ⓘ Free online encyclopedia. Did you know? page 118



                                               

সন্ধি

সন্ধি হল ওচৰাচৰিকৈ থকা দুই বৰ্ণৰ মিলন। অসমীয়া ভাষাত সন্ধি ৩ প্ৰকাৰৰ― স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। সন্ধিৰ ব্যৱহাৰ সংস্কৃত ভাষাতহে অধিক, পিচে অসমীয়া ভাষাত সংস্কৃত শব্দৰ অত্যধিক ব্যৱহাৰৰ বাবে অসমীয়া ব্যাকৰণতো সন্ধিৰ আলোচনা কৰা হয়। ...

                                               

অভিমন্যু

অভিমন্যু মহাভাৰত মহাকাব্যৰ অন্যতম উল্লেখযোগ্য বীৰ চৰিত্ৰ আৰু অৰ্জুন-সুভদ্ৰাৰ পুত্ৰ, কৃষ্ণৰ ভাগিন আৰু মৎস্য ৰাজকন্যা উত্তৰাৰ স্বামী। সাহস আৰু বীৰত্বত তেওঁ তেওঁৰ পিতৃ অৰ্জুন আৰু পিতামহ ইন্দ্ৰৰ সমতুল্য। কুৰুক্ষেত্ৰৰ যুদ্ধৰ ত্ৰয়োদশ দিনা মাত্ৰ ষোল বছ ...

                                               

অশ্বত্থামা

অশ্বত্থামা মহাভাৰতৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ। তেওঁ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষে হৈ পাণ্ডৱৰ বিৰুদ্ধে যুঁজ দিছিল। অশ্বত্থামা আছিল গুৰু দ্ৰোণৰ পুত্ৰ। পৌৰাণিক কাহিনীত ইয়াৰ ক্ষেত্ৰত দুটা নাম পোৱা যায়। গুৰু দ্ৰোণৰ পুত্ৰ অশ্বত্থামা আৰু আনটো বনৰ হাতী যাক ...

                                               

অৰ্জুন

অৰ্জুন হল মহাভাৰতৰ এটি কেন্দ্ৰীয় চৰিত্ৰ। পঞ্চ-পাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্জুনৰ পিতৃৰ নাম পাণ্ডু আৰু মাতৃৰ নাম কুন্তী। মহাভাৰতীয় সাহিত্যত অৰ্জুনক অন্যতম শ্ৰেষ্ঠ ধনুৰ্ধৰ যোদ্ধা হিচাপে দাঙি ধৰা হৈছে। শ্ৰী কৃষ্ণক ৰথৰ সাৰথি হিচাপে লৈ তেওঁ কৌৰৱৰ বিৰু ...

                                               

উত্তৰা

বিশ্বাস কৰা হয় যে, উত্তৰাই মৎসদেশত পাণ্ডৱসকলে প্ৰস্থান কৰা বছৰত অৰ্জুনৰ পৰা নৃত্য শিকিছিল। অজ্ঞাত বাস কৰি, অৰ্জুনে বৃহন্নলা নামৰে এজন নুপুং হিচাপে জীৱন যাপন কৰিছিল আৰু অপশ্বৰাসকলৰ পৰা শিকা নৃত্যৰ কলা প্ৰচলিত কৰিছিল।

                                               

উদ্ধৱ

উদ্ধৱ হিন্দু ধৰ্মৰ পুৰাণিক শাস্ত্ৰসমুহত বৰ্ণিত এক উল্লেখযোগ্য চৰিত্ৰ। উদ্ধৱ ভগৱান বিষ্ণুৰ শ্ৰীকৃষ্ণ অৱতাৰত তেওঁৰ পৰামৰ্শদাতা আৰু পৰম বান্ধৱ হিচাপে চিত্ৰায়িত হৈছে। ভাগৱত পুৰাণত উদ্ধৱৰ এক তাৎপৰ্যপূৰ্ণ ভূমিকা আছে যত কৃষ্ণই প্ৰত্যক্ষভাৱে তেওঁক যোগ আ ...

                                               

উলূপী

উলূপী বা উলুপী হিন্দু মহাকাব্য মহাভাৰত ৰ এটা চৰিত্ৰ। নাগসকলৰ ৰজা কৌৰব্যৰ কন্যা উলূপী অৰ্জুনৰ চাৰিগৰাকী পত্নীৰ ভিতৰত দ্বিতীয় আছিল। বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণ তো তেওঁৰ উল্লেখ আছে। অৰ্জুন নিৰ্বাসনত থকাৰ সময়ত তেওঁ উলূপীক লগ পাই বিবাহপাশত আবদ্ধ হয ...

                                               

একলব্য

একলব্য ইংৰাজী: Ekalavya, হিন্দী: एकलव्य মহাভাৰতৰ এটা চৰিত্ৰ। তেওঁ নিষাদ জাতিৰ ৰাজকোঁৱৰ আছিল। তেওঁ হিৰণ্যধনুষৰ পুত্ৰ আছিল। তেওঁ একাগ্ৰতা তথা অধ্যৱসায়ৰ দ্বাৰা শিকা ধনুৰ্বিদা তথা অদ্বিতীয় গুৰুভক্তিৰ বাবে বিশেষভাৱে জনা যায়। মহাভাৰতৰ কাহিনী মতে একল ...

                                               

কৌৰৱ

কৌৰৱ মহাভাৰতৰ চৰিত্ৰ বিশেষ। কৌৰৱ শব্দৰ উৎপত্তি কুৰু শব্দৰ পৰা আহিছে। হস্তিনাপুৰৰ সম্ৰাট ধৃতৰাষ্ট্ৰৰ এশ সন্তানক একেলগে কৌৰৱ বুলি কোৱা হয়। দুৰ্যোধন কৌৰৱৰ জেষ্ঠ ভাতৃ আৰু দুঃশলা কনিষ্ঠ ভগ্নী।

                                               

কৰ্ণ (মহাভাৰত)

কৰ্ণ হৈছে পুৰণি ভাৰতৰ হিন্দু মহাকাব্য মহাভাৰতত বৰ্ণিত এটা কেন্দ্ৰীয় চৰিত্ৰ। তেওঁ অংগ ৰাজ্যৰ অধিপতি আছিল। কৰ্ণ আছিল এজন মহান বীৰ, যাৰ বীৰত্বৰ গাঁথা বহু চৰ্চিত আছিল আৰু ভগৱান কৃষ্ণ আৰু ভীষ্ম পিতামহৰ মতে যুদ্ধক্ষেত্ৰত অৰ্জুনক পৰাস্ত কৰিবপৰা একমাত্ৰ ...

                                               

গংগা দেৱী

গঙ্গা গঙ্গা নদীৰ মূৰ্তিস্বৰূপ এক হিন্দু দেৱী। হিন্দুধৰ্মত এই দেৱী বিশেষ গুৰুত্বপূৰ্ণ স্থানৰ অধিকাৰিণী। হিন্দুসকলে বিশ্বাস কৰে যে গঙ্গাত স্নান কৰিলে সমস্ত পাপ খণ্ডন হয় আৰু জীৱই মুক্তিলাভ কৰে। অনেকে আত্মীয়স্বজনৰ দেহাৱশেষ বহু দূৰদূৰণিৰ পৰা কঢ়িয়া ...

                                               

চিত্ৰাংগদা

চিত্ৰাংগদা হিন্দু মহাগ্ৰন্থ মহাভাৰতৰ কাহিনীমতে ৰজা চিত্ৰবাহনৰ জীয়ৰী আৰু পাণ্ডৱ অৰ্জুনৰ এগৰাকী পত্নী। অৰ্জুন আৰু চিত্ৰাংগদাৰ বব্ৰুবাহনৰ নামৰ এক পুত্ৰ আছিল।

                                               

চিত্ৰাঙ্গদ

কনিষ্ঠপুত্ৰ বিচিত্ৰবীৰ্য্য যৌৱনকাল নৌপাওঁতেই কুৰুৰাজ শান্তনুৰ মৃত্যু হয়। ভীষ্ম ৰাজসিংহাসন গ্ৰহণ নকৰোঁ বুলি ভীষ্ম প্ৰতিজ্ঞা কৰিছিল বাবে তেওঁ ৰাজসিংহাসনত নবহে। সেয়ে তেওঁ মাতৃ সত্যৱতীৰ অনুমতি লৈ চিত্ৰাঙ্গদক কুৰুবংশৰ ৰাজসিংহাসনত বহুৱায়। চিত্ৰাঙ্গদ ...

                                               

জন্মেজয়

জন্মেজয় বা জনমেজয় পাণ্ডৱ বংশৰ পৰীক্ষিত ৰজাৰ পুতেক। তেওঁৰ মাক আছিল মাদ্ৰৱতী। তেওঁৰ পিতৃ পৰীক্ষিত ৰজাক তক্ষক নাগে দংশি মাৰে। জনমেজয়ৰ পিতৃ পৰীক্ষিত ৰজা আছিল অৰ্জুনৰ পুত্ৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ। শুকে তেওঁৰ আগত মহাভাগৱত কৈছিল।

                                               

দময়ন্তী

দময়ন্তী মহাভাৰতৰ বন পৰ্বত উল্লিখিত প্ৰেম কাহিনীৰ এটাৰ মুখ্য চৰিত্ৰ। তেওঁ বিদৰ্ভ ৰাজ ভীমৰ কন্যা আছিল। বিদৰ্ভ ৰাজ্যৰ ৰাজকুমাৰী দময়ন্তীয়ে নিষাধ ৰাজ্যৰ ৰজা নলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ভাৰতীয় ভাষাৰ বহুতো লেখকৰ অন্যান্য হিন্দু গ্ৰন্থতো তেওঁৰ উল ...

                                               

দুষ্যন্ত

দুষ্যন্ত শাস্ত্ৰীয় ভাৰতীয় সাহিত্য আৰু ভাৰতীয় ইতিহাসৰ এগৰাকী ৰজা। তেওঁ শকুন্তলাৰ স্বামী আৰু সম্ৰাট ভৰতৰ পিতৃ আছিল। তেওঁক মহাভাৰত আৰু কালিদাসৰ নাটক অভিজ্ঞানম শকুন্তলমত পোৱা যায়। সংস্কৃতত তেওঁৰ নামৰ অৰ্থ" দৈত্য ধ্বংসকাৰী।”

                                               

দুৰ্বাসা

দুৰ্বাসা সংস্কৃত: दुर्वासा প্ৰাচীন ভাৰতীয় পৌৰাণিক আখ্যানৰ এগৰাকী ঋষি। দুৰ্বাসা ঋষি প্ৰবল ক্ৰোধৰ বাবে জনাজাত। পুৰাণ বৰ্ণিত আখ্যান অনুসৰি দুৰ্বাসা ঋষিৰ পিতৃ অত্ৰি আৰু মাতৃ অনসুয়া। ঋষি দুৰ্বাসা শিৱৰ অংশাৱতাৰ হিচাপেও জনা যায়। দুৰ্বাসা শব্দৰ অৰ্থ য ...

                                               

দুৰ্যোধন

মহাভাৰতৰ মতে গান্ধাৰীয়ে কুন্তিৰ আগতে সন্তান জন্ম হোৱাৰ দুখতে তেওঁৰ সন্তান ৰজা নহব বুলি দুখতে গৰ্ভ নষ্ট কৰাৰ চেষ্টা কৰে, কিন্তু ব্যাসদেৱে আহি গৰ্ভধাৰণ কৰা মাংসপিণ্ড এশটা ঘিঁউৰ পাত্ৰত ৰাখি দিয়ে যৰ পৰা এশ সন্তানৰ জন্ম হয়, যাৰ জেষ্ঠ্যজনেই দুৰ্যোধন।

                                               

দ্ৰৌপদী

দ্ৰৌপদী হʼল মহাভাৰত মহাকাব্যৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰ। তেওঁ পাঞ্চালৰাজ দ্ৰুপদৰ যজ্ঞোজাত কন্যা, পঞ্চপাণ্ডৱৰ সহধৰ্মিনী। যুদ্ধৰ পাছত যুধিষ্ঠিৰ যেতিয়া হস্তিনাপুৰৰ ৰজা হৈছিল তেতিয়া দ্ৰৌপদী ইন্দ্ৰপ্ৰস্থৰ মহাৰাণী হৈছিল। পাঞ্চালৰ ৰাজকন্যা বাবে তেওঁৰ আন ...

                                               

ধৃতৰাষ্ট্ৰ

মহাভাৰতত ধৃতৰাষ্ট্ৰ ইংৰাজী: धृतराष्ट्र, dhṛtarāshtra ; lit. "a good king" হল হস্তিনাপুৰৰ ৰজা তথা দুৰ্যোধনৰ পিতৃ। গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী হল তেখেতৰ পত্নী। তেওঁ জন্মান্ধ আছিল আৰু এশ এটা সন্তানৰ এজনী জীয়ৰী পিতৃ আছিল।

                                               

পাণ্ডু

পাণ্ডু হৈছে মহাভাৰতত বৰ্ণিত হস্তিনাপুৰৰ ৰজা তথা পাণ্ডৱৰ পিতৃ। তেওঁ আছিল বিচিত্ৰবীৰ্যৰ কনিষ্ঠ সন্তান। পাণ্ডুৰ পত্নী দুগৰাকীৰ নাম আছিল ক্ৰমে কুন্তী আৰু মাদ্ৰী।

                                               

পাণ্ডৱ

পাণ্ডৱ হৈছে দীৰ্ঘতম হিন্দু মহাকাব্য মহাভাৰতৰ কেন্দ্ৰীয় চৰিত্ৰ, যিসকলে কুৰুক্ষেত্ৰত হস্তিনাপুৰৰ সিংহাসনৰ বাবে সিহঁতৰ ভাই কৌৰৱসকলৰ বিৰুদ্ধে মহাভাৰত যুদ্ধ কৰিছিল। তেওঁলোকৰ নাম- যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। তেওঁলোক হস্তিনাপুৰৰ ৰজা পাণ্ডু ...

                                               

প্ৰদ্যুম্ন

প্ৰদ্যুম্ন অনিৰুদ্ধৰ পিতৃ আৰু ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰ আছিল। তেওঁ পূৰ্বজন্মতে কামদেৱ আছিল। প্ৰাচীন আখ্যানৰ মতে কামদেৱে শিৱৰ তপস্যা ভংগ কৰাৰ কাৰণে ভগৱান শিৱৰ কোপত কামদেৱ ভস্মীভূত হৈছিল আৰু ৰতি দেৱীৰ কাতৰ প্ৰাৰ্থনাৰ ফলত পুনৰ ৰূপ পাইছিল। উল্লেখ আছে যে ...

                                               

পৰাশৰ

সূৰ্যবংশৰ ৰজাবিলাকৰ কুলপুৰোহিত আছিল বশিষ্ঠ মুনি। বশিষ্ঠ মুনিৰ পুত্ৰ আছিল শক্তি আৰু সেই শক্তিৰেই পুত্ৰ আছিল পৰাশৰ । সত্যৱতী বা মৎস্যগন্ধাৰ পুত্ৰ ব্যাসৰ পিতৃ আছিল পৰাশৰ।

                                               

পৰীক্ষিত

পৰীক্ষিত পাণ্ডৱ বংশৰ এজনা ৰজা। ঋষিৰ শাপত তেওঁক তক্ষক নাগে দংশি মাৰে। তেওঁ অৰ্জুনৰ পুত্ৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ তথা জনমেজয়ৰ পিতৃ আছিল। শুকে তেওঁৰ আগত মহাভাগৱত কৈছিল।

                                               

বিচিত্ৰবীৰ্য

কনিষ্ঠপুত্ৰ বিচিত্ৰবীৰ্য যৌৱনকাল নৌপাওঁতেই কুৰুৰাজ শান্তনুৰ মৃত্যু হয়। ভীষ্ম ৰাজসিংহাসন গ্ৰহণ নকৰোঁ বুলি ভীষ্ম প্ৰতিজ্ঞা কৰিছিল বাবে তেওঁ ৰাজসিংহাসনত নবহে। সেয়ে তেওঁ মাতৃ সত্যৱতীৰ অনুমতি লৈ চিত্ৰাঙ্গদক কুৰুবংশৰ ৰাজসিংহাসনত বহুৱায়। চিত্ৰাঙ্গদ আ ...

                                               

বিৰাট

বিৰাট হৈছে হিন্দু ধৰ্মগ্ৰন্থ মহাভাৰতৰ অনুসৰি মৎসদেশৰ ৰজা। তেওঁ উত্তৰ আৰু উত্তৰাৰ পিতৃ তথা অৰ্জুন আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৰ শহুৰ আছিল। তেওঁৰ পত্নী আছিল সুদেষ্ণা।

                                               

বৃহন্নলা

বৃহন্নলা হিন্দু মহাকাব্য মহাভাৰতত অৰ্জুনে গ্ৰহণ কৰা এক পৰিচয়। অজ্ঞাতবাসৰ এবছৰ অৰ্জুনে বিৰাট ৰজাৰ মৎস্য ৰাজ্যত বৃহন্নলা ৰূপে পাৰ কৰিছিল। তেওঁ এই সময়ছোৱাত ৰাজকুমাৰী উত্তৰাক নাচ আৰু গান শিকাইছিল।

                                               

বেদব্যাস

বেদব্যাস বা ব্যাসদেৱ প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ প্ৰণেতা আৰু এজন বিখ্যাত ঋষি। তেওঁ ৰাঘৱ কুলৰ কুলগুৰু বশিষ্ঠৰ প্ৰপৌত্ৰ, শক্তিৰ পৌত্ৰ, ঋষি পৰাশৰ পুত্ৰ আৰু শুকদেৱৰ পিতৃ। তেওঁ হিন্দুধৰ্মৰ প্ৰাথমিক শাস্ত্ৰ হিচাপে স্বীকৃত বেদৰ ব্যৱহাৰিক-বিন্যাসকা ...

                                               

ভীম

ভীম মহাভাৰতৰ এটি চৰিত্ৰ। ভীম পাণ্ডু পাঁচজন পুত্ৰৰ ভিতৰত দ্বিতীয় পুত্ৰ। ভীম এজন বীৰ যোদ্ধা। গদাধৰ হিচাপে তেওঁৰ খ্যাতি আছে।

                                               

ভীষ্ম

ভীষ্ম হল কুৰু ৰজা শান্তনু আৰু গংগা দেৱীৰ অষ্টম পুত্ৰ। ভীষ্মৰ প্ৰকৃত নাম দেৱব্ৰত । মহামুনি বশিষ্ঠৰ পৰা বেদ-বেদান্তৰ জ্ঞান তথা শুক্ৰাচাৰ্যৰ পৰা সকলো শাস্ত্ৰ, কলা আৰু বিজ্ঞানৰ শিক্ষা লাভ কৰা মহাবীৰ ভীষ্ম অদ্বিতীয় ধনুৰ্দ্ধৰ আৰু ৰাষ্ট্ৰনীতিত সুপণ্ডিত ...

                                               

ভূমন্যু

ভূমন্যু মানে হ’ল সম্ৰাট। ভূমন্যু আছিল ভাৰতৰ প্ৰথম সম্ৰাট ভৰতৰ উত্তৰসূৰি। ভূমন্যুক পৰৱৰ্তী সময়ত ভাৰতৰ সম্ৰাট কৰা হৈছিল আৰু তেওঁৰ বংশটো মহাভাৰতৰ গল্পৰ লগত জড়িত।

                                               

ভৰত (মহাভাৰত)

হিন্দু ধৰ্মগ্ৰন্থত, ভৰত সংস্কৃত মহাকাব্য মহাভাৰতৰ পাণ্ডৱ আৰু কৌৰৱসকলৰ পূৰ্বপুৰুষ। যদিও ভাৰত ঋগবেদৰ এটি বিশিষ্ট সম্প্ৰদায়, ভৰতৰ গল্পটো প্ৰথম মহাভাৰতৰ আদি পৰ্বত বোলা হৈছে, য’ত তেওঁ দুষ্যন্ত আৰু শকুন্তলাৰ পুত্ৰ। কালিদাসৰ বিখ্যাত নাটক অভিজ্ঞানম শকুন ...

                                               

মাদ্ৰী

মাদ্ৰী হিন্দু ধৰ্মগ্ৰন্থ মহাভাৰতৰ নকুল আৰু সহদেৱৰ মাতৃ তথা পাণ্ডুৰ পত্নী আৰু যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুনৰ মাহী মাক আছিল মদ্ৰৰ কুঁৱৰী মাদ্ৰী।

                                               

মাদ্ৰৱতী

শৃংগী ঋষিৰ শাপত তক্ষক নাগে তেওঁৰ স্বামী পৰীক্ষিতক দংশি মাৰে। এদিন পৰীক্ষিত ৰজাই চিকাৰ কৰিবলৈ বনলৈ যায় আৰু পিয়াহ লগাত পানী বিচাৰি শমিক মুনিৰ আশ্ৰম পায়গৈ। শমিক মনি তেতিয়া চকু মুদি ধ্যানমগ্নহৈ আছিল। ৰজা পৰীক্ষিতে ধ্যান কৰা ভাও জুৰি মুনিয়ে তেখেত ...

                                               

শকুনি

শকুনি হৈছে ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভায়েক আৰু দুৰ্যোধন ৰজাৰ মোমায়েক। শকুনি বেচি সময় হস্তিনাপুৰত থাকি দুৰ্যোধনৰ মন্ত্ৰিত্ব কৰে। তেওঁ উলূক আৰু বৃকাসুৰৰ পিতৃ তথা আৰশীৰ স্বামী আছিল।

                                               

শকুন্তলা

হিন্দু ধৰ্মগ্ৰন্থত শকুন্তলা হ’ল দুষ্যন্তৰ পত্নী আৰু সম্ৰাট ভৰতৰ মাতৃ। তেওঁৰ কাহিনী মহাভাৰতত উল্লেখ আছে আৰু বহু লেখকে নাটক ৰচিছে, তেওঁ কালিদাসৰ নাটক অভিজ্ঞানম শকুন্তলম নাটকৰ সুবিখ্যাত ৰূপটি আছিল।

                                               

শান্তনু

শান্তনু হৈছে হিন্দু ধৰ্মৰ মহাকাব্য মহাভাৰতৰ অনুসৰি হস্তিনাপুৰৰ মহাৰাজ প্ৰতীপৰ পুত্ৰ, গংগা দেৱী আৰু সত্যৱতীৰ পতি আৰু দেৱব্ৰত বা ভীষ্ম, চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্যৰ পিতৃ আছিল। তেওঁ ভাৰত বংশৰ উত্তৰাধিকাৰী তথা পাণ্ডৱ আৰু কৌৰৱৰ পূৰ্বপুৰুষ আছিল।

                                               

সত্যৱতী

যমুনানদীৰ খেয়া নৌকাৰ ভিতৰত পৰাশৰ মুনি আৰু সত্যৱতীৰ মিলনৰ ফলত সত্যৱতী গৰ্ভৱতী হয়। পিছলৈ যমুনাৰ এটা দ্বীপত তেওঁৰ জন্ম হয়। ব্যাসৰ জন্মৰ পিছত ঋষি পৰাশৰ আশীৰ্বাদত সত্যৱতী আকৌ কুমাৰ্য্য লাভ কৰিছিল। যমুনাৰ দ্বীপত জন্মগ্ৰহণ কৰা বাবে ব্যাসৰ আন এটা নাম ...

                                               

সুদেষ্ণা

সুদেষ্ণা বা কৈকেয়ী হৈছে মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা মৎসদেশৰ ৰজা বিৰাটৰ পত্নী তথা অভিমন্যুৰ পত্নী উত্তৰাৰ মাতৃ আছিল সুদেষ্ণা। তেওঁ উত্তৰ কুমাৰৰ মাতৃ আৰু কীচকৰ ভনীয়েক আছিল। তেওঁ কেকয় ৰজাৰ কন্যা আছিল কাৰণে তেওঁক কৈকেয়ী বুলিও জনা যায়।

                                               

সুভদ্ৰা

সুভদ্ৰা ব্যাস ৰচিত হিন্দু মহাকাব্য মহাভাৰত ৰ এটা চৰিত্ৰ। তেওঁক দেৱী যোগমায়াৰ অৱতাৰ হিচাপে পূজা কৰা হয়। মহাভাৰতত তেওঁ কৃষ্ণৰ বৈমাত্ৰেয় ভগ্নী, বলৰামৰ আপোন ভগ্নী, অৰ্জুনৰ পত্নী, অভিমন্যুৰ মাক আৰু পৰীক্ষিতৰ আইতাক। তেওঁ বাসুদেৱ আৰু দৈৱকীৰ জীয়ৰী।

                                               

হিড়িম্বা

হিড়িম্বা মহাভাৰতৰ পাতত হিড়িম্বা এজন মহাবলবান দৈত্য ৰজা। তেওঁ হিড়িম্বীৰ ককায়েক তথা এখন অৰণ্যৰ অধিষ্ঠতা। কামাখ্যা অৰণ্যৰ দৈত্যসকলৰ তেওঁ ৰজা আছিল। তেওঁ আৰু তেওঁৰ ভগ্নী পাণ্ডৱৰ দৃষ্টিত প্ৰলুব্ধ হৈছিল তথা পাণ্ডৱৰ সৈতে যুদ্ধ কৰিব বিচাৰিছিল। এই উদ্দ ...

                                               

হিড়িম্বী

হিড়িম্বী পাণ্ডৱ ভীমৰ পত্নী আৰু মহাভাৰতৰ মহান যোদ্ধা বীৰ ঘটোৎকচ মাতৃ আছিল। তেওঁ আদি পৰ্বৰ নৱম উপ-পৰ্ব -ত ভীমক লগ পায়। তেওঁক ভূটনদেৱী বা পল্লৱী বুলিও উল্লেখ কৰা হয়।

                                               

কৈকেষী

কৈকেষী বা কৈকসী ইংৰাজী: Kaikeshi বা Kaikashi আছিল ঋষি বিশ্ৰবাৰ পত্নী আৰু ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু শৰ্পনখাৰ মাতৃ। তেওঁ ৰাক্ষক ৰজা সুমালীৰ কন্যা আছিল৷

                                               

জনক

জনক প্ৰাচীন ভাৰতৰ মিথিলা অঞ্চলত অৱস্থিত বিদেহ ৰাজ্যৰ ৰজা আছিল। তেওঁৰ শাসনকাল আনুমানিক ভাৱে খীষ্ট্ৰপূৰ্ব অষ্টম অথবা সপ্তম শতিকাত আছিল বুলি ঠাৱৰ কৰা হৈছে। বিদেহ ৰাজ্যৰ অধিপতিসকলক জনক নামেৰে জনা গৈছিল। অৰ্থাৎ জনক বিদেহ ৰাজ্যৰ অধীশ্বৰসকলৰ কৌলিক খিতাপ ...

                                               

প্ৰহস্ত

হিন্দু মহাকাব্য ৰামায়ণ অনুসৰি প্ৰহস্ত আছিল লংকাৰ ৰজা ৰাৱণৰ সেনাৰ মুখ্য কমাণ্ডাৰ তথা এগৰাকী শক্তিশালী ৰাক্ষস যোদ্ধা। তেওঁ সুমালী আৰু কেতুমতীৰ পুত্ৰ আছিল। পৰজনমত তেওঁ মহাভাৰতৰ দুৰ্যোধনৰ বিশ্বস্ত সহযোগী পুৰোচন নামেৰে জন্মলাভ কৰে, যিয়ে পৰৱৰ্তী সময় ...

                                               

বাল্মীকি

বাল্মীকি সংস্কৃত ভাষাৰ এজন বৰেণ্য কবি, আৰু ৰামায়ণ মহাকাব্যৰ ৰচয়িতা। ৰামায়ণ খ্ৰীষ্টপূৰ্ব পাঁচৰ পৰা এক শতিকাৰ সময়চোৱাত লিখা হৈছিল। ৰামায়ণৰ পাততে বাল্মীকিৰ নাম উল্লেখ থকা পোৱা যায়। তেওঁক আদিকবি বুলিও জনা যায়। বাল্মীকিৰ মূল ৰামায়ণত মুঠ ২৩০০০ট ...

                                               

বিশ্ৰবা

ঋষি বিশ্ৰবা: হ’ল ব্ৰহ্মাৰ পুত্ৰ ঋষি পুলস্ত্য ৰ পুত্ৰ আৰু অগস্ত্য মুনিৰ ভাই। হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত উল্লিখিত ঋষি বিশ্ৰবা আছিল মুনিসকলৰ মাজৰ অতি গুৰুত্বপূৰ্ণ ঋষি। তেওঁ তপস্যাৰ বলত বিশেষ ক্ষমতাৰ অধিকাৰী হৈছিল। ভৰদ্বাজ মুনি ঋষি বিশ্ৰবাৰ প্ৰতি আকৃ ...

                                               

মন্থৰা

মন্থৰা ৰামায়ণৰ এক চৰিত্ৰ। তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ দ্বিতীয় পত্নী ৰাণী কৈকেয়ীৰ দাসী আছিল। তেওঁ দেখাত কুঁজা আছিল। তেওঁ ৰাণী কৈকেয়ীক সন্মত কৰিছিল যে মহাৰাজৰ সিংহাসন তেওঁৰ পুত্ৰ ভৰত হে আচল উত্তৰাধিকাৰী আৰু তেওঁৰ সতীয়া পুত্ৰ ৰাজকুমাৰ ৰামক ৰাজ্যৰ প ...

                                               

শ্ৰৱণ কুমাৰ

শ্ৰৱণ কুমাৰ হৈছে ৰামায়ণৰ এটি চৰিত্ৰ। তপস্বী দম্পতী শান্তণু আৰু মলয়াৰ পুত্ৰ। শ্ৰৱণৰ মাক দেউতাক উভয়ৰে দৃষ্টি শক্তি ক্ষীণ আছিল, পিছলৈ গৈ তেওঁলোক একেবাৰে অন্ধ হৈ পৰে। শ্ৰৱণ কুমাৰ পূৰ্বজন্মত ৰাজকোঁৱৰ আছিল। শাপৰ ফলত তেওঁ অন্ধমুনিৰ পুত্ৰ হৈ জন্ম লয়।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →