বিনাপ্ৰতিদ্বন ...

                                               

অনিমা গুহ

অনিমা গুহ একাধাৰে এগৰাকী সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ। তেওঁ বুৰঞ্জীবিদ অমলেন্দু গুহৰ সহধৰ্মিনী আৰু প্ৰগতিশীল বিচাৰধাৰাত বিশ্বাসী। নাৰীৰ অধিকাৰৰ বাবে গঠিত নিৰ্যাতন বিৰোধী মঞ্চ ৰ সভাপতি ৰূপে তেওঁৰ কাম-কাজ সমূহে যথেষ ...

                                               

অনুভৱ তুলসী

অনুভৱ তুলসী একাধাৰে কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ, সম্পাদক। বিংশ শতিকাৰ শেষৰপৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁৰ কাব্যিক অৱদানে অসমীয়া কবিতাক সমৃদ্ধ কৰি ৰাখিছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৪ চনত ইংৰাজী সাহিত্য ...

                                               

অপূৰ্ব শৰ্মা

অপূৰ্ব শৰ্মা ইংৰাজী: Apurba Sharma হ’ল সৌৰভ কুমাৰ চলিহাই প্ৰৱৰ্তন কৰা অসমীয়া গল্প-সাহিত্যৰ আধুনিকতাবাদী ধাৰাটোৰ অন্যতম গল্পকাৰ। শৰ্মা ২০০০ চনত তেওঁৰ গল্প সংকলন বাঘে টাপুৰ ৰাতিৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা আৰু ২০১৫ চনত অসম উপত্যকা সাহ ...

                                               

অমৃত প্ৰীতম

অমৃত প্ৰীতম এগৰাকী ভাৰতীয় শব্দযন্ত্ৰী। তেওঁ অস্কাৰ বঁটা বিজয়ী শব্দযন্ত্ৰী ৰেচুল পুকুট্টিৰ সৈতে চলচ্চিত্ৰত শব্দ ডিজাইনিঙৰ কাম কৰে। তেওঁ ঘাইকৈ অসমীয়া, হিন্দী, ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষাৰ ছবিত শব্দযন্ত্ৰীৰ কাম কৰে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ ...

                                               

অমৃতা গগৈ

অমৃতা গগৈ হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। ২০১৫ চনত মুক্তিপ্ৰাপ্ত অহেতুক নামৰ অসমীয়া চলচ্চিত্ৰ খনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰজগতত প্ৰৱেশ কৰে।

                                               

অম্বিকাচৰণ চৌধুৰী

অম্বিকাচৰণ চৌধুৰী অসমৰ এজন সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী আছিল তেখেতক কামতা সাহিত্য ৰত্ন উপাধিৰে সন্মান জনোৱা হয়। তেখেত অসমৰ জনসাধাৰণৰ মাজত কামতাৰত্ন ৰূপে পৰিচিত আছিল।। সমাজসেৱক হিচাপে চৌধুৰী "অন্যান্য পিচপৰা শ্ৰেণী"ৰ সাহিত্য সভাৰ গোৱালপা ...

                                               

অৰ্ণৱ গোস্বামী

অৰ্ণৱ গোস্বামী ভাৰতৰ এগৰাকী আগশাৰীৰ সাংবাদিক। তেওঁ ভাৰতীয় নিউজ চেনেল টাইমছ্ নাওৰ মুখ্য সম্পাদক তথা বাৰ্তা পৰিবেশক হিচাপে তেওঁ যথেষ্ট খ্যাতি লাভ কৰিছিল। সোমবাৰৰ পৰাৰ শুকুৰবাৰলৈ প্ৰতিনিশা ৯ বজাত ভাৰতীয় নিউজ চেনেল টাইমছ্ নাওত তেওঁ আঁত ধৰা দ্য নিউজ ...

                                               

আজান পীৰ

আজান ফকীৰ এজন ইছলাম ধৰ্ম প্ৰচাৰক, সাধু আৰু কবি আছিল। তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিলন । ইয়াৰ বাহিৰেও তেখেতক আজান পীৰ, ছাহ মীৰান আৰু আজান ফকীৰ নামেৰেও জনা যায়। তেওঁৰ জন্ম ১৬১০ চনৰ ওচৰে-পাঁজৰে ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত হৈছিল। আনুমানিক ...

                                               

আত্মাৰাম শৰ্মা

আত্মাৰাম শৰ্মা আছিল প্ৰথম অসমীয়া ভাষাৰ ছপা পুথি বাইবেলৰ অনুবাদ "ধৰ্মপুস্তক"ৰ লেখক। নগাঁও জিলাৰ কলিয়াবৰত তেখেতৰ জন্ম হৈছিল। তেখেতে নিউ টেষ্টামেণ্টৰ অসমীয়া অনুবাদখন ১৮১৩ চনত লিখি ছপা কৰি উলিয়ায়।

                                               

আনন্দ চন্দ্ৰ আগৰৱালা

আনন্দ চন্দ্ৰ আগৰৱালা এজন প্ৰসিদ্ধ কবি, অনুবাদক, প্ৰশাসক, ইতিহাসবিদ আৰু লিখক আছিল। জোনাকী যুগৰ অসমীয়া লেখকসকলৰ ভিতৰত এখেত অন্যতম। তেখেতক ‘ ভাঙনি কোঁৱৰ’ নামেৰেও জনা যায়। আগৰৱালা দেৱে ১৯১৬ চনত ৰায়চাহাব উপাধি আৰু ১৯২১ চনত ৰায়বাহাদুৰ উপাধি লাভ কৰি ...

                                               

আনন্দ চন্দ্ৰ দত্ত

আনন্দ চন্দ্ৰ দত্ত অসমৰ এজন আন্তঃৰাষ্ট্ৰীয়ভাৱে জনাজাত উদ্ভিদবিদ। তেখেতে ১৯৪৪-৪৫ চনত মৰিয়নি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰে কৰ্মৰ পাতনি মেলি ১৯৪৭ চনত টোকোলাই চাহ গৱেষণা কেন্দ্ৰত যোগদান কৰিছিল। ১৯৭৭ চনত যোৰহাটত এটা চাহ সংগ্ৰহালয় স্থাপনত তেখেতে ...

                                               

আনন্দিতা দত্ত তামূলী

আনন্দিতা দত্ত তামূলী হৈছে অসমৰ যোৰহাট জিলাৰ তিতাবৰৰ এগৰাকী মহিলা। এওঁ শুদা চকুত ভোট জলকীয়া ঘঁহি লগাব পাৰে আৰু খাবও পাৰে। গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে ভোট জলকীয়াক বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়া বুলি স্বীকৃতি দিছে।

                                               

আনোৱাৰ হুছেইন

আনোৱাৰ হুছেইন এগৰাকী অসমীয়া চলচ্চিত্ৰৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ মুঠ ছয়খন অসমীয়া ছবি পৰিচালনা কৰিছে। তেওঁ আটাইতকৈ কম বয়সতে ছবি পৰিচালনা কৰা অসমীয়া পৰিচালক। তেওঁৰ তৃতীয় ছবি তেজীমলাই শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰপতিৰ ‘চাৰ্টিফিকেট অফ মেৰিট’ লাভ ...

                                               

আৰুণি কাশ্যপ

আৰুণি কাশ্যপ হৈছে এগৰাকী ভাৰতীয় লেখক আৰু অনুবাদক। সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত The House With a Thousand Stories শীৰ্ষক উপন্যাসখনৰ লেখক আৰুণি। এই উপন্যাসখনৰ জৰিয়তে লেখকে উত্তৰ-পূব ভাৰতৰ অসমত অব্যাহত থকা মানৱ অধিকাৰ উলংঘনৰ বিষয়টোৰ প্ৰতি দী ...

                                               

ইছমাইল হোছেইন

ইছমাইল হোছেইন বৰপেটা জিলাৰ কয়াকুছি গাঁৱত দৰিদ্ৰ কৃষক পৰিয়ালত হৈছিল। তেখেত আধুনিক অসমীয়া ভাষাৰ একেৰাহে কবি, সমালোচক আৰু গৱেষক। চৰ-চাপৰি বাসী এইজন অসম সন্তানে শংকৰী কলা কৃষ্টিৰ সাধক। অসমৰ চৰ-চাপৰি বাসীৰ ওপৰত গৱেষণা কৰা এও দ্বিতীয়জন ইছমাইল হোছেই ...

                                               

ইভা আচাও

১৯৪০ চনৰ ১০ এপ্ৰিলত শিৱসাগৰ জিলাত এটা সংস্কৃতিৱান পৰিয়ালত ইভা আচাওৰ জন্ম হৈছিল। তেখেতে ১৯৫৮ চনত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়।

                                               

ইলা কাকতি

ইলা কাকতি এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেত্ৰী আছিল৷ ভূপেন হাজৰিকা পৰিচালিত চিকমিক বিজুলীৰে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰা কাকতিয়ে মুঠ ষোলখন ছবিত অভিনয় কৰিছিল৷ আজলী নবৌ আৰু বৃষ্টি তেওঁৰ উল্লেখযোগ্য ছবি। ইয়াৰোপৰি তেওঁ কহিনুৰ ...

                                               

ইলাৰাম দাস

আচাৰ্য ইলাৰাম দাস মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী একশৰণ নাম ধৰ্মৰ প্ৰচাৰক, সুবক্তা, সাধক পণ্ডিত আৰু সমাজ সংস্কাৰক। তেওঁ এক শৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আছিল। ২০০১ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁট ...

                                               

ঈষিকা বৰা

ঈষিকা বৰা এগৰাকী মুম্বাইস্থিত মডেল তথা অভিনেত্ৰী। অসমৰ এইগৰাকী মডেলে ইতিমধ্যে কেইবাটাও আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ সৈতে কাম কৰি আছে। দেৱনায়াৰ শীৰ্ষক আলোচনীখনৰ পাঁচটা সংখ্যাৰ কভাৰ মডেল হিচাপেও কাম কৰিছে ঈষিকা বৰাই। বিগত এটা দশক ধৰি মডেলিং উদ্যোগৰ সৈত ...

                                               

উপেন ৰাভা হাকাচাম

উপেন ৰাভা হাকাচাম উপেন ৰাভা হাকাচাম একাধাৰে গৱেষক আৰু ৰাভা ভাষা-সাহিত্যৰ সাধক। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত।

                                               

উপেন্দ্ৰনাথ ব্ৰহ্ম

উপেন্দ্ৰনাথ ব্ৰহ্ম আলোচনা পৃষ্ঠা চাওক এজন বড়ো ছাত্ৰনেতা আৰু ৰাজনৈতিক নেতা। সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল। বড়ো সকলৰ ৰাজনৈতিক আৰু সামাজিক উন্নতিৰ বাবে কাম কৰা উপেন্দ্ৰনাথ ব্ৰহ্মক সন্মানেৰে বড়োফা বুলি আখ্যা দিয়া হৈছে।

                                               

উৎপল দত্ত

উৎপল দত্ত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক। তেওঁ বিনোদনধৰ্মী মাহেকীয়া আলোচনী বিস্ময় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম চলচ্চিত্ৰজগত বিষয়ক সাংস্কৃতিক আলোচনী ৰূপকাৰৰ সৈতে চলচ্চিত্ৰ সাংবাদিক আৰু সমালোচক হিচাপে জড়িত আছিল। পিছলৈ তেওঁ আকাশবাণী গুৱাহাটীত য ...

                                               

কনক চন্দ্ৰ ডেকা

কনক চন্দ্ৰ ডেকাৰ জন্ম হয় নলবাৰী জিলাৰ বেলশৰত। তেওঁ গুৱাহাটীৰ বাণীকান্ত কাকতি চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত অধ্যপনা কৰে৷ তাৰোপৰি তেওঁ গহপুৰ বি টি কলেজৰ অধ্যক্ষ হিচাপেই কাৰ্যনিৰ্বাহ কৰিছিল৷

                                               

কনকসেন ডেকা

কনকসেন ডেকা অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ‎, চিন্তাবিদ আৰু সাংবাদিক। তেখেত অসম সাহিত্য সভাৰ ছিপাঝাৰ, চাপৰ অধিবেশন, বেলশৰ আৰু দক্ষিণপাট বিশেষ বাৰ্ষিক অধিবেশনৰ সভাপতি আছিল।

                                               

কমলা গোহাঁই

                                               

কমলাকান্ত ভট্টাচাৰ্য্য

কমলাকান্ত ভট্টাচাৰ্য্য অসমীয়া সাহিত্যৰ অৰুণোদয় যুগৰ অন্যতম এগৰাকী কবি অৰু প্ৰবন্ধকাৰ। ১৮৫৩ চনৰ ডিচেম্বৰত শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ ওচৰৰ গড়েহাগি গাঁৱত তেখেতে জন্মলাভ কৰিছিল। তেখেতক অগ্নিকবি বুলি অভিহিত কৰা হয়। ৰাজনৈতিক ভাৱাদৰ্শৰ দিশৰ পৰ ...

                                               

কালিৰাম মেধি

কালিৰাম মেধি এজন প্ৰসিদ্ধ অসমীয়া সাহিত্যিক আৰু ব্যাকৰণিক আছিল। পৌৰাণিক অসমীয়া সাহিত্যৰ বিজ্ঞানসন্মত পুথি সমালোচনাৰ ক্ষেত্ৰত তেখেত পথপ্ৰদৰ্শক আছিল। কালিৰাম মেধিয়ে ১৯০২ চনত বিষ্ণুপ্ৰিয়া দেৱী পুৰস্কাৰ আৰু ১৯৪৬ চনত ৰায়বাহাদুৰ অব আছাম খিতাপ লাভ ক ...

                                               

কীৰ্তিচন্দ্ৰ বৰুবৰুৱা

কীৰ্তিচন্দ্ৰ বৰুবৰুৱা ওৰফে গেন্ধেলা আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালত বৰবৰুৱা আছিল। কলিয়াবৰ নদীৰ পূব অঞ্চল আৰু যিবোৰ অঞ্চল বুঢ়াগোহাঁ‌ই, বৰগোহাঁ‌ই আৰু বৰপাত্ৰগোহাঁ‌ইয়ে নিয়ন্ত্ৰণ কৰা নাছিল, সেইবোৰ অঞ্চল বৰবৰুৱ ...

                                               

কুলেন্দু পাঠক

ড° কুলেন্দু পাঠক এগৰাকী অধ্যাপক, গৱেষক, বিজ্ঞানী, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা আৰু প্ৰশাসক। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য আৰু কটন মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক আছিল। তেওঁ অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ...

                                               

কৃষ্ণ কান্ত বৰা

কৃষ্ণ কান্ত বৰা বৰ্তমান অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশ ৰ ৰাজ্যিক সাংগঠনিক সম্পাদক। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৃতীয় বৰ্ষৰ প্ৰশিক্ষণ প্ৰাপ্ত বৰা দেৱক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিশেষ ভাবে চাত্ৰ সংগঠনৰ কামত নিয়োজন কৰিছে।

                                               

খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী

খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক। তেওঁ বিমুৰ্ত গণি-ত বিশেষকৈ বীজগণিতত বহুলভাৱে কৰা গৱেষণাৰ বাবে পৰিচিত। তেওঁক Goldie Module -ৰ গঠন আৰু Goldie Near-Ring বুলি কোৱা ধাৰণাটো সম ...

                                               

গজেন বৰুৱা

গজেন বৰুৱা এজন অসমীয়া নৃত্যশিল্পী আৰু সাংস্কৃতিক কৰ্মী। ১৯১৫ চনত শোণিতপুৰ জিলাৰ তেজপুৰ মহকুমাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত গজেন বৰুৱাৰ জন্ম হয়। নৃত্যশিল্পীৰূপে তেখেত ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ...

                                               

গুণাৰাম খনিকৰ

ড° গুণাৰাম খনিকৰ অসমৰ এগৰাকী প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ। তেখেত গোলাঘাট জিলাৰ তেতেলীতলৰ" ভাৰতীয় পাৰম্পৰিক চিকিৎসাৰ আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ” ৰ প্ৰতিষ্ঠাতা আৰু পৰিচালন সঞ্চালক আছিল। তেখেতে প্ৰস্তুত কৰি উলিওৱা বহুমূত্ৰ, বুকুৰ ধপধপনি, উচ্চ ...

                                               

গুৰুপ্ৰসাদ দাস

গুৰুপ্ৰসাদ দাস কুৰি শতিকাৰ প্ৰথম ভাগত জন্মলাভ কৰা অসমীয়া বিজ্ঞানী আছিল। বৰপেটাত জন্মগ্ৰহণ কৰা গুৰুপ্ৰসাদ দাসে অসহযোগ আন্দোলনত জড়িত হৈ কলিকতাত উপস্থিত হৈছিল আৰু তাৰেপৰাই হাইস্কুলীয়া শিক্ষা সাং কৰি ইংলেণ্ডলৈ গৈ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত প্ৰ ...

                                               

গোকুল পাঠক

গোকুল পাঠক অসমৰ বৰপেটাৰ এগৰাকী প্ৰখ্যাত লোকশিল্পী, সাহিত্যিক তথা সাংবাদিক। তেখেত একেৰাহে গায়ক, বাদক, গীতিকাৰ, নাট্যকাৰ, অভিনেতা, কবি, ইতিহাস প্ৰণেতা, সুবক্তা আৰু প্ৰকৃত সমাজসেৱক আছিল। তেখেতক ২০০১ চনত অসম চৰকাৰে বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰিছিল।

                                               

গোলাপ ৰাভা

গোলাপ ৰাভা ইংৰাজী: Golap Rabha, জন্ম: ১৩ ফেব্ৰুৱাৰী ১৯৮৩ অসমৰ এগৰাকী শৰীৰ চৰ্চাবিদ। তেওঁ একাধাৰে মিঃ ইণ্ডিয়া, মিঃ ৱৰ্ল্ড, মিঃ ইউনিভাৰ্চ আদিৰ দৰে কেইবাটাও খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে।

                                               

গৌতম কলিতা

গৌতম কলিতা অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ। তেওঁ ২০০৭ বৰ্ষত লছ এঞ্জেলেছত অনুষ্ঠিত ESPN-Musclemania World নামৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ৱৰ্ল্ড খিতাপ লাভ কৰে।

                                               

গৰিমা হাজৰিকা

গৰিমা হাজৰিকা অসমৰ এগৰাকী শাস্ত্ৰীয় নৃত্য পটিয়সী। তেওঁ সত্ৰীয়া আৰু ওডিছী নৃত্য বিশাৰদ। ভাৰতৰ বিভিন্ন আগশাৰীৰ মহানগৰীত নৃত্য পৰিৱেশন কৰি হাজৰিকাই সুনাম অৰ্জন কৰিছে। তেখেতে কেইবাখনো নৃত্য-নাটিকা ৰচনা কৰিছে। হাজৰিকা ৰচিত আৰু পৰিচালিত চেতনা নামৰ ন ...

                                               

চন্দনা গোস্বামী

চন্দনা গোস্বামী অসমীয়া ভাষাৰ এগৰাকী ঔপন্যাসিক। উদীয়মান ঔপন্যাসিক হিচাপে চন্দনা গোস্বামী অসমৰ সাহিত্য জগত‍ত বিশেষভাৱে পৰিচিত। তেওঁৰ প্ৰথম সাহিত্য সৃষ্টি ‘পাটকাইৰ ইপাৰে মোৰ দেশ’ নামৰ বুৰঞ্জীমূলক উপন্যাসখনৰ বাবে ২০১‍২ চনত ভাৰত চৰকাৰ‍ প্ৰদত্ত সাহিত ...

                                               

চন্দ্ৰধৰ বৰুৱা

চন্দ্ৰধৰ বৰুৱা নাট্যকাৰ, কবি আৰু গীতিকাৰ৷ ১৮৭৪ চনৰ ১৫ অক্টোবৰত দেৰগাঁৱত জন্ম৷ ১৯৩০ চনত অসমৰ প্ৰতিনিধিৰূপে ভাৰতৰ স্বাধীনতা সম্পৰ্কে আলোচনা কৰিবলৈ ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত যোগদান৷ ১৯১৮ চনত অসম সাহিত্য সভাৰ সভাপতি৷ ১৯২৬ চনত অসম সাহিত্য সভা ...

                                               

চাৰু গোহাঁই

চাৰু গোহাঁই অসমৰ এগৰাকী কণ্ঠশিল্পী। ১৯৫১ চনৰ ১৭ ছেপ্টেম্বৰত শিৱসাগৰৰ চৰাইদেউত জন্মগ্ৰহণ কৰা চাৰু গোহাঁইয়ে সত্তৰৰ দশকত ৰাতি বাঁহী বাই, জিলমিল জোন জ্বলে কপালত আদি গীতত কণ্ঠদান কৰি জনপ্ৰিয় হৈ পৰিছিল। ৬১ বছৰীয়া জীৱনকালত তেওঁ প্ৰায় ২০০ অসমীয়া গীত ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →