ⓘ Free online encyclopedia. Did you know? page 74



                                               

জন্মযাত্ৰা (নাট)

জন্মযাত্ৰা নাটখন শংকৰোত্তৰ যুগৰ এখনি উল্লেখযোগ্য অঙ্কীয়া নাট। জন্মযাত্ৰাখনিৰ ভাওনা শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত সত্ৰ আৰু সংহতি নিৰ্বিশেষে সকলোতে কৰা হয়। জন্মযাত্ৰাৰ উপসংহাৰ স্বৰূপ নন্দোৎসৱ বা পচতি উৎসৱো প্ৰায় সকলো সত্ৰতে পাতে। নাটখনৰ মাজেৰে কৃষ্ণৰ জ ...

                                               

জয়মতী কুঁৱৰী (নাটক)

জয়মতী কুঁৱৰী হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য বুৰঞ্জীমূলক নাটক। এই নাটকত বেজবৰুৱাই অসম বুৰঞ্জীৰ যুগৰ চিত্ৰ আকোঁতেও শ্বেইক্সপীয়েৰৰ চৰিত্ৰ আৰু চিত্ৰৰ ছাঁ পৰিছে। ইয়াৰ জৰিয়তে বেজবৰুৱাই অসমীয়া নাট্য সাহিত্যৰ সমৃ ...

                                               

নিমাতী কইনা

নিমাতী কইনা হল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত এখনি লিৰিকধৰ্মী কাব্য-নাট। ১৯৩৬ চনত তেঁও এই নাটখনি ৰচনা কৰিছিল। নিমাতী কইনা নামৰ লক্ষ্মীনাথ বেজবৰুৱাৰ এটি বেলাড জাতীয় কবিতাৰ ওপৰত এই নাটখনি প্ৰতিষ্ঠিত। বিষয়বস্তুৰ পৰিকল্পনা, ৰূপায়ন, সৌন্দৰ্য্য আ ...

                                               

নৰকাসুৰ (নাট)

নৰকাসুৰ সাহিত্যচাৰ্য অতুলচন্দ্ৰ হাজৰিকাই ৰচনা কৰা এখন পৌৰাণিক নাট। প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ জীৱনক বিষয়বস্তু হিচাপে লৈ নাটখন ৰচনা কৰা হৈছে। নাট্যকাৰে ১৯২৬ চনত কলেজীয়া জীৱনৰ দ্বিতীয় বাৰ্ষিক শ্ৰেণীতে নাটখন লিখিছিল। অভিনেতা তেজপুৰৰ ডাঃ ললিতমো ...

                                               

পিম্পৰা গুচোৱা

মাধৱদেৱৰ পিম্পৰা গুচোৱা শিশু উপযোগী এখন ধেমেলীয়া নাট বা ঝুমুৰা। ইয়াত শিশু কৃষ্ণই গোৱালৰ ঘৰত খীৰ লৱণু চুৰি কৰি খাই ধৰা পৰাৰ এটি ধেমেলীয়া দৃশ্য দিয়া হৈছে। নাটকখন শ্ৰীকৃষ্ণৰ লৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত। ...

                                               

বেলিমাৰ (নাটক)

বেলিমাৰ নাটকখন হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন ঐতিহাসিক নাটক। এই নাটকখনত অসমৰ জাতীয় জীৱনৰ ট্ৰেজেডিৰ ইতিহাস ওপৰত ৰচিত। ইয়াত ব্যক্তি বিশেষৰ ট্ৰেজেডি প্ৰতিফলিত হোৱা নাই। বেজবৰুৱাদেৱে এই নাটকৰ জৰিয়তে ভাস্কৰ বৰ্মা, চক্ৰধ্বজ ...

                                               

ভূমি লেটোৱা (ঝুমুৰা)

মাধৱদেৱৰ ভূমি লেটোৱা ঝুমুৰাখন শ্ৰীকৃষ্ণৰ লৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত। মাধৱদেৱৰ নাটকবোৰ "ঝুমুৰা" হিচাপেহে অসমীয়া নাট্য সাহিত্যত পৰিচিত। চৰিত পুথি মতে মাধৱদেৱে সুন্দৰীদিয়াত বাস কৰাৰ সময়ত অনুমাণিক ১৫৭৩ৰ ...

                                               

মহৰি

মহৰি নাটকখন দুৰ্গাপ্ৰসাদ মজিন্দাৰবৰুৱাৰ এখন ধেমেলীয়া নাট। মহৰি মজিন্দাৰ বৰুৱাৰ প্ৰথম নাট। মহৰি নাটকখন ১৮৯২ খৃষ্টাব্দত ৰচিত হৈ ১৮৯৬ খৃষ্টাব্দত প্ৰকাশ হয়। দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাই ১৮৯৩ চনত বিহু উপলক্ষে মহৰিক ৰাইজৰ আগত থিয় কৰাই আনন্দ লাভ কৰে ...

                                               

লভিতা

লভিতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত চতুৰ্থখন সম্পূৰ্ণ নাট। ১৯৪৭ চনত ৰচিত এই নাটকখনত অসমৰ জনসাধাৰণৰ ওপৰত বিয়াল্লিছ চনৰ বিপ্লৱ আৰু অসমৰ ওপৰেদি বৈ যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাৰ এক চিত্ৰ ৰূপায়ণ কৰা হৈছে। ১৯৪৮ চনত প ...

                                               

শোণিত কুঁৱৰী

শোণিত কুঁৱৰী এখন মূলতঃ এখনি পৌৰাণিক আখ্যানমূলক ৰোমাণ্টিক নাট। এইখন জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত প্ৰথম পূৰ্ণাংগ নাট। ১৯১৭ চনত চৈধ্য বছৰ বয়সত লিখি উলিওৱা এই নাটকখনত মুঠ পাঁচটা অংক আছে। তেজপুৰৰ বাণ থিয়েটাৰত সৰ্বপ্ৰথম মঞ্চস্থ হোৱা এই নাটখনিত প্ৰথম ব ...

                                               

সুভদ্ৰা হৰণ (নাট)

সুভদ্ৰা হৰণ নাটখন শংকৰোত্তৰ যুগৰ এখনি উল্লেখযোগ্য অঙ্কীয়া নাট। নাটখনৰ মাজেৰে অৰ্জুন সুভদ্ৰাৰ প্ৰেম পূৰ্ণ মিলনৰ কাহিনী প্ৰকাশ পাইছে। সুভদ্ৰা হৰণৰ কাহিনীভাগ ভাগৱত পুৰাণ আৰু মহাভাৰতত পোৱা যায় যদিও, শ্ৰীৰাম আতাই ইয়াৰ কাহিনীভাগ গ্ৰহণ কৰিছে অনন্ত কন ...

                                               

ৰূপালীম

ৰূপালীম হল জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত তৃতীয়খন সম্পূৰ্ণ নাটক। ১৯৩৬ চনত ৰচিত এই নাটখনিত সাতটাকৈ অংক আছে। ১৯৩৭ চনত এই নাটখন প্ৰথমতে তেজপুৰৰ বাণ ৰঙ্গমঞ্চত মঞ্চস্থ কৰা হয়। কিছু সংশোধনৰ পিছত এই নাটখন ডিব্ৰুগড়ৰ ড্ৰামাটিক আৰ্ট ছোছাইটীয়ে ডিব্ৰুগড়ত দুব ...

                                               

অসমীয়া লোকসাহিত্য

যি সাহিত্য মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহি জাতীয় সাহিত্যত বৰঙণি যোগায় তাকে মৌখিক সাহিত্য বোলে৷ সমাজ জীৱনৰ বিভিন্ন লোক-সাংস্কৃতিক সমল আৰু সভ্যতাৰ উত্থান-পতন ইয়াৰ মাজত সোমাই থাকে৷ লিখিত সাহিত্যৰ বহু শতিকাৰ আগতেই মানুহে জীৱন-ধাৰণৰ লগত জড়িত বহুতো ...

                                               

অসমীয়া গালি-গালাজ

অসমীয়া গালি-গালাজ শাও-শপনি লোকভাষাৰ এক অংগ। এই সমূহ সাধাৰণতে অসমৰ গাঁও সমূহত সহজ-সৰল মানুহৰ মাজত প্ৰথমে সৃষ্টি হৈছিল। এই সমূহ সমাজত মুকলিকৈ ব্যৱহাৰ কৰাটো অবাঞ্ছনীয় বুলি ধৰা হয়।লোক সকলে খং-ৰাগ, সুখ-দুখ ইত্যাদি আৱেগ সমূহ প্ৰকাশৰ বাবে এনে শব্দৰ ব ...

                                               

অসমৰ সাধুকথা

সাধুকথা অসমীয়া সাহিত্যৰ এটা বিশিষ্ট বিভাগ। সাধুকথাবোৰ সাধাৰণতে এক অনিৰ্দিষ্ট ৰূপৰ এক লোক-কথা। কিন্তু এইবোৰত এটা সজ নীতি কথা থাকে আৰু সেয়ে হয়তো এইবোৰ লোক-কথাক অসমীয়াত সাধুকথা বোলা হয়। সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই, সাধু কওঁতাই নিজৰ অভীৰুচি আৰ ...

                                               

চৰ্যাপদ

চৰ্যাপদ হৈছে ৮ম-১২শ শতিকামানত ৰচিত মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত। চৰ্যাপদসমূহক বঙালী-অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে। বতৰ্মান সময়ত বিভিন্ন গৱেষণাৰ অন্তত চৰ্যাপদসমূহত অসমীয়া ভাষাৰ উপৰি বঙলা, উৰিয় ...

                                               

জতুৱা ঠাঁচ

জতুৱা ঠাঁচ অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমাৰ্থক শব্দ হৈছে Idiom।

                                               

ডাকৰ বচন

অসমৰ প্ৰচলিত ডাকৰ বচন অসমীয়া জনজীৱনৰ লগত সংলগ্ন মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্ৰৱচন বা নীতিবাক্য। সাধাৰণ মানুহেও বুজিপোৱাকৈ বৰ্ণোৱা এই যোজনাবোৰে অসমীয়া জনজীৱনৰ লগত খাপ খোৱাকৈ বিভিন্ন বিষয়ত গভীৰ উপদেশ প্ৰদান কৰে। অসমীয়া মানুহে, বিশেষকৈ অতী ...

                                               

ফকৰা যোজনা

ফকৰা যোজনা হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা হয়। ফকৰা যোজনাবোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্য ...

                                               

আনন্দৰাম বৰুৱা বঁটা

ভাৰতীয় বিদ্যা, সাহিত্য আৰু ভাষাতত্ব অধ্যয়ন, সংস্কৃত ভাষা, আৰু কলা-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা একোজন পণ্ডিতক প্ৰতিবছৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়৷ আনন্দৰাম বৰুৱা ভাষা,কলা আৰু সংস্কৃতি সংস্থা ৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ পোন্ধৰ হাজাৰ ট ...

                                               

প্ৰকাশন পৰিষদ বঁটা

অসমীয়া সাহিত্যৰ বাছকবনীয়া গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰে৷ ১৯৭৩ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছিল যদিও মাজতে দহ বছৰ প্ৰদান কৰা হোৱা নাছিল৷ পুনৰ ২০০০ চনৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে৷

                                               

লাচিত বঁটা

ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক লাচিত বঁটা প্ৰদান কৰা হয়৷ ১৯৮৭ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷ এই বঁটাত হাতত তৰোৱাল লৈ ঘোঁৰাত উঠি থকা লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্তি আৰু লগতে পাঁচ হাজাৰ টকা প্ৰদান কৰা হয়৷

                                               

অনিল শইকীয়া

অনিল শইকীয়া একাধাৰে লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যিক, সম্পাদক, অধ্যক্ষ আৰু সমাজ সংগঠক। তেওঁ মৰাণ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ। অসমৰ লোক-সংস্কৃতিৰ বহুতো আপুৰুগীয়া সম্পদ ব্যক্তিগতভাৱে সংৰক্ষণ কৰাৰ লগতে গ্ৰামফোন আৰু বিশ্বৰ বহুতো আপুৰুগীয়া গ্ৰামফোন ৰেক ...

                                               

অৰ্ণৱ জান ডেকা

অৰ্ণৱ জান ডেকা হৈছে অসমৰ এজন সাহিত্যিক তথ্য চিত্ৰ পৰিচালক, অভিনেতা, আৰু অভিযন্তা তেওঁ ইংৰাজী, অসমীয়া, হিন্দী আৰু বাংলা ভাষাত একাধিক গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে। ইয়াৰোপৰি তেওঁ এখন আলোচনী আৰু এখন বাতৰি কাকতৰো সম্পাদক আছিল। সাহিত্য একাডেমিয়ে ত ...

                                               

উপেন্দ্ৰনাথ শৰ্মা

উপেন্দ্ৰনাথ শৰ্মা তেখেত আছিল সাহিত্য সমালোচক আৰু কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক। তেওঁ কমদিনৰ বাবে ডিব্ৰুগড় কানৈ কলেজতো শিক্ষকতা কৰিছিল।

                                               

কৰবী ডেকা হাজৰিকা

কৰবী ডেকা হাজৰিকা এগৰাকী প্ৰসিদ্ধ অসমীয়া কবি আৰু সাহিত্যিক৷ তেওঁ ভালেসংখ্যক কবিতা সংকলন, সমালোচনা গ্ৰন্থ, উপন্যাস আৰু ভ্ৰমণ কাহিনী আদিৰ ৰচনাৰে অসমীয়া সাহিত্যলৈ বৰঙণি যোগাই আহিছে৷ তেওঁৰ অৱদানৰ বাবে কৰবী ডেকা হাজৰিকাই বসন্ত বৰদলৈ বঁটা আৰু প্ৰবীণা ...

                                               

গীতা উপাধ্যায়

গীতা উপাধ্যায় এগৰাকী ভাৰতীয় সাহিত্যিক। তেওঁ মূলতঃ নেপালী আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰে। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ "কাৰেঙৰ লিগিৰী" নাট নেপালী ভাষালৈ অনুবাদ কৰি ২০১২ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছিল। আকৌ তেওঁৰ নেপালী ভাষাৰ উপ ...

                                               

চন্দ্ৰধৰ চমুৱা

ড॰ চন্দ্ৰধৰ চমুৱা এগৰাকী অসমীয়া সাহিত্যিক আছিল। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বান্তৌ গাঁৱৰ এটা দুখীয়া পৰিয়ালত চন্দ্ৰধৰ চমুৱাৰ জন্ম হয় ১৯৪১ চনৰ ছেপ্টেম্বৰ মাহৰ কোনো এটা শনিবাৰে। পিতৃৰ নাম চক্ৰনাথ চমুৱা।

                                               

জয়ন্তী চুতীয়া

জয়ন্তী চুতীয়া এগৰাকী অসমীয়া বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখিকা। ১৯৪৮ চনৰ ১ আগষ্টত শিৱসাগৰ জিলাত জামগুৰিত তেখেতৰ জন্ম হয়। তেখেতৰ মাতৃৰ নাম কুঞ্জলতা আৰু পিতৃ সোণাৰাম চুতীয়া। ১৯৬৭ চনত জয়ন্তী চুতীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ ...

                                               

টেঙ-ঙাই মহুং

                                               

তোষপ্ৰভা কলিতা

তোষপ্ৰভা কলিতা এগৰাকী অসমীয়া সাহিত্যিক। শিশু-সাহিত্যিক আৰু অনুবাদক হিচাপে বিশেষ পৰিচিতি লাভ কৰিছে। কবি, ঔপন্যাসিক আৰু ভ্ৰমণ কাহিনী লেখক হিচাপেও জনা যায়।

                                               

তৰুণ চন্দ্ৰ পামেগাম

তৰুণ চন্দ্ৰ পামেগাম অসমীয়া তথা মিচিং ভাষাত ৰচনা কৰা এগৰাকী কবি, নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ, শিল্পী, অভিনেতা, নাট পৰিচালক, মিচিং ভাষাবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংগঠক আৰু শিক্ষাবিদ। তেওঁ অসম চৰকাৰৰ মিচিং সমাজৰ পৰা প্ৰথম সাহিত্যিক পেন্সন পোৱা ...

                                               

নন্দ কিশোৰ মহেশ্বৰী

নন্দ কিশোৰ মহেশ্বৰী অসমৰ এগৰাকী বিশিষ্ট শিল্পী, সাংবাদিক, স্থপতিবিদ, নাট্যকাৰ আৰু সমাজকৰ্মী৷ নাটক, বোলছবি, সাহিত্য, সাংবাদিকতা আৰু সামাজিক কামত তেওঁৰ অৱদান উল্লেখযোগ্য৷ নন্দ কিশোৰ মহেশ্বৰীয়ে ভালেসংখ্যক নাটক, অনাতাঁৰ ধাৰাবাহিক আৰু বোলছবিত অভিনয় ...

                                               

নিবাৰণ বৰা

নিবাৰণ বৰা আছিল একেধাৰে এজন ৰাজনীতিবিদ, লেখক, সাংবাদিক, শিক্ষক, খেলুৱৈ, সুবক্তা, সমাজকৰ্ম্মী শ্ৰমিক নেতা তথা কৃষক নেতা। কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ অসমপ্ৰেমী আৰু জনমুখী ৰাজনীতিবিদসকলৰ এখন তালিকা যদি কৰা হয়, তেন্তে নিবাৰণ বৰাৰ নাম একেবাৰে আগফালে থা ...

                                               

নিৰোদ চৌধুৰী

নিৰোদ চৌধুৰী অসমৰ এগৰাকী প্ৰয়াত সাহিত্যিক আৰু সাংবাদিক। ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত আব্দুল মজিদ পৰিচালিত চামেলি মেমচাব নামৰ অসমীয়া চলচ্চিত্ৰৰ কাহিনীকাৰ হিচাপে চৌধুৰী বিশেষভাৱে পৰিচিত। তেওঁ প্ৰায় দুবছৰ কাল ধৰি অসম বাণী কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ ...

                                               

পদ্ম বৰকটকী

পদ্ম বৰকটকী আছিল অসমৰ এজন লেখক আৰু সাংবাদিক। তেওঁৰ পিতৃ আছিল সূৰ্য্যধৰ বৰকটকী আৰু মাতৃ বিনন্দী দেৱী বৰকটকী। ১৯২৭ চনৰ ৩০ জুলাইত যোৰহাটৰ ৰজাহাউলিত তেওঁ জন্ম গ্ৰহণ কৰিছিল।

                                               

পাৰ্থবিজয় দত্ত

পাৰ্থবিজয় দত্ত অসমৰ এগৰাকী যুক্তিবাদী লেখক, গল্পকাৰ, কবি, প্ৰবন্ধকাৰ, শিশু সাহিত্যিক, আৰু আৰক্ষী বিষয়া। তেখেতে মৌচাক আলোচনীৰ যোগেদি শিশুসকলৰ মাজত পৰিচিতি লাভ কৰিছিল। পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁৰ জীৱনৰ প্ৰথম গ্ৰন্থ "পোহৰৰ সন্ধানত" প্ৰকাশ পা ...

                                               

পূৰ্ণকান্ত বুঢ়াগোহাঞি

পূৰ্ণকান্ত বুঢ়াগোহাঞি তাই আহোম জাতিৰ আদি বুৰঞ্জীৰ এজন নীৰৱ সাধক আছিল । ১৯৩৩ চনৰ পৰা ১৯৪২ চনলৈকে সুদীৰ্ঘ ন বছৰ কাল ম্যানমাৰ, থাইলেণ্ড আৰু চীন দেশত থাকি বিভিন্ন অঞ্চল ভ্ৰমণ কৰি তাই জাতিৰ আদি বাসস্থান, শাসন নীতি, ৰাজ্য বিস্তাৰ, ধৰ্ম আৰু কৃষ্টি সম্প ...

                                               

প্ৰদীপ শইকীয়া

প্ৰদীপ শইকীয়া অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, প্ৰসিদ্ধ অনুবাদক, ঔপন্যাসিক। ২০১৬ বৰ্ষত কৈলাস নাথ শৰ্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সাহিত্য বঁটাপ্ৰাপক।

                                               

প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য

বড়ো ভাষাৰ প্ৰথমজন গৱেষক তথা ইণ্ডো তিব্বতীয় ভাষাৰো গৱেষক,সাহিত্যাচাৰ্য প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্যই বড়োৰ লগতে অসমীয়া ভাষা- সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ বিশিষ্ট অৱদান আগবঢ়াই থৈ গৈছে। তেঁও বি বৰুৱা কলেজৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৬২ চনত ...

                                               

প্ৰীতি বৰুৱা

প্ৰীতি বৰুৱা অসমৰ এগৰাকী শিক্ষাবিদ তথা সাহিত্যিক৷ বিশেষকৈ অনুবাদ সাহিত্যৰে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৫ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷

                                               

বন্দিতা ফুকন

বন্দিতা ফুকন অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক আৰু মূলতঃ বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক। তেখেত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকী শাখাত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা অভিযন্তা। অনুবাদক হিচাপে নিজৰ সা ...

                                               

বাসুদেৱ দাস

বাসুদেৱ দাস বঙালী ভাষাৰ এগৰাকী লেখক আৰু প্ৰসিদ্ধ অনুবাদক। তেওঁ অসমীয়া সাহিত্যৰ ৪৫০ৰো অধিক গল্প, অসংখ্য কবিতা, প্ৰবন্ধ আদি প্ৰধানকৈ বঙালীভাষালৈ অনুবাদ কৰিছে আৰু সেই সমূহ অসম, পশ্চিম-বংগকে ধৰি ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বাংলাদেশ আদিৰ পৰা প্ৰকাশিত কাক ...

                                               

বিশ্বেশ্বৰ হাজৰিকা

বিশ্বেশ্বৰ হাজৰিকা হৈছে অসমৰ এগৰাকী সাহিত্যিক, অধ্যাপক আৰু ভাষাতত্ত্ববিদ। অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক ২০১৪ চনত অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে। বিশ্বেশ্বৰ হাজৰিকাই অসমৰ প্ৰসিদ্ধ সাহিত্যিক-পণ্ডিত ড॰ বা ...

                                               

ভৱপ্ৰসাদ চলিহা

ভৱপ্ৰসাদ চলিহা ৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত জন্ম হয়। তেওঁ এগৰাকী শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক। তেওঁ বৰ্তমানলৈ অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰিছে। অসম চৰকাৰে তেওঁলৈ ২০২০ চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ...

                                               

মধুৰাম বড়ো

মধুৰাম বড়ো অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সম্পাদক তথা শিক্ষাবিদ৷ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ৷ তেওঁ ২০০২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷ তাৰোপৰি তেওঁ ২০০২ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে৷ ২০১৪ চনৰ ২৪ ...

                                               

মনোৰঞ্জন লাহৰী

মনোৰঞ্জন লাহৰী অসমৰ বড়ো ভাষাৰ এগৰাকী প্ৰিসিদ্ধ সাহিত্যিক৷ সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক মৰণোত্তৰভাৱে ২০০৯ চনৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়৷

                                               

মফিদা আহমেদ

মফিদা আহমেদ এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ অসমৰ পৰা ভাৰতীয় সংসদৰ নিম্নসদন লোকসভালৈ নিৰ্বাচিত প্ৰথম মহিলা সাংসদ হিচাপে পৰিগণিত হৈছিল। তদুপৰি, সেই সময়ত সংসদলৈ নিৰ্বাচিত ইছলাম ধৰ্মাৱলম্বী মাত্ৰ কেইগৰাকীমান মহিলাৰ ভিতৰত তেওঁ‌ অন্যতম আছিল। তেওঁ ...

                                               

মৃণাল তালুকদাৰ

মৃণাল তালুকদাৰে কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰাৰ পাছত আৰ্যবিদ্যাপীঠ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ১৯৮৯ চনত তেখেত দ্যা ছেণ্টিনেল কাকতৰ উপ-সম্পাদক হিচাপে সাংবাদিক জীৱনৰ আৰম্ভণি কৰে। ইয়াৰ পাছত তেখেত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মু ...

                                               

যুগল দাস

যুগল দাস অসমৰ এগৰাকী সাহিত্যিক আৰু কলা-নিৰ্দেশক আছিল। অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নটো ১৯৬০ চনৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হৈছিল আৰু এই প্ৰতীক চিহ্নটো শিল্পী যুগল দাসে অংকন কৰিছিল।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →