ⓘ Free online encyclopedia. Did you know? page 115



                                               

প্ৰেৰণা

প্ৰেৰণা হৈছে যোৰহাট নগৰৰ পৰা ৩ কিঃমিঃ দূৰৈৰ চিনামৰাত অৱস্থিত এটা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰ। এই স্বচ্ছাসেৱী অনুষ্ঠানটোৰ প্ৰতিষ্ঠা কৰিছিল আনোৱাৰ হুচেইন হাজৰিকা আৰু চায়েৰা ৰহমান।

                                               

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ.এছ.এছ এক ভাৰতীয় সোঁপন্থী, হিন্দু ৰাষ্ট্ৰবাদী, অৰ্ধসামৰিক স্বেচ্ছাসেৱক সংস্থা। ইয়াক ভাৰতৰ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ পিতৃ অনুষ্ঠান হিচাপে গণ্য কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ মূলতঃ সংঘ পৰিবাৰৰ এক অংশ ...

                                               

ৱিকিপিডিয়া জিৰ’

ৱিকিপিডিয়া জিৰ’ আছিল ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা শূন্য ৰেটিংৰ মাধ্যমেৰে মবাইল ফোনত বিশেষকৈ উন্নয়নশীল দেশসমূহে বিনামূলীয়াকৈ ৱিকিপিডিয়া প্ৰদান কৰা এক প্ৰকল্প। এই প্ৰগ্ৰামটোৰ বিশেষকৈ উদ্দেশ্য আছিল ডাটা-ব্যৱহাৰৰ ব্যয় অবিহনে বিনামূলীয়া জ্ঞান ...

                                               

ৱিকিমিডিয়া আন্দোলন

ৱিকিমিডিয়া আন্দোলন ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ বৰঙনি আগবঢ়োৱাসকলৰ বৈশ্বিক সম্প্ৰদায়। এই আন্দোলন আৰম্ভ হল ৱিকিপিডিয়াৰ জৰিয়তে। এতিয়া, প্ৰায় ৭০০০০ স্বেচ্ছাসেৱী থকা ৱিকিপিডিয়া সম্প্ৰদায়ৰ উপৰি আন ৱিকিমিডিয়া প্ৰকল্পলৈ বৰঙনি আগবঢ়োৱাসকলৰ গোটো আছে ...

                                               

বহুস্তৰীয় বিপণন

বহুস্তৰীয় বিপণন, যিটো ইংৰাজী ভাষাত Multi-level Marketing, পিৰামিড চেলিং, নেটৱৰ্ক মাৰ্কেটিং, আৰু ৰেফাৰেল মাৰ্কেটিং নামেও পৰিচিত, এখন পিৰামিড আকৃতিৰ বিপণন কৌশল যত তাত্ত্বিকভাৱে লাভ আহে দুই ফালৰ পৰা: ক্ৰেতাৰ পৰা পোনে পোনে বিক্ৰয় আৰু বিক্ৰয় দলৰ সদ ...

                                               

পিগি বেংক

পিগি বেংক হল এটা বাকচ বা বন্ধ পাত্ৰ,যত মুদ্ৰা সাঁচি ৰাখিব পাৰি৷ কিন্তু এই বেংকৰ লগত পিগি বা গাহৰিৰ কোনো সম্পৰ্ক নাই৷ আনকি সাঁচিব জনা জন্তু হিচাপেও গাহৰিৰ নাম নাই৷ কুকুৰে কেতিয়াবা হাড় মাটিত পুতি ভৱিষ্যতৰ বাবে সাঁচি থয়,কেৰ্কটুৱায়ো বাদাম সাঁচে,ক ...

                                               

আমেৰিকান ডলাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰ বা আমেৰিকান ডলাৰ হৈছে ১৭৯২ চনৰ মুদ্ৰা অধিনিয়ম অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ অঞ্চলসমূহৰ চৰকাৰী মুদ্ৰা। এক ডলাৰক ১০০ চেণ্টত ভাগ কৰা হয়, বা একাউণ্টিং আৰু কৰ উদ্দেশ্যৰ বাবে ১০০০ মিলত ভাগ কৰা হয়। ১৭৯২ চনৰ মুদ্ৰা অ ...

                                               

ইউৰো

ইউৰো হৈছে ইউৰোপিয়ান ইউনিয়নৰ ২৮খন সদস্য ৰাষ্ট্ৰৰ ১৯ খনেৰে গঠিত ইউৰোমণ্ডলৰ আনুষ্ঠানিক মুদ্ৰা। ইউৰোমণ্ডলৰ অন্তৰ্গত দেশসমূহ হৈছে অষ্ট্ৰিয়া, বেলজিয়াম, চাইপ্ৰাছ, এষ্ট’নিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, আয়াৰলেণ্ড, ইটালী, লেটভিয়া, লিথুৱেনিয ...

                                               

ঙুল্ট্ৰুম (ভূটান)

জুন ২ ১৯৭৪ত ঙুল্ট্ৰুম নট চিনাকি কৰা হৈছিল, ভূটানৰ ৰাজকীয় চৰকাৰৰ দ্বাৰা। প্ৰথমে ১, ৫ আৰু ১০ ঙুল্ট্ৰুম আৰু ১৯৭৮ত ২, ২০, ৫০ আৰু ১০০ ঙুল্ট্ৰুম নট আগভোৱা হল। ১৯৮২ত ৰয়েল মনিটেৰি অথৰিটি অৱ ভূটান এক্টৰ পাছত ১৯৮৩লৈকে ৰয়েল মনিটেৰি অথৰিটিয়ে নট প্ৰকাশ কৰ ...

                                               

জাপানীজ য়েন

জাপানীজ য়েন হৈছে জাপানৰ আনুষ্ঠানিক মুদ্ৰা। বৈদেশিক মুদ্ৰা বজাৰত হোৱা বিনিময়ৰ ভিত্তিত আমেৰিকান ডলাৰ আৰু ইউৰোৰ স্থান ক্ৰমে প্ৰথম আৰু দ্বিতীয় হোৱাৰ বিপৰীতে জাপানীজ য়েন তালিকাৰ তৃতীয় স্থানত আছে। আমেৰিকান ডলাৰ, ইউৰো আৰু পাউণ্ড ষ্টাৰলিঙৰ লগতে য়েন ...

                                               

ডলাৰ

ডলাৰ হৈছে বিভিন্ন দেশত প্ৰচলিত কেইবাপ্ৰকাৰৰ মুদ্ৰাৰ সমূহীয়া নাম। ডলাৰক পেচ’ বা $ চিহ্নৰদ্বাৰা বুজোৱা হয়। এই মুদ্ৰাসমূহ হৈছে অষ্ট্ৰেলিয়ান ডলাৰ, বেলিজ ডলাৰ, ব্ৰুনেই ডলাৰ, কানাডিয়ান ডলাৰ, হংকং ডলাৰ, জামাইকান ডলাৰ, নামিবিয়ান ডলাৰ, নিউজিলেণ্ড ডলা ...

                                               

বিটকইন

বিটকইন হৈছে একপ্ৰকাৰ ডিজিটেল মুদ্ৰা বা সাংকেতিক মুদ্ৰা । ইয়াক বিশ্বৰ সৰ্বপ্ৰথম মুক্ত-উৎসৰ ক্ৰিপ্টকাৰেন্সী আৰু কেন্দ্ৰীয় নিয়ন্ত্ৰণহীন অৰ্থাৎ প্ৰশাসকবিহিন বিকেন্দ্ৰীকৃত ডিজিটেল মুদ্ৰা ৰূপে গণ্য কৰা হয়। বিটকইনৰ সৈতে লেনদেনৰ বাবে কোন ধৰণৰ অৰ্থনৈত ...

                                               

আমুল

আমুল হৈছে ভাৰতৰ সমবায় ভিত্তিএক দুগ্ধ উৎপাদনকাৰী উদ্যোগ। ই গুজৰাটৰ আনন্দত প্ৰতিষ্ঠা লাভ কৰে। আমুল শব্দটো সংস্কৃতৰ অমুল্য শব্দৰ পৰা আহিছে যাৰ অৰ্থ হল মুল্যহীন, যাক কোনো মুল্যৰেও আহৰণ কৰিব নোৱাৰি। আদিতে সমবায়টোক আনন্দ মিল্ক ফেডাৰেচন ইউনিয়ন লিমিটে ...

                                               

ডাব্বাৱালা

ডাব্বাৱালা ভাৰতবৰ্ষৰ বিশেষকৈ মুম্বাই মহানগৰীৰ বিভিন্ন কৰ্মস্থলীত কৰ্মৰত কৰ্মচাৰীসকললৈ ঘৰ বা ৰেষ্টুৰেণ্টৰপৰা টিফিন বাকচত দুপৰীয়াৰ আহাৰ কঢ়িওৱা একশ্ৰেণী মানুহ বা এক ব্যৱস্থা। খোৱা খাদ্যৰে পৰিপূৰ্ণ টিফিন বাকচবোৰ ডাব্বাৱালাসকলে পুৱাবেলা সংগ্ৰহ কৰি চ ...

                                               

অসম কাৰ্বি আংলং আদা

অসম কাৰ্বি আংলং আদা হৈছে অসমৰ কাৰ্বি আংলং জিলাত উৎপাদিত মছলাজাতিয় উদ্ভিদ। ই Zingiberaceae পৰিয়ালৰ অন্তৰ্গত Zingiber গণৰ একপ্ৰকাৰৰ সপুশ্পক উদ্ভিদ, বৈজ্ঞানিক নাম হৈছে Zingiber officinale Rosc। অসম কাৰ্বি আংলং আদাৰ কেইবাটাও প্ৰকাৰভেদ আছে। ইয়াৰ ভি ...

                                               

কিন্নাল কাৰুশিল্প

কিন্নাল কাৰুশিল্প বা কিন্হাল কাৰুশিল্প, ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এখন চহৰ কিন্নাল বা কিন্হালৰ স্থানীয় পাৰম্পাৰিক কাঠৰ কাৰুশিল্প। কিন্নাল চহৰ ইয়াৰ কিন্নাল পুতলা আৰু ধৰ্মীয় প্ৰতিমাৰ বাবে বিখ্যাত। এই গাঁৱৰ কিন্নাল কাৰুশিল্পৰ বাবে জনাজাত। এই শিল্প ভাৰত ...

                                               

গুণ্টুৰ সান্নাম

গুণ্টুৰ সান্নাম বা Capsicum annuum var. Longhum এবিধ সুপৰিচিত জলকীয়া সমূহৰ ভিতৰত অন্যতম। গোটেই পৃথিৱীতে এই জলকীয়াৰ ব্যাপক চাহিদা। ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলা আৰু তেলঙ্গানা ৰাজ্যৰ ৱাৰেংগেল আৰু খাম্মাম জিলাৰ বিস্তৃত অঞ্চলত গুণ্টুৰ জলকীয়াৰ খ ...

                                               

তেজপুৰ লিচু

তেজপুৰ লিচু হৈছে অসমৰ তেজপুৰৰ বিভিন্ন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ লিচু। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Litchi chinensis । ই Sapindaceae পৰিয়ালৰ অন্তৰ্গত Litchi গণৰ এটা প্ৰজাতি। তেজপুৰ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত ...

                                               

নিৰ্মল চিত্ৰশৈলী

নিৰ্মল চিত্ৰশৈলী ভাৰতৰ তেলেংগানা ৰাজ্যৰ নিৰ্মল জিলাৰ নিৰ্মল প্ৰচলিত এবিধ পাৰম্পৰিক চিত্ৰশৈলী। চিত্ৰশিল্পী সকলে নিৰ্মল চহৰত এক সৰু উদ্যোগ গঠন কৰিছে। নিৰ্মল চহৰত শিল্পী সকলে নিজৰ সম্প্ৰদায় গঠন কৰিছে আৰু তেওঁলোকৰ কলাক সৰু ব্যৱসায়ৰ ৰূপত অনুশীলন কৰি ...

                                               

পায়্যন্নুৰ পৱিত্ৰ মথিৰাম

পায়্যন্নুৰ পৱিত্ৰ মথিৰাম ভাৰতীয় সকলে ধৰ্মীয় মূল্যবোধৰ বাবে পিন্ধা এক বিশেষ প্ৰকাৰৰ আঙঠি। এই পৱিত্ৰ আঙঠি পিথ্ৰু বলী বা মৃত পূৰ্বপুৰুষৰ বাবে প্ৰাৰ্থনা অনুষ্ঠানত পিন্ধা হয়। এই আঙঠি পাৰম্পাৰিক ভাবে দূবৰি ঘাঁহৰ পৰা তৈয়াৰ কৰা হৈছিল। আধুনিক পৱিত্ৰ ...

                                               

পুণেৰী পাগুৰী

পূণেৰী পাগুৰী মহাৰাষ্ট্ৰৰ পূণে নগৰীৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা এক প্ৰকাৰৰ পাগুৰী। দুই শতিকাৰ আগতে ইয়াৰ প্ৰচলন আৰম্ভ হৈছিল। এই পাগুৰী সন্মানৰ প্ৰতীক হলেও আজি কালি মহাবিদ্যালয় বোৰত পাৰম্পাৰিক দিনসমূহতো ব্যৱহাৰ কৰা দেখা যায়। এই পাগু ...

                                               

ভোট-জলকীয়া

ভোট-জলকীয়া এবিধ গুল্মজাতীয় উদ্ভিদ। ই বাংলাদেশৰ নাগা মৰিচ ৰ ওচৰ সম্বন্ধীয়। ইয়াক বিহ-জলকীয়া, নগা-জলকীয়া, ৰাজা-মৰিচ ইত্যাদি নামেৰেও জনা যায়। ই একপ্ৰকাৰৰ আন্তঃপ্ৰজাতিৰ বৰ্ণসংকৰ জলকীয়া । ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মণিপুৰত ইয়াৰ খ ...

                                               

মুগা (ৰেচম)

মুগা হৈছে এন্থেৰিয়া আছামেনছিছ প্ৰজাতিৰ পলুৰ পৰা সৃষ্টি কৰা এবিধ ৰেচম । মুগা পৃথিবীৰ ভিতৰতে কেৱল অসমতহে পোৱা যায়। বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা অসমৰ বাতাবৰণ মূগা পলুৰ বাবে অনুকূল হয়। চোম গছ আৰু সোৱালো গছৰ পাত খাদ্য হিচাপে গ্ৰহণ কৰা মুগা পলু স্বভাৱত ...

                                               

উৱেফা চেম্পিয়ন্‌ছ লীগ

উৱেফা চেম্পিয়ন্‌ছ লীগ হৈছে ইউনিয়ন অৱ ইউৰোপীয়ান ফুটবল এছচিয়েচন্‌ছে ১৯৫৫ চনৰপৰা ইউৰোপৰ শীৰ্ষস্থানীয় ফুটবল ক্লাবসমূহৰ মাজত আয়োজন কৰি অহা এক বাৰ্ষিক মহাদেশীয় ক্লাব ফুটবল প্ৰতিযোগিতা। ই ইউৰোপৰ ফুটবলৰ আটাইতকৈ সন্মানীয় প্ৰতিযোগিতা হোৱাৰ লগতে পৃথ ...

                                               

দক্ষিণ এছিয় ক্ৰীড়া

দক্ষিণ এছিয় ক্ৰীড়া দ্বি-বাৰ্ষিকভিত্তিত প্ৰবৰ্তিত বহু-ক্ৰীড়া প্ৰতিযোগিতা হিচাপে দক্ষিণ এছিয়াৰ ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰিবলৈ অনুষ্ঠিত কৰা হয়। কিন্তু মাজে মাজে অনিয়মিতভাবে অনুষ্ঠিত হোৱা দেখা যায়। ১৯৮৩ চনত দক্ষিণ এছিয় ক্ৰীড়া সংস্থা গঠন কৰা ...

                                               

দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬

দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬, অসম আৰু মেঘালয়ৰ ৰাজধানী গুৱাহাটী আৰু ছিলঙত ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হবলগীয়া এক বৃহৎ বহু-ক্ৰীড়া প্ৰতিযোগিতা দক্ষিণ এছিয় ক্ৰীড়াৰ শেহতীয়া সংস্কৰণ। উক্ত প্ৰতিযোগিতাৰ ২৩টা বিভিন্ন খেল ...

                                               

বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ

বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ হৈছে বিশ্বৰ বিভিন্ন পৰম্পৰাগত খেলৰ এক প্ৰতিযোগিতা তথা প্ৰদৰ্শনীমূলক সমাৰোহ। এই সমাৰোহত বিভিন্ন অঞ্চলৰ স্থানীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰে। ২০১৫ চনৰ অক্টোবৰ মাহত ক্ৰীড়া সমাৰোহখন প্ৰথমবাৰৰ বাবে নদিনীয়া কাৰ্যসূচীৰে ব্ৰা ...

                                               

বৰদলৈ ট্ৰফী

বৰদলৈ ট্ৰফী অথবা ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক সন্মানীয় ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতা প্ৰতি বছৰে গুৱাহাটীত অনুষ্ঠিত হয়। গুৱাহাটী ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত ফুটবল প্ৰতিযোগিতাখন ১৯৫২ চনৰ পৰা অনুষ্ঠিত ...

                                               

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ ৰাজ্যিক চৰকাৰৰ অধীনস্থ জ্যোতি চিত্ৰবন আৰু ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ যুটীয়া সহযোগত অনুষ্ঠিত কৰা হৈছে। প্ৰথ ...

                                               

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ ৰাজ্যিক চৰকাৰৰ অধীনস্থ জ্যোতি চিত্ৰবন আৰু ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ যুটীয়া সহযো ...

                                               

নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ

নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ হৈছে অসম চৰকাৰৰ দ্বাৰা আয়োজিত এক আধ্যাত্মিক অনুষ্ঠান। এই অনুষ্ঠানত ব্ৰহ্মপুত্ৰ নদীক আৰাধনা কৰা হৈছিল। অনুষ্ঠানটি ২০১৭ চনৰ ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিল তাৰিখলৈকে অনুষ্ঠিত হৈছিল। ব্ৰহ্মপুত্ৰ নদীয়ে চুই যোৱা অসমৰ ২১ খন জিলাত এই উ ...

                                               

গেটওৱিয়ান

গেটওৱিয়ান হৈছে গেটৱে একাডেমী জুনিয়ৰ কলেজ,বাইহাটা চাৰিআলিৰ পৰা প্ৰকাশিত ই-মুখপত্ৰ । অসমৰ ভিতৰত এইখনেই প্ৰথমখন কোনো কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰভাৱে প্ৰকাশিত ই-মুখপত্ৰ ।

                                               

ফটাঢোল

ফটাঢোল অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া ই-আলোচনী। ২০১৭ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। প্ৰতি ইংৰাজী মাহৰ ১ তাৰিখে আলোচনীখন প্ৰকাশ পায়। ফেচবুকৰ ‘ফটাঢোল’ গোটৰ সদস্যসমূহে গোটত প্ৰকাশিত কৰা লেখাৰপৰা সম্পাদকে প্ৰকাশৰ বাবে উ ...

                                               

টাইম (আলোচনী)

টাইম হৈছে এখন আমেৰিকান সাপ্তাহিক সংবাদ আলোচনী আৰু সংবাদ ৱেবছাইট। টাইমৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চিটিত অৱস্থিত। ১৯২৩ চনৰ ৩ মাৰ্চত টাইম পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল। প্ৰভাৱশালী সহ-প্ৰতিষ্ঠাতা হেনৰি লুছে বহুকেইটা বছৰলৈকে টাইমৰ কাৰ্যভাৰ চলাই আছিল ...

                                               

ডিজিট (আলোচনী)

ডিজিট ৯.৯ মেডিয়াই প্ৰকাশ কৰি উলিওৱা এখন মাহেকীয়া প্ৰযুক্তিবিদ্যা, কম্পিউটাৰ আৰু ইলেকট্ৰনিকচ সামগ্ৰী সম্পৰ্কীয় আলোচনী। ভাৰতীয় পঢুৱৈ সমীক্ষা IRS 2011 ৰ মতে ডিজিটৰ নিয়মীয়া গ্ৰাহক প্ৰায় ২,২৯,০০০ জন। একেটা সমীক্ষাৰ মতে ডিজিট হৈছে ভাৰতৰ সৰ্বাধিক ...

                                               

ফিল্মফেয়াৰ

ফিল্মফেয়াৰ হ’ল হিন্দী চলচ্চিত্ৰৰ বিষয়ে এখন ইংৰাজী ভাষাৰ, টেবলয়ড আকাৰৰ আলোচনী। এই আলোচনীখন দ্য টাইম গ্ৰুপৰ দ্বাৰা প্ৰকাশিত হয়। ফিল্মফেয়াৰ ভাৰতৰ এক জনপ্ৰিয় বিনোদনধৰ্মী আলোচনী।

                                               

আৰ ইউ এফ্ৰেইদ অৱ দ্য ডাৰ্ক? (উপন্যাস)

আৰ ইউ এফ্ৰেইদ অৱ দ্য ডাৰ্ক? বিখ্যাত ৰহস্য ঔপন্যাসিক ছিডনী শ্বেলডন ৰচিত এক থ্ৰিলাৰ উপন্যাস। ২০০৪ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনেই তেওঁৰ শেষ উপন্যাস।

                                               

ইক্লিপ্স (উপন্যাস)

ইক্লিপ্স ষ্টিফেনি মেয়াৰৰ টোৱাইলাইট শৃংখলাৰ তৃতীয়খন উপন্যাস। ইয়াত বেলা স্বান আৰু ভেম্পায়াৰ প্ৰেমিক এডৱাৰ্ড কালেনৰ প্ৰেমৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকে। ছিয়াটল চহৰত হৈ থকা কিছুমান ৰহস্যময় ভেম্পায়াৰ আক্ৰমণৰ সময়তে ভেম্পায়াৰ প্ৰেম এডৱাৰ্ড আৰু পৰম ...

                                               

ইফ টুমৰ কামছ

ইফ টুমৰ কামছ ১৯৮৫ চনত ছিডনী শ্বেলডন ৰচিত এক অপৰাধ-কাহিনী মূলক উপন্যাস। মিছা অপৰাধত জেললৈ যাবলগীয়া হোৱা এক সাধাৰণ মহিলাই কিদৰে পিছত তাইক জেললৈ পঠিওৱা সকলৰ ওপৰত প্ৰতিশোধ লয় আৰু এক পাকৈত ঠগ হৈ পৰে তাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে।

                                               

টু কিল এ মকিংবাৰ্ড

টু কিল এ মকিংবাৰ্ড হৈছে আমেৰিকান লেখিকা হাৰ্পাৰ লীৰ দ্বাৰা ৰচিত এখন ইংৰাজী ভাষাৰ উপন্যাস। ১৯৬০ চনত প্ৰকাশিত উপন্যাসখন প্ৰকাশৰ লগে লগেই সফলতাৰ মুখ দেখে আৰু পুলিৎজাৰ বঁটা বুটলিবলৈ সক্ষম হয়। বৰ্তমানে উপন্যাসখনক আধুনিক আমেৰিকান সাহিত্যৰ এক ধ্ৰুপদী গ ...

                                               

টেল মী য়ৰ ড্ৰীম্‌ছ

উপন্যাসখনৰ প্ৰধান চৰিত্ৰ কেইটি হল আত্মকেন্দ্ৰিক,কৰ্মানুৰাগী গাভৰু এছলী পেটাৰছন,গান গাই আৰু নাচি ভাল পোৱা তেওঁৰ সহকৰ্মী টনী প্ৰেছকট আৰু ছবি আঁকি ভাল পোৱা লাজকুৰীয়া এলেট পীটাৰ্ছ তথা এছলীৰ দেউতাক। ইয়াৰে তিনিওজনী মহিলাৰ স্বভাৱ চৰিত্ৰ সম্পূৰ্ণ বেলেগ ...

                                               

টোৱাইলাইট (উপন্যাস)

টোৱাইলাইট হল ষ্টিফেনি মেয়াৰ ৰচিত ভেম্পায়াৰ-ৰোমাঞ্চ বিষয়এক উপন্যাস। এইখন হল টোৱাইলাইট শৃংখলাৰ প্ৰথমখনি উপন্যাস যত পাঠকৰ ১৭ বছৰীয়া ইজাবেলা "বেলা" স্বানৰ লগত পৰিচিতি ঘটে যিয়ে ফিনিক্স,এৰিজোনা এৰি ফোৰ্কছ,ৱাছিংটনলৈ আহি এডৱাৰ্ড কালেন নামৰ ভেম্পায়া ...

                                               

দ্য অল্ড মেন এণ্ড দ্য ছী

দি অল্ড মেন এণ্ড দা ছী ইংৰাজী: The Old Man and the Sea ১৯৫২ চনত প্ৰকাশিত আমেৰিকান সাহিত্যিক আৰ্ণেষ্ট হেমিঙৱেই লিখা এখন উপন্যাস। তেওঁ ১৯৫১ চনত কিউবাত উপন্যাসখন ৰচনা কৰিছিল। এইটোৱেই তেওঁৰ নিজৰ জীৱনকালত প্ৰকাশিত শেষ উল্লেখযোগ্য কাল্পনিক সাহিত্যকৰ্ম। ...

                                               

দ্য স্কাই ইজ ফলিং (২০০১ উপন্যাস)

যদি আমেৰিকাত এক ৰাজপৰিয়াল থাকিলহেতেন তেন্তে নিশ্চয়কৈ সেয়া ৱিনথ্ৰপ পৰিয়াল হলহেতেন। জনসেৱা,প্ৰচূৰ দান বৰঙনি আৰু গ্লেমাৰসম্পন্ন জীৱন যাপন আদিৰ জৰিয়তে গোটেই বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা ৱিনথ্ৰপ সকল প্ৰায় ভগৱানৰ শাৰীত পৰিছিল। কিন্তু এবছৰৰ ভিতৰ ...

                                               

নাথিং লাষ্টছ ফৰেভাৰ (১৯৯৪ উপন্যাস)

নাথিং লাষ্টছ ফৰেভাৰ ১৯৯৪ চনত ছিডনী শ্বেলডন ৰচিত এখন থ্ৰিলাৰ উপন্যাস। পুৰুষ নিয়ন্ত্ৰিত এক বৃত্তিত তিনিগৰাকী মহিলা চিকিত্সকে নিজকে প্ৰমাণ কৰাৰ এক কাহিনী ইয়াত বৰ্ণিত হৈছে। তেওঁলোক তিনিওৰে এক নিজস্ব কাহিনী আছে। কিন্তু হঠাত্ সকলো ওলট-পালট হৈ যায় ; ...

                                               

নিউ মুন (উপন্যাস)

নিউ মুন ষ্টিফেনি মেয়াৰ ৰচিত টোৱাইলাইট শৃংখলাৰ দ্বিতীয়খনি কাল্পনিক ৰোমাণ্টিক উপন্যাস। উপন্যাসখনত ইজাবেলা স্বান আৰু ভেম্পায়াৰ এডৱাৰ্ড কালেনৰ প্ৰেমকাহিনীয়ে এক নতুন মোৰ লাভ কৰে। এডৱাৰ্ডৰ ভায়েকে বেলাক আক্ৰমণ কৰাত বেলাৰ সুৰক্ষাৰ বাবে সি তাইক এৰি গ ...

                                               

ব্ৰেকিং ডন (উপন্যাস)

ব্ৰেকিং ডন আমেৰিকান ঔপন্যাসিকা ষ্টিফেনি মেয়াৰৰ টোৱাইলাইট শৃংখলাৰ চতুৰ্থ আৰু অন্তিমখনি উপন্যাস। তিনিটা খণ্ডত বিভক্ত এই উপন্যাসখনৰ প্ৰথম আৰু তৃতীয় খণ্ডটি বেলা স্বানৰ দৃষ্টিকোণৰ পৰা আৰু দ্বিতীয় খণ্ডটি জেকব ব্লেকৰ দৃষ্টিকোণৰ পৰা ৰচনা কৰা হৈছে। তৃত ...

                                               

লাষ্ট ফৰ লাইফ

লাষ্ট ফৰ লাইফ বিশ্ববিখ্যাত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ জীৱনৰ ওপৰত আধাৰিত এখন বিশ্ববিখ্যাত উপন্যাস। ১৯৩৪ চনত এইখন প্ৰকাশ হৈছিল আৰু এইখন লিখিছিল আৰভিং ষ্টনে। এই উপন্যাসখনৰ সৈতে একেনামৰ এখন চিনেমা নিৰ্মিত হৈছে, যিখন চাৰিটা একাডেমী বঁটাৰ বাবে মনোনীত ...

                                               

ৰেজ অৱ এঞ্জেল্‌ছ

ৰেজ অৱ এঞ্জেল্‌ছ ১৯৮০ চনত প্ৰকাশিত ছিডনী শ্বেলডনৰ এক উপন্যাস। এই উপন্যাসখনত জেনিফাৰ পাৰ্কাৰ নামৰ এগৰাকী মহিলা আইনবিদৰ কাহিনী আছে যিয়ে এক ভুল বুজাবুজিৰ পৰিণতিত জীৱনৰ সকলো আশা-সপোন হেৰুৱাই পেলায়। কালক্ৰমত জেনিফাৰে তাইৰ পুনৰুত্থানত সহায় কৰা এক ৰা ...

                                               

ৱিণ্ডমিলছ অৱ দ্য গডছ

কানছাছ ষ্টেট য়ুনিভাৰ্ছিটিৰ মেৰী এশ্বলীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি প’ল এলিছনে ৰাষ্ট্ৰদূতৰ পদবী আগবঢ়াই। কিন্তু স্বামী ডাo এডৱাৰ্ড এশ্বলীৰ কামত ব্যাঘাত জন্মাব নিবিচাৰি মেৰীয়ে সেই পদ প্ৰত্যাখ্যান কৰে কাৰণ এখন দেশৰ কাৰণে এজন ৰাষ্ট্ৰদূত বিচৰা ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →